ترجمهٔ معانی قرآن کریم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (52) سوره: سوره عنكبوت
قُلْ كَفٰی بِاللّٰهِ بَیْنِیْ وَبَیْنَكُمْ شَهِیْدًا ۚ— یَعْلَمُ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَالَّذِیْنَ اٰمَنُوْا بِالْبَاطِلِ وَكَفَرُوْا بِاللّٰهِ ۙ— اُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟
হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়ক, মই যি লৈ আহিছোঁ, ইয়াৰ সত্যতা আৰু তোমালোকৰ অস্বীকাৰৰ ক্ষেত্ৰত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত থকা সকলো বিষয়ে অৱগত। এই দুয়োৰ মাজত থকা একোৱেই তেওঁৰ পৰা গোপন নহয়। এতেকে যিসকল লোকে বাতিলৰ ওপৰত বিশ্বাস পোষণ কৰিছে, অৰ্থাৎ যিবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰা হয় সেইবোৰক সত্য বুলি মানি লৈছে, আৰু সেই আল্লাহৰ লগত কুফৰী কৰিছে, যিজন এককভাৱে ইবাদতৰ যোগ্য, সেইসকল লোকেই হৈছে প্ৰকৃততে ক্ষতিগ্ৰস্ত। কাৰণ সিহঁতে ঈমানৰ পৰিবৰ্তে কুফৰীক পছন্দ কৰিছে।
تفسیرهای عربی:
از فواید آیات این صفحه:
• مجادلة أهل الكتاب تكون بالتي هي أحسن.
আহলে কিতাবসকলৰ লগত উত্তমভাৱে বাদানুবাদ কৰা উচিত।

• الإيمان بجميع الرسل والكتب دون تفريق شرط لصحة الإيمان.
কোনো ভেদাভেদ নকৰাকৈ সকলো ৰাছুল আৰু ঐশীগ্ৰন্থৰ ওপৰত ঈমান পোষণ কৰাটোৱে হৈছে সঠিক ঈমানৰ দাবী।

• القرآن الكريم الآية الخالدة والحجة الدائمة على صدق النبي صلى الله عليه وسلم.
পৱিত্ৰ কোৰআন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতাৰ চিৰস্থায়ী নিদৰ্শন, তথা চিৰযুগমীয়া প্ৰমাণ।

 
ترجمهٔ معانی آیه: (52) سوره: سوره عنكبوت
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - لیست ترجمه ها

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

بستن