Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (5) سوره: جاثیه
وَاخْتِلَافِ الَّیْلِ وَالنَّهَارِ وَمَاۤ اَنْزَلَ اللّٰهُ مِنَ السَّمَآءِ مِنْ رِّزْقٍ فَاَحْیَا بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا وَتَصْرِیْفِ الرِّیٰحِ اٰیٰتٌ لِّقَوْمٍ یَّعْقِلُوْنَ ۟
দিন-ৰাতিৰ আৱৰ্তনৰ মাজত, আল্লাহে আকাশৰ পৰা বৰ্ষণ কৰা বৰষুণৰ মাজতো আছে নিদৰ্শন, সেই পানীৰ জৰিয়তেই আল্লাহে মৃত ভূমিক জীৱিত কৰি উদ্ভিদ আদি উৎপন্ন কৰে। লগতে বতাহৰ গতিবিধিৰ মাজতো আছে নিদৰ্শন, তোমালোকৰ সুবিধাৰ বাবেই কেতিয়াবা ইফালৰ পৰা আৰু কেতিয়াবা সিফালৰ পৰা বতাহ বলে। এইবোৰৰ মাজত বিবেকৱান লোকসকলৰ বাবে আছে শিক্ষা। তেওঁলোকে এইবোৰৰ দ্বাৰা আল্লাহৰ তাওহীদ আৰু পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ প্ৰমাণ লাভ কৰে। নিশ্চয় তেওঁ সকলো বিষয়ত ক্ষমতাৱান।
تفسیرهای عربی:
از فواید آیات این صفحه:
• الكذب والإصرار على الذنب والكبر والاستهزاء بآيات الله: صفات أهل الضلال، وقد توعد الله المتصف بها.
মিছা কথা কোৱা, গুনাহৰ ওপৰত অটল থকা, অহংকাৰ কৰা আৰু আল্লাহৰ আয়াতসমূহক উপহাসৰ পাত্ৰ বনোৱা আদি হৈছে পথভ্ৰষ্ট লোকৰ বৈশিষ্ট্য। এনেকুৱা স্বভাৱৰ লোকসকলক আল্লাহে সতৰ্কবাণী প্ৰদান কৰিছে।

• نعم الله على عباده كثيرة، ومنها تسخير ما في الكون لهم.
বান্দাসকলৰ ওপৰত আল্লাহৰ অসংখ্য নিয়ামত আছে। তাৰে অন্যতম হৈছে, তেওঁ বিশ্বজগতৰ সকলো বস্তুক সিহঁতৰ কৰ্মত নিয়োজিত কৰি ৰাখিছে।

• النعم تقتضي من العباد شكر المعبود الذي منحهم إياها.
নিয়ামতবোৰৰ দাবী হৈছে, বান্দাই উপাস্যৰ সেইবোৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত, যিবোৰ তেওঁ সিহঁতক প্ৰদান কৰিছে।

 
ترجمهٔ معانی آیه: (5) سوره: جاثیه
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن