Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (96) سوره: مائده
اُحِلَّ لَكُمْ صَیْدُ الْبَحْرِ وَطَعَامُهٗ مَتَاعًا لَّكُمْ وَلِلسَّیَّارَةِ ۚ— وَحُرِّمَ عَلَیْكُمْ صَیْدُ الْبَرِّ مَا دُمْتُمْ حُرُمًا ؕ— وَاتَّقُوا اللّٰهَ الَّذِیْۤ اِلَیْهِ تُحْشَرُوْنَ ۟
আল্লাহে তোমালোকৰ বাবে জলচৰ প্ৰাণী তথা সেইবোৰ জন্তু চিকাৰ কৰা হালাল ঘোষণা কৰিছে, যিবোৰ তোমালোকে সাগৰৰ পৰা জীৱিত অথবা মৃত অৱস্থাত সংগ্ৰহ কৰা। এই চিকাৰৰ জৰিয়তে ঘৰত থকা ব্যক্তিয়ে লাভান্বিত হ'ব তথা ভ্ৰমণকাৰীৰ ব্যক্তিৰ বাবেও আহাৰৰ যোগান হ'ব। আনহাতে হজ্জ তথা ওমৰাৰ এহৰামত থকা অৱস্থাত তোমালোকৰ ওপৰত স্থলৰ প্ৰাণী চিকাৰ কৰিবলৈ হাৰাম কৰা হৈছে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। কিয়নো ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
تفسیرهای عربی:
از فواید آیات این صفحه:
• الأصل في شعائر الله تعالى أنها جاءت لتحقيق مصالح العباد الدنيوية والأخروية، ودفع المضار عنهم.
আল্লাহ তাআলাৰ ধৰ্মীয় প্ৰতীকৰ উদ্দেশ্য হৈছে, বান্দাৰ ধৰ্মীয় তথা পাৰ্থিৱ প্ৰয়োজনীয়তা পূৰণ কৰা লগতে ক্ষতিকৰ বস্তুবোৰ দূৰ কৰা।

• عدم الإعجاب بالكثرة، فإنّ كثرة الشيء ليست دليلًا على حِلِّه أو طِيبه، وإنما الدليل يكمن في الحكم الشرعي.
সংখ্যাগৰিষ্ঠতাক লৈ আনন্দিত হোৱা উচিত নহয়, কিয়নো সংখ্যাগৰিষ্ঠতা কোনো বস্তুৰ ভাল অথবা হালাল হোৱাৰ প্ৰমাণ নহয়। বৰং ইয়াৰ বাবে চৰীয়তৰ দলীলৰ প্ৰয়োজন।

• من أدب المُسْتفتي: تقييد السؤال بحدود معينة، فلا يسوغ السؤال عما لا حاجة للمرء ولا غرض له فيه.
প্ৰশ্ন কৰাৰ এটা নীতি এই যে, প্ৰশ্নৰ নিৰ্দিষ্ট সীমা হোৱা উচিত, এনেকুৱা প্ৰশ্ন কৰা উচিত নহয়, যিটোত কোনো উদ্দেশ্য নাই বা কোনো প্ৰয়োজন নাই।

• ذم مسالك المشركين فيما اخترعوه وزعموه من محرمات الأنعام ك: البَحِيرة، والسائبة، والوصِيلة، والحامي.
মুশ্বৰিকসকলৰ নীতিক ভৰ্ত্সনা কৰিছে, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কৈছে যে, আল্লাহে বাহীৰা, ছায়েবা, অছীলা তথা হামী আদি জন্তুক হাৰাম কৰিছে।

 
ترجمهٔ معانی آیه: (96) سوره: مائده
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن