Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (121) سوره: انعام
وَلَا تَاْكُلُوْا مِمَّا لَمْ یُذْكَرِ اسْمُ اللّٰهِ عَلَیْهِ وَاِنَّهٗ لَفِسْقٌ ؕ— وَاِنَّ الشَّیٰطِیْنَ لَیُوْحُوْنَ اِلٰۤی اَوْلِیٰٓـِٕهِمْ لِیُجَادِلُوْكُمْ ۚ— وَاِنْ اَطَعْتُمُوْهُمْ اِنَّكُمْ لَمُشْرِكُوْنَ ۟۠
হে মুছলিমসকল! তোমালোকে সেইবোৰ জন্তুৰ মাংস ভক্ষণ নকৰিবা যিবোৰ যবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই। যদিও বেলেগৰ নাম লোৱা হওঁক বা নহওঁক। এনেকুৱা মাংস ভক্ষণ কৰিলে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ হৈ তেওঁৰ অবাধ্যতাত পতিত হয়। প্ৰকৃততে চয়তানে তাৰ সহায়ক সকলৰ অন্তৰত সংশয় সৃষ্টি কৰে, যাতে সিহঁতে তোমালোকৰ লগত মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে তৰ্ক কৰিব পাৰে। হে মুছলিমসকল! মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে সিহঁতে সৃষ্টি কৰা সংশয়ৰ যদি তোমালোকে অনুসৰণ কৰা তেন্তে তোমালোকেও শ্বিৰ্কত সিহঁতৰ শ্ৰেণীভুক্ত হৈ যাবা।
تفسیرهای عربی:
از فواید آیات این صفحه:
• الأصل في الأشياء والأطعمة الإباحة، وأنه إذا لم يرد الشرع بتحريم شيء منها فإنه باق على الإباحة.
খাদ্য দ্ৰৱ্য আৰু সাধাৰণ বস্তুবোৰ মূলতে হৈছে হালাল। যেতিয়া লৈকে চৰীয়তে কোনো বস্তুক হাৰাম বুলি চিহ্নিত নকৰে, তেতিয়া লৈকে সেইটো হালাল বুলিয়ে গণ্য হ'ব।

• كل من تكلم في الدين بما لا يعلمه، أو دعا الناس إلى شيء لا يعلم أنه حق أو باطل، فهو معتدٍ ظالم لنفسه وللناس، وكذلك كل من أفتى وليس هو بكفء للإفتاء.
প্ৰত্যেক সেই ব্যক্তি, যিয়ে দ্বীন সম্পৰ্কে তথ্য নোহোৱাকৈ কথা কয় অথবা মানুহক এনেকুৱা বিষয়ৰ প্ৰতি আহ্বান কৰে যি বিষয়ে সি নাজানে যে, সেইটো সত্য নে অসত্য, তেনেকুৱা ব্যক্তি সীমালংঘনকাৰী তথা নিজৰ ওপৰত আৰু আনৰ ওপৰত অন্যায়কাৰী। এইটোৱে প্ৰত্যেক সেই ব্যক্তিৰ অৱস্থা, যিয়ে ফতোৱা দিয়ে কিন্তু সি ফতোৱা দিয়াৰ যোগ্য নহয়।

• منفعة المؤمن ليست مقتصرة على نفسه، بل مُتَعدِّية لغيره من الناس.
মুমিনৰ স্বাৰ্থকতা কেৱল নিজৰ ওপৰতে সীমিত নহয়, বৰং নিজৰ লগতে আনৰ বাবেও।

 
ترجمهٔ معانی آیه: (121) سوره: انعام
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن