Check out the new design

ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم * - لیست ترجمه ها


ترجمهٔ معانی آیه: (63) سوره: اعراف
اَوَعَجِبْتُمْ اَنْ جَآءَكُمْ ذِكْرٌ مِّنْ رَّبِّكُمْ عَلٰی رَجُلٍ مِّنْكُمْ لِیُنْذِرَكُمْ وَلِتَتَّقُوْا وَلَعَلَّكُمْ تُرْحَمُوْنَ ۟
তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা এজন ব্যক্তিয়ে অহী তথা উপদেশ লৈ আহিছে যাক তোমালোকে চিনি পোৱা? তেওঁ দেখোন তোমালোকৰ মাজতেই ডাঙৰ দীঘল হৈছে। তেওঁ মিছলীয়াও নহয় আৰু পথভ্ৰষ্টও নহয়। আন কোনো জাতিৰো নহয়। তেওঁ তোমালোকৰ ওচৰত এই কাৰণে আহিছে যে, যদি তোমালোকে অস্বীকাৰ কৰা তথা অবাধ্যতা কৰা তেন্তে তেওঁ তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিব। যাতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা আঁতৰি থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব পাৰা। লগতে যদি তোমালোকে ঈমান পোষণ কৰা তেন্তে তোমালোকৰ প্ৰতি যাতে কৃপা কৰা হয়।
تفسیرهای عربی:
از فواید آیات این صفحه:
• الأرض الطيبة مثال للقلوب الطيبة حين ينزل عليها الوحي الذي هو مادة الحياة، وكما أن الغيث مادة الحياة، فإن القلوب الطيبة حين يجيئها الوحي، تقبله وتعلمه وتنبت بحسب طيب أصلها، وحسن عنصرها، والعكس.
পৱিত্ৰ অন্তৰৰ উদাহৰণ হৈছে উৎকৃষ্ট ভূমি। অহী আৰু বৰষুণ দুয়োটাই জীৱনৰ মূল। পৱিত্ৰ অন্তৰৰ সম্পৰ্ক যেতিয়া অহীৰ সৈতে হয় তেতিয়া সেইটো গ্ৰহণ কৰি লয়। আৰু শিকিবলৈ আৰম্ভ কৰে লগতে পৱিত্ৰতা অনুপাতে আগুৱাই যায়। আনহাতে যদি অন্তৰ পৱিত্ৰ নহয় তেন্তে বিপৰীত দিশত গতি কৰে।

• الأنبياء والمرسلون يشفقون على الخلق أعظم من شفقة آبائهم وأمهاتهم.
নবী আৰু ৰাছুলসকল সৃষ্টিৰ প্ৰতি সিহঁতৰ পিতৃ-মাতৃতকৈও অধিক দয়ালু।

• من سُنَّة الله إرسال كل رسول من قومه وبلسانهم؛ تأليفًا لقلوب الذين لم تفسد فطرتهم، وتيسيرًا على البشر.
আল্লাহৰ এটা নীতি হৈছে এই যে, তেওঁ যি জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰে, সেইজন ৰাছুল সেই জাতিৰেই এজন সদস্য তথা সিহঁতৰেই ভাষাভাষী হয়।

• من أعظم السفهاء من قابل الحق بالرد والإنكار، وتكبر عن الانقياد للعلماء والنصحاء، وانقاد قلبه وقالبه لكل شيطان مريد.
সেই ব্যক্তি আটাইতকৈ বিবেকহীন, যিয়ে সত্যক খণ্ডন কৰিবলৈ দুঃসাহস কৰে আৰু অস্বীকাৰ কৰে। শুভাকাংক্ষী তথা উলামাসকলৰ অনুসৰণ কৰিবলৈ অহংকাৰ কৰে আৰু সম্পূৰ্ণৰূপে চয়তানৰ অনুসৰণ কৰে।

 
ترجمهٔ معانی آیه: (63) سوره: اعراف
فهرست سوره ها شماره صفحه
 
ترجمهٔ معانی قرآن کریم - ترجمه‌ى آسامی كتاب مختصر در تفسير قرآن كريم - لیست ترجمه ها

مرکز تفسیر و پژوهش‌های قرآنی آن را منتشر كرده است.

بستن