next

আল-বাক্বাৰাহ

prev

1 : 2

الٓمّٓ ۟ۚ

আলিফ-লাম-মীম। [1]
info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। কোৰআনৰ কেইবাটাও ছুৰা এনেকুৱা আখৰেৰে আৰম্ভ হৈছে। দৰাচলতে এইবোৰ হৈছে কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হ’লে এইবোৰৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইবোৰ নিৰৰ্থকভাৱে ব্যৱহাৰ হোৱা নাই। কাৰণ কোৰআনত প্ৰজ্ঞাহীন একোৱেই নাই। এইবোৰ আখৰ ব্যৱহাৰ হোৱাৰ অন্যতম এটা প্ৰজ্ঞা হৈছে এই যে, এইবোৰ আখৰৰ দ্বাৰা মুশ্বৰিকসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, এইবোৰ আখৰৰ দ্বাৰাই কোৰআনৰ বাক্য সজোৱা হৈছে, যিবোৰ আখৰ সম্পৰ্কে সিহঁত আগৰ পৰাই অৱগত, এইবোৰৰ দ্বাৰাই সিহঁতে কথা কয়, তথাপিও ইয়াৰ অনুৰূপ গ্ৰন্থ ৰচনা কৰিবলৈ সিহঁত অক্ষম। যদিও সিহঁত ভাষাজ্ঞানত অত্যন্ত পাৰ্গত। গতিকে এইটোৱে প্ৰমাণ কৰে যে, এইখন হৈছে আল্লাহৰ পৰা অৱতীৰ্ণ গ্ৰন্থ।

التفاسير: |

2 : 2

ذٰلِكَ الْكِتٰبُ لَا رَیْبَ ۖۚۛ— فِیْهِ ۚۛ— هُدًی لِّلْمُتَّقِیْنَ ۟ۙ

এইখন সেই গ্ৰন্থ; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে (এইখন) পথ-নিৰ্দেশক।
info
التفاسير: |

3 : 2

الَّذِیْنَ یُؤْمِنُوْنَ بِالْغَیْبِ وَیُقِیْمُوْنَ الصَّلٰوةَ وَمِمَّا رَزَقْنٰهُمْ یُنْفِقُوْنَ ۟ۙ

যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে।
info
التفاسير: |

4 : 2

وَالَّذِیْنَ یُؤْمِنُوْنَ بِمَاۤ اُنْزِلَ اِلَیْكَ وَمَاۤ اُنْزِلَ مِنْ قَبْلِكَ ۚ— وَبِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ۟ؕ

আৰু যিসকলে ঈমান পোষণ কৰে তাৰ ওপৰত, যি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে আৰু যি তোমাৰ পূৰ্বে অৱতীৰ্ণ কৰা হৈছিল আৰু আখিৰাতৰ প্ৰতি তেওঁলোক পূৰ্ণ বিশ্বাসী।
info
التفاسير: |

5 : 2

اُولٰٓىِٕكَ عَلٰی هُدًی مِّنْ رَّبِّهِمْ ۗ— وَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟

তেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
info
التفاسير: |
next

আল-বাক্বাৰাহ

prev
:
0:00 0:00