next

আল-হাশ্বৰ

prev

1 : 59

سَبَّحَ لِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ۚ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟

আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰেই আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময়। info
التفاسير: |

2 : 59

هُوَ الَّذِیْۤ اَخْرَجَ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ مِنْ دِیَارِهِمْ لِاَوَّلِ الْحَشْرِ ؔؕ— مَا ظَنَنْتُمْ اَنْ یَّخْرُجُوْا وَظَنُّوْۤا اَنَّهُمْ مَّا نِعَتُهُمْ حُصُوْنُهُمْ مِّنَ اللّٰهِ فَاَتٰىهُمُ اللّٰهُ مِنْ حَیْثُ لَمْ یَحْتَسِبُوْا وَقَذَفَ فِیْ قُلُوْبِهِمُ الرُّعْبَ یُخْرِبُوْنَ بُیُوْتَهُمْ بِاَیْدِیْهِمْ وَاَیْدِی الْمُؤْمِنِیْنَ ۗ— فَاعْتَبِرُوْا یٰۤاُولِی الْاَبْصَارِ ۟

আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল তেৱেঁই সিহঁতক প্ৰথম সমাবেশৰ বাবে সিহঁতৰ আবাসভূমিৰ পৰা বিতাৰিত কৰিছিল। তোমালোকে কল্পনাও কৰা নাছিলা যে সিহঁত নিৰ্বাসিত হ’ব; আৰু সিহঁতেও ভাবিছিল যে, সিহঁতৰ দুৰ্গসমূহে সিহঁতক আল্লাহৰ (শাস্তিৰ) পৰা ৰক্ষা কৰিব; কিন্তু সিহঁতৰ ওচৰলৈ আল্লাহৰ আযাব এনেকুৱা ঠাইৰ পৰা আহিল যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল; আৰু সিহঁতৰ অন্তৰত আতংক সঞ্চাৰ কৰিলে। ফলত সিহঁতে নিজ হাতেৰে আৰু মুমিনসকলৰ হতোৱাই নিজৰ ঘৰ-দুৱাৰ ধ্বংস কৰিলে; এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল! তোমালোকে উপদেশ গ্ৰহণ কৰা। info
التفاسير: |

3 : 59

وَلَوْلَاۤ اَنْ كَتَبَ اللّٰهُ عَلَیْهِمُ الْجَلَآءَ لَعَذَّبَهُمْ فِی الدُّنْیَا ؕ— وَلَهُمْ فِی الْاٰخِرَةِ عَذَابُ النَّارِ ۟

আৰু যদি আল্লাহে সিহঁতৰ বাবে নিৰ্বাসনদণ্ড লিপিবদ্ধ নকৰিলেহেঁতেন, তেন্তে তেওঁ নিশ্চয় সিহঁতক পৃথিৱীতেই (বেলেগ কোনো) শাস্তি বিহিলেহেঁতেন; আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। info
التفاسير: |
next

আল-হাশ্বৰ

prev
:
0:00 0:00