Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (87) સૂરહ: હૂદ
قَالُوْا یٰشُعَیْبُ اَصَلٰوتُكَ تَاْمُرُكَ اَنْ نَّتْرُكَ مَا یَعْبُدُ اٰبَآؤُنَاۤ اَوْ اَنْ نَّفْعَلَ فِیْۤ اَمْوَالِنَا مَا نَشٰٓؤُا ؕ— اِنَّكَ لَاَنْتَ الْحَلِیْمُ الرَّشِیْدُ ۟
ছোআইব আলাইহিছ ছালামৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে ছোআইব! তোমাৰ ছালাত, যিটো তুমি আল্লাহৰ বাবে আদায় কৰা, তোমাক এই আদেশ দিয়ে নেকি যে, আমি যেন সেইবোৰ মূৰ্তিৰ উপাসনা এৰি দিওঁ যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। আৰু এই আদেশ দিয়ে নেকি যে, আমি যেন আমাৰ সম্পত্তিত আমাৰ ইচ্ছানুযায়ী একো কৰিব নোৱাৰো আৰু আমি যাতে আমাৰ সম্পত্তি ইচ্ছানুযায়ী বৃদ্ধিও কৰিব নোৱাৰো? নিশ্চয় তুমি এজন সহনশীল তথা পূণ্যৱান লোক। কাৰণ এই আহ্বানৰ পূৰ্বে আমি তোমাক এজন বিবেকৱান তথা প্ৰজ্ঞাৱান লোক হিচাপে পাইছিলো। কিন্তু এতিয়া তোমাৰ কি হৈছে?
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• من سنن الله إهلاك الظالمين بأشد العقوبات وأفظعها.
আল্লাহৰ অন্যতম এটা নিয়ম হৈছে এই যে, তেওঁ অন্যায়কাৰীসকলক কঠিন শাস্তি প্ৰদান কৰি ধ্বংস কৰে।

• حرمة نقص الكيل والوزن وبخس الناس حقوقهم.
জোখ-মাখত কম দিয়া আৰু মানুহৰ অধিকাৰ খৰ্ব কৰা হাৰাম।

• وجوب الرضا بالحلال وإن قل.
হালালৰ প্ৰতি সন্তুষ্ট থকা অপৰিহাৰ্য, যদিও সেয়া নগন্য হয়।

• فضل الأمر بالمعروف والنهي عن المنكر، ووجوب العمل بما يأمر الله به، والانتهاء عما ينهى عنه.
সত্কৰ্মৰ আদেশ দিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰাৰ গুৰুত্ব, লগতে আল্লাহৰ আদেশ মতে আমল কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থকা অনিবাৰ্য।

 
શબ્દોનું ભાષાંતર આયત: (87) સૂરહ: હૂદ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો