કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ

external-link copy
5 : 40

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ وَّالْاَحْزَابُ مِنْ بَعْدِهِمْ ۪— وَهَمَّتْ كُلُّ اُمَّةٍ بِرَسُوْلِهِمْ لِیَاْخُذُوْهُ وَجٰدَلُوْا بِالْبَاطِلِ لِیُدْحِضُوْا بِهِ الْحَقَّ فَاَخَذْتُهُمْ ۫— فَكَیْفَ كَانَ عِقَابِ ۟

ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ জাতিয়েও অস্বীকাৰ কৰিছিল। আনকি নূহ সম্প্ৰদায়ৰ পিছত বহুতো সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল। এতেকে আদ, ছামূদ আৰু লূত সম্প্ৰদায়, মাদিয়ানবাসী আৰু ফিৰআউনেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক উম্মতেই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰি হত্যা কৰাৰ সংকল্প কৰিছিল। সিহঁতে সত্যক প্ৰতিহত কৰিবলৈ অসত্যৰ জৰিয়তে বাদানুবাদ কৰিছিল। ফলত আমি সেই সকলো উম্মতক কৰায়ত্ত কৰিছিলোঁ। এতিয়া চিন্তা কৰি চাওক, সিহঁতৰ ওপৰত আমাৰ শাস্তি কেনেকুৱা আছিল। কিয়নো সিহঁতক যি শাস্তি দিয়া হৈছিল, অতি কঠোৰ আছিল। info
التفاسير:
આયતોના ફાયદાઓ માંથી:
• الجمع بين الترغيب في رحمة الله، والترهيب من شدة عقابه: مسلك حسن.
আল্লাহৰ ৰহমত কামনা কৰা আৰু তেওঁৰ শাস্তিক ভয় কৰা, এই দুয়োটা বস্তু সমান্তৰালভাৱে থকাটো হৈছে উত্তম পন্থা। info

• الثناء على الله بتوحيده والتسبيح بحمده أدب من آداب الدعاء.
আল্লাহৰ তাওহীদ স্বীকাৰ কৰি তেওঁৰ গুণগান কৰা, আৰু প্ৰশংসাৰ সৈতে তেওঁৰ তাছবীহ পাঠ কৰা, এইটো হৈছে দুআ কৰাৰ এটা অন্যতম পদ্ধতি। info

• كرامة المؤمن عند الله؛ حيث سخر له الملائكة يستغفرون له.
আল্লাহৰ ওচৰত মুমিনসকলৰ বিশেষ মৰ্যাদা আছে, সেইকাৰণেই আল্লাহে মুমিনসকলৰ বাবে ফিৰিস্তা নিয়োজিত কৰি ৰাখিছে, যিসকলে মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। info