Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ * - ભાષાંતરોની અનુક્રમણિકા


શબ્દોનું ભાષાંતર આયત: (54) સૂરહ: અલ્ અઅરાફ
اِنَّ رَبَّكُمُ اللّٰهُ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ فِیْ سِتَّةِ اَیَّامٍ ثُمَّ اسْتَوٰی عَلَی الْعَرْشِ ۫— یُغْشِی الَّیْلَ النَّهَارَ یَطْلُبُهٗ حَثِیْثًا ۙ— وَّالشَّمْسَ وَالْقَمَرَ وَالنُّجُوْمَ مُسَخَّرٰتٍ بِاَمْرِهٖ ؕ— اَلَا لَهُ الْخَلْقُ وَالْاَمْرُ ؕ— تَبٰرَكَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟
হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেই আল্লাহ, যিয়ে আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো উপমা নোহোৱাকৈ ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ নিজৰ মৰ্যদানুসাৰে আৰশ্বৰ ওপৰত উঠিছে। ইয়াৰ ধৰণ সম্পৰ্কে আমি জ্ঞাত নহয়। তেৱেঁই দিনৰ পোহৰৰ পৰা ৰাতিৰ অন্ধকাৰক আৰু ৰাতিৰ অন্ধকাৰৰ পৰা দিনৰ পোহৰক আঁতৰাই দিয়ে। ৰাতি আৰু দিন উভয়ে, ইটোৱে সিটোক দ্ৰুত গতিত অনুসৰণ কৰি আছে। এটা যোৱাৰ লগে লগে দ্বিতীয়টো আহি পৰে। তেৱেঁই সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰ সৃষ্টি কৰিছে। তেওঁৰ আদেশতেই সকলো পৰিচালিত হৈ আছে। জানি থোৱা! সকলোৰে স্ৰষ্টা একমাত্ৰ আল্লাহ তাআলা। তেওঁৰ বাহিৰে আন কোনো স্ৰষ্টা আছেনে? আদেশ কেৱল তেওঁৰ চলে। তেওঁৰ অনুগ্ৰহ তথা উপকাৰ অসীম। তেৱেঁই প্ৰতাপ আৰু পূৰ্ণতাৰ বিশেষণেৰে বিশেষিত। বিশ্বজগতৰ একমাত্ৰ তেৱেঁই প্ৰতিপালক।
અરબી તફસીરો:
આયતોના ફાયદાઓ માંથી:
• القرآن الكريم كتاب هداية فيه تفصيل ما تحتاج إليه البشرية، رحمة من الله وهداية لمن أقبل عليه بقلب صادق.
পৱিত্ৰ কোৰআন হৈছে এখন পথপ্ৰদৰ্শনকাৰী পুথি। তাত সেই সকলো কথাৰ বৰ্ণনা আছে যিবোৰ মানৱতাৰ বাবে অতি প্ৰয়োজনীয়। এইখন হৈছে আল্লাহৰ কৃপা আৰু সেই ব্যক্তিৰ বাবে হিদায়ত যিয়ে সঁচা অৰ্থত ইয়াক গ্ৰহণ কৰিব।

• خلق الله السماوات والأرض في ستة أيام لحكمة أرادها سبحانه، ولو شاء لقال لها: كوني فكانت.
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক কিবা ৰহস্যজনিত কাৰণে ছয় দিনত সৃষ্টি কৰিছে, অন্যথা তেওঁ ইচ্ছা কৰিলে কেৱল ‘হ’ বুলি ক'লেই হৈ গ'লহেঁতেন।

• يتعين على المؤمنين دعاء الله تعالى بكل خشوع وتضرع حتى يستجيب لهم بفضله.
মুমিনসকলে আল্লাহক নম্ৰতা তথা সম্পূৰ্ণ বিনয় সহকাৰে আহ্বান কৰা উচিত, যাতে আল্লাহে নিজৰ অনুগ্ৰহত তেওঁলোকৰ দুআ কবূল কৰে।

• الفساد في الأرض بكل صوره وأشكاله منهيٌّ عنه.
পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা নিষিদ্ধ, সেয়া যিকোনো ৰূপতে নহওঁক কিয়।

 
શબ્દોનું ભાષાંતર આયત: (54) સૂરહ: અલ્ અઅરાફ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - અસમિયા ભાષામાં અલ્ મુખ્તસર ફી તફસીરિલ્ કુરઆનીલ્ કરીમ કિતાબનું અનુવાદ - ભાષાંતરોની અનુક્રમણિકા

તફસીર લિદ્ દિરાસતીલ્ કુરઆનિયહ કેન્દ્ર દ્વારા પ્રકાશિત.

બંધ કરો