Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન * - ભાષાંતરોની અનુક્રમણિકા

PDF XML CSV Excel API
Please review the Terms and Policies

શબ્દોનું ભાષાંતર સૂરહ: યૂનુસ   આયત:
اَلَاۤ اِنَّ اَوْلِیَآءَ اللّٰهِ لَا خَوْفٌ عَلَیْهِمْ وَلَا هُمْ یَحْزَنُوْنَ ۟ۚ
জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
અરબી તફસીરો:
الَّذِیْنَ اٰمَنُوْا وَكَانُوْا یَتَّقُوْنَ ۟ؕ
যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল।
અરબી તફસીરો:
لَهُمُ الْبُشْرٰی فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ؕ— لَا تَبْدِیْلَ لِكَلِمٰتِ اللّٰهِ ؕ— ذٰلِكَ هُوَ الْفَوْزُ الْعَظِیْمُ ۟ؕ
তেওঁলোকৰ বাবেই আছে সুসংবাদ পাৰ্থিৱ জীৱনত আৰু আখিৰাততো, আল্লাহৰ বাণীৰ কোনো পৰিবৰ্তন নাই; এইটোৱেই হৈছে মহাসফলতা।
અરબી તફસીરો:
وَلَا یَحْزُنْكَ قَوْلُهُمْ ۘ— اِنَّ الْعِزَّةَ لِلّٰهِ جَمِیْعًا ؕ— هُوَ السَّمِیْعُ الْعَلِیْمُ ۟
আৰু সিহঁতৰ কথাই যাতে তোমাক চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ মান-মৰ্যাদা কেৱল আল্লাহৰ বাবেই; তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
અરબી તફસીરો:
اَلَاۤ اِنَّ لِلّٰهِ مَنْ فِی السَّمٰوٰتِ وَمَنْ فِی الْاَرْضِ ؕ— وَمَا یَتَّبِعُ الَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ شُرَكَآءَ ؕ— اِنْ یَّتَّبِعُوْنَ اِلَّا الظَّنَّ وَاِنْ هُمْ اِلَّا یَخْرُصُوْنَ ۟
জানি থোৱা! নিশ্চয় যিসকল আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই; আৰু যিসকলে আল্লাহৰ বাহিৰে আনক শ্বৰীকৰূপে আহ্বান কৰে, সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱলমাত্ৰ ধাৰণাৰহে অনুসৰণ কৰে, লগতে সিহঁতে কেৱল মিছা কথাহে কয়।
અરબી તફસીરો:
هُوَ الَّذِیْ جَعَلَ لَكُمُ الَّیْلَ لِتَسْكُنُوْا فِیْهِ وَالنَّهَارَ مُبْصِرًا ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یَّسْمَعُوْنَ ۟
তেৱেঁই সেই সত্তা, যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ (সৃষ্টি কৰিছে) দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহুতো নিদৰ্শন।
અરબી તફસીરો:
قَالُوا اتَّخَذَ اللّٰهُ وَلَدًا سُبْحٰنَهٗ ؕ— هُوَ الْغَنِیُّ ؕ— لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— اِنْ عِنْدَكُمْ مِّنْ سُلْطٰنٍ بِهٰذَا ؕ— اَتَقُوْلُوْنَ عَلَی اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟
সিহঁতে কয়, ‘আল্লাহে সন্তান গ্ৰহণ কৰিছে’। তেওঁ মহান পৱিত্ৰ! তেওঁ অভাৱমুক্ত! আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণো নাই। তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা?
અરબી તફસીરો:
قُلْ اِنَّ الَّذِیْنَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ لَا یُفْلِحُوْنَ ۟ؕ
কোৱা, ‘যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, সিহঁত কেতিয়াও সফল হ’ব নোৱাৰিব’।
અરબી તફસીરો:
مَتَاعٌ فِی الدُّنْیَا ثُمَّ اِلَیْنَا مَرْجِعُهُمْ ثُمَّ نُذِیْقُهُمُ الْعَذَابَ الشَّدِیْدَ بِمَا كَانُوْا یَكْفُرُوْنَ ۟۠
পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফুৰী কৰিছিল।
અરબી તફસીરો:
 
શબ્દોનું ભાષાંતર સૂરહ: યૂનુસ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન - ભાષાંતરોની અનુક્રમણિકા

તેનું અનુવાદ રફીકુલ્ ઇસ્લામ હબીબુર્ રહમાન દ્વારા કરવામાં આવ્યું.

બંધ કરો