Check out the new design

કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન * - ભાષાંતરોની અનુક્રમણિકા

PDF XML CSV Excel API
Please review the Terms and Policies

શબ્દોનું ભાષાંતર સૂરહ: સૉદ   આયત:
وَوَهَبْنَا لَهٗۤ اَهْلَهٗ وَمِثْلَهُمْ مَّعَهُمْ رَحْمَةً مِّنَّا وَذِكْرٰی لِاُولِی الْاَلْبَابِ ۟
আৰু আমি তেওঁক দান কৰিছিলোঁ তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো, আমাৰ ফালৰ পৰা অনুগ্ৰহ হিচাপে আৰু বোধশক্তিসম্পন্ন লোকসকলৰ বাবে উপদেশ হিচাপে।
અરબી તફસીરો:
وَخُذْ بِیَدِكَ ضِغْثًا فَاضْرِبْ بِّهٖ وَلَا تَحْنَثْ ؕ— اِنَّا وَجَدْنٰهُ صَابِرًا ؕ— نِّعْمَ الْعَبْدُ ؕ— اِنَّهٗۤ اَوَّابٌ ۟
লগতে (আমি তেওঁক আদেশ কৰিছিলোঁ) ‘তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা তথাপিও শপত ভংগ নকৰিবা’। নিশ্চয় আমি তেওঁক ধৈৰ্য্যশীল পাইছিলোঁ। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।
અરબી તફસીરો:
وَاذْكُرْ عِبٰدَنَاۤ اِبْرٰهِیْمَ وَاِسْحٰقَ وَیَعْقُوْبَ اُولِی الْاَیْدِیْ وَالْاَبْصَارِ ۟
আৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।
અરબી તફસીરો:
اِنَّاۤ اَخْلَصْنٰهُمْ بِخَالِصَةٍ ذِكْرَی الدَّارِ ۟ۚ
নিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলোঁ, সেয়া আছিল আখিৰাতৰ স্মৰণ।
અરબી તફસીરો:
وَاِنَّهُمْ عِنْدَنَا لَمِنَ الْمُصْطَفَیْنَ الْاَخْیَارِ ۟ؕ
নিশ্চয় তেওঁলোক আছিল আমাৰ মনোনীত উত্তম বান্দাসকলৰ অন্যতম।
અરબી તફસીરો:
وَاذْكُرْ اِسْمٰعِیْلَ وَالْیَسَعَ وَذَا الْكِفْلِ ؕ— وَكُلٌّ مِّنَ الْاَخْیَارِ ۟ؕ
আৰু স্মৰণ কৰা, ইছমাঈল, আল-য়াচাআ আৰু জুল-কিফলৰ কথা, এওঁলোক আটায়ে আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।
અરબી તફસીરો:
هٰذَا ذِكْرٌ ؕ— وَاِنَّ لِلْمُتَّقِیْنَ لَحُسْنَ مَاٰبٍ ۟ۙ
এইটো এটা স্মৰণ। নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে উত্তম আবাস,
અરબી તફસીરો:
جَنّٰتِ عَدْنٍ مُّفَتَّحَةً لَّهُمُ الْاَبْوَابُ ۟ۚ
চিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত থাকিব।
અરબી તફસીરો:
مُتَّكِـِٕیْنَ فِیْهَا یَدْعُوْنَ فِیْهَا بِفَاكِهَةٍ كَثِیْرَةٍ وَّشَرَابٍ ۟
তাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফলমূল আৰু পানীয় আনিবলৈ ক’ব।
અરબી તફસીરો:
وَعِنْدَهُمْ قٰصِرٰتُ الطَّرْفِ اَتْرَابٌ ۟
আৰু তেওঁলোকৰ ওচৰত থাকিব আনতনয়না সমবয়সীয়া (গাভুৰু ছোৱালীসকল)।
અરબી તફસીરો:
هٰذَا مَا تُوْعَدُوْنَ لِیَوْمِ الْحِسَابِ ۟
এইটোৱে হৈছে হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।
અરબી તફસીરો:
اِنَّ هٰذَا لَرِزْقُنَا مَا لَهٗ مِنْ نَّفَادٍ ۟ۚۖ
নিশ্চয় এইটোৱে হৈছে আমি প্ৰদান কৰা ৰিজিক্ব (জীৱিকা), যিটো কেতিয়াও নিঃশেষ নহ’ব।
અરબી તફસીરો:
هٰذَا ؕ— وَاِنَّ لِلطّٰغِیْنَ لَشَرَّ مَاٰبٍ ۟ۙ
এইটোৱেই (হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান)। আনহাতে নিশ্চয় সীমালংঘনকাৰীবিলাকৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তনস্থল,
અરબી તફસીરો:
جَهَنَّمَ ۚ— یَصْلَوْنَهَا ۚ— فَبِئْسَ الْمِهَادُ ۟
জাহান্নাম, তাত সিহঁতে অগ্নিদগ্ধ হ’ব, (এয়া) কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
અરબી તફસીરો:
هٰذَا ۙ— فَلْیَذُوْقُوْهُ حَمِیْمٌ وَّغَسَّاقٌ ۟ۙ
এইটোৱেই (হৈছে অবিশ্বাসীসকলৰ প্ৰতিদান)। এতেকে সিহঁতে উতলা পানী আৰু গেলা-পূঁজৰ সোৱাদ লওক।
અરબી તફસીરો:
وَّاٰخَرُ مِنْ شَكْلِهٖۤ اَزْوَاجٌ ۟ؕ
আৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি।
અરબી તફસીરો:
هٰذَا فَوْجٌ مُّقْتَحِمٌ مَّعَكُمْ ۚ— لَا مَرْحَبًا بِهِمْ ؕ— اِنَّهُمْ صَالُوا النَّارِ ۟
(জাহান্নামী নেতাসকলক কোৱা হ’ব) এয়া হৈছে এটা বাহিনী, যিসকল তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। (সিহঁতে ক’ব) সিহঁতৰ বাবে কোনো অভিনন্দন নাই। নিশ্চয় সিহঁত জুইত জ্বলিব।
અરબી તફસીરો:
قَالُوْا بَلْ اَنْتُمْ ۫— لَا مَرْحَبًا بِكُمْ ؕ— اَنْتُمْ قَدَّمْتُمُوْهُ لَنَا ۚ— فَبِئْسَ الْقَرَارُ ۟
অনুসাৰীসকলে ক’ব, ‘বৰং তোমালোকেও (জুইত জ্বলিবা), তোমালোকৰ বাবেও কোনো অভিনন্দন নাই। তোমালোকেই আমাৰ বাবে এই বিপদ মাতি আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল!’
અરબી તફસીરો:
قَالُوْا رَبَّنَا مَنْ قَدَّمَ لَنَا هٰذَا فَزِدْهُ عَذَابًا ضِعْفًا فِی النَّارِ ۟
সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া’।
અરબી તફસીરો:
 
શબ્દોનું ભાષાંતર સૂરહ: સૉદ
સૂરહ માટે અનુક્રમણિકા પેજ નંબર
 
કુરઆન મજીદના શબ્દોનું ભાષાંતર - આસામી ભાષામાં અનુવાદ - રફીકુલ ઇસ્લામ હબીબુર રહમાન - ભાષાંતરોની અનુક્રમણિકા

તેનું અનુવાદ રફીકુલ્ ઇસ્લામ હબીબુર્ રહમાન દ્વારા કરવામાં આવ્યું.

બંધ કરો