Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

prev

আল-আ'লা

next
Daga cikin abubuwan da surar ta kunsa.:
تذكير النفس بالحياة الأخروية، وتخليصها من التعلقات الدنيوية.
মানুহৰ অন্তৰক পৰকালৰ জীৱনৰ সৈতে সংযোগ স্থাপন কৰোৱা আৰু পৃথিৱীৰ লোভ-লালসা আৰু মোহৰ পৰা মুক্ত কৰা। info

1 : 87

سَبِّحِ اسْمَ رَبِّكَ الْاَعْلَی ۟ۙ

আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰক, যিজন তেওঁৰ সৃষ্টিৰ পৰা বহু ঊৰ্দ্ধত আৰু আল্লাহক সন্মান সহকাৰে মুখেৰে উচ্চাৰণ কৰি স্মৰণ কৰক। info
التفاسير: |

2 : 87

الَّذِیْ خَلَقَ فَسَوّٰی ۟

যিজনে মানুহক সঠিকৰূপে সৃষ্টি কৰিছে আৰু উত্তম আকাৰ আকৃতি প্ৰদান কৰিছে। info
التفاسير: |

3 : 87

وَالَّذِیْ قَدَّرَ فَهَدٰی ۟

যিজনে সকলো সৃষ্টিৰ প্ৰকাৰ, বৰ্গ আৰু বিশেষত্ব নিৰ্ধাৰণ কৰিছে, আৰু প্ৰত্যেক সৃষ্টিকে তাৰ বাবে উচিত তথা অনুকূলীয় পথ দেখুৱাইছে। info
التفاسير: |

4 : 87

وَالَّذِیْۤ اَخْرَجَ الْمَرْعٰی ۟

যিজনে তোমালোকৰ জীৱ-জন্তুৰ বাবে মাটিৰ পৰা ঘাঁহ-বন উৎপন্ন কৰিছে। info
التفاسير: |

5 : 87

فَجَعَلَهٗ غُثَآءً اَحْوٰی ۟ؕ

ইয়াৰ পাছত সেই সেউজীয়া ঘাঁহবোৰক শুকান কলা বৰণৰ খেৰ কুটাত পৰিণত কৰে। info
التفاسير: |

6 : 87

سَنُقْرِئُكَ فَلَا تَنْسٰۤی ۟ۙ

হে ৰাছুল! নিশ্চয় আমি আপোনাক কোৰআন পাঠ কৰাম আৰু আপোনাৰ অন্তৰত বদ্ধমূল কৰি দিম। ফলত আপুনি কেতিয়াও নাপাহৰিব। গতিকে আপুনি পাহৰি যোৱাৰ আশংকাত পূৰ্বৰ দৰে জিব্ৰীলৰ সৈতে পাঠ কৰাৰ সময়ত খৰখেদা নকৰিব। info
التفاسير: |

7 : 87

اِلَّا مَا شَآءَ اللّٰهُ ؕ— اِنَّهٗ یَعْلَمُ الْجَهْرَ وَمَا یَخْفٰی ۟ؕ

কিন্তু আল্লাহে নিজৰ হিকমত অনুসৰি যিখিনি পাহৰাই দিব বিচাৰে সেই বিষয়টো সুকীয়া। নিশ্চয় মহান আল্লাহ প্ৰকাশ্য- অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। তেওঁৰ পৰা কোনো বস্তুৱে গোপন নহয়। info
التفاسير: |

8 : 87

وَنُیَسِّرُكَ لِلْیُسْرٰی ۟ۚۖ

আমি আপোনাৰ বাবে সেইসমূহ আমল সহজ কৰি দিম, যিবোৰৰ দ্বাৰা আল্লাহ সন্তুষ্ট হয়, যাৰ ফলত আপুনি জান্নাতত প্ৰৱেশ কৰিব। info
التفاسير: |

9 : 87

فَذَكِّرْ اِنْ نَّفَعَتِ الذِّكْرٰی ۟ؕ

আমি আপোনাৰ প্ৰতি অহী কৰা কোৰআনৰ দ্বাৰা আপুনি মানুহক উপদেশ দিয়ক। যেতিয়ালৈকে সিহঁতৰ শ্ৰৱণশক্তি আছে আপুনি সিহঁতক উপদেশ দি যাওক। info
التفاسير: |

10 : 87

سَیَذَّكَّرُ مَنْ یَّخْشٰی ۟ۙ

আপোনাৰ উপদেশ আৰু শিক্ষাৰ পৰা সেই ব্যক্তিয়ে নিশ্চয় শিক্ষা গ্ৰহণ কৰিব, যিয়ে আল্লাহক ভয় কৰে। কিয়নো সিহঁতেই উপদেশৰ পৰা উপকৃত হয়। info
التفاسير: |
Daga cikin fa'idodin ayoyin a wannan shafi:
• تحفظ الملائكة الإنسان وأعماله خيرها وشرها ليحاسب عليها.
ফিৰিস্তাসকলে মানুহক আৰু মানুহৰ ভাল-বেয়া সকলো কৰ্মবোৰক সংৰক্ষণ কৰে, যাতে সেই অনুসৰি হিচাপ-নিকাচ লোৱা হয়। info

• ضعف كيد الكفار إذا قوبل بكيد الله سبحانه.
আল্লাহৰ কৌশলৰ আগত কাফিৰসকলৰ ষড়যন্ত্ৰবোৰ অত্যন্ত দূৰ্বল। info

• خشية الله تبعث على الاتعاظ.
আল্লাহৰ ভয়ে উপদেশ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। info

prev

আল-আ'লা

next
:
0:00 0:00