Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam

external-link copy
266 : 2

اَیَوَدُّ اَحَدُكُمْ اَنْ تَكُوْنَ لَهٗ جَنَّةٌ مِّنْ نَّخِیْلٍ وَّاَعْنَابٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۙ— لَهٗ فِیْهَا مِنْ كُلِّ الثَّمَرٰتِ ۙ— وَاَصَابَهُ الْكِبَرُ وَلَهٗ ذُرِّیَّةٌ ضُعَفَآءُ ۖۚ— فَاَصَابَهَاۤ اِعْصَارٌ فِیْهِ نَارٌ فَاحْتَرَقَتْ ؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَتَفَكَّرُوْنَ ۟۠

তোমালোকৰ কোনোবাই এনেকুৱা আশা কৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা উদ্যান হওঁক, তাৰ মাজেৰে নিজৰা প্ৰবাহিত হওঁক। লগতে সেই উদ্যানত সকলো ধৰণৰ ফলমূল হওঁক। কিন্তু সেই উদ্যানৰ গৰাকী ইমান বয়সীয়াল যে, সি উপাৰ্জন কৰাৰ আৰু কৰ্ম কৰাৰো শক্তি নাই। কিন্তু তাৰ সৰু সৰু দুৰ্বল লৰা-ছোৱালী আছে, সিহঁতেও কাম কৰা বয়সত উপনীত হোৱা নাই। কিন্তু হঠাৎ এনেকুৱা ধুমুহা আহিল য’ত আছে প্ৰচণ্ড জুই, আৰু সেই ধুমুহাই গোটেই উদ্যানটোক জ্বলাই পেলালে। যদিও বৃদ্ধাৱস্থাত উপনীত হোৱাৰ কাৰণে আৰু সৰু সৰু লৰা ছোৱালী থকাৰ বাবে সেই উদ্যানটো আছিল তাৰ বাবে অতি আৱশ্যকীয়। এতেকে মানুহক দেখুৱাবলৈ দান (নেক কৰ্ম) কৰা ব্যক্তিৰ অৱস্থাও সেই ব্যক্তিৰ দৰেই। সি ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত এনেকুৱা সময়ত উপস্থিত হব যেতিয়া তাৰ নেকীৰ খুবেই প্ৰয়োজন হব। আল্লাহে এই দৰেই বিস্তাৰিত বৰ্ণনা কৰে যে, পৃথিৱী আৰু আখিৰাতত কোনটো বস্তু তোমালোকৰ বাবে উপকাৰী যাতে তোমালোকে চিন্তা-চৰ্চা কৰিব পাৰা। info
التفاسير:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• المؤمنون بالله تعالى حقًّا واثقون من وعد الله وثوابه، فهم ينفقون أموالهم ويبذلون بلا خوف ولا حزن ولا التفات إلى وساوس الشيطان كالتخويف بالفقر والحاجة.
যিসকলে আল্লাহৰ প্ৰতি বিশুদ্ধচিত্তে ঈমান পোষণ কৰে তেওঁলোকে তেওঁৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিদানৰ ওপৰত ভৰসা কৰে। লগতে তেওঁলোকে নিজৰ সম্পদ ভয়-ভীতি আৰু চয়তানৰ কুমন্ত্ৰণা যেনে- অভাৱ-অনাটনৰ ভয় আদিৰ প্ৰতি ভ্ৰুক্ষেপ নকৰাকৈ ব্যয় কৰে। info

• الإخلاص من أعظم ما يبارك الأعمال ويُنمِّيها.
ইখলাচ এনেকুৱা এটা ডাঙৰ বস্তু যিয়ে কামত অধিক প্ৰাচুৰ্য প্ৰদান কৰে আৰু প্ৰগতিশীল কৰে। info

• أعظم الناس خسارة من يرائي بعمله الناس؛ لأنه ليس له من ثواب على عمله إلا مدحهم وثناؤهم.
আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সেই ব্যক্তি যিয়ে মানুহক দেখুৱাবলৈ কাম কৰে, কিয়নো সি নিজৰ কামৰ প্ৰতিদানস্বৰূপে মানুহৰ প্ৰশংসাৰ বাহিৰে আন একো লাভ নকৰিব। info