Check out the new design

Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam * - Daftar isi terjemahan


Terjemahan makna Ayah: (61) Surah: Al-Baqarah
وَاِذْ قُلْتُمْ یٰمُوْسٰی لَنْ نَّصْبِرَ عَلٰی طَعَامٍ وَّاحِدٍ فَادْعُ لَنَا رَبَّكَ یُخْرِجْ لَنَا مِمَّا تُنْۢبِتُ الْاَرْضُ مِنْ بَقْلِهَا وَقِثَّآىِٕهَا وَفُوْمِهَا وَعَدَسِهَا وَبَصَلِهَا ؕ— قَالَ اَتَسْتَبْدِلُوْنَ الَّذِیْ هُوَ اَدْنٰی بِالَّذِیْ هُوَ خَیْرٌ ؕ— اِهْبِطُوْا مِصْرًا فَاِنَّ لَكُمْ مَّا سَاَلْتُمْ ؕ— وَضُرِبَتْ عَلَیْهِمُ الذِّلَّةُ وَالْمَسْكَنَةُ وَبَآءُوْ بِغَضَبٍ مِّنَ اللّٰهِ ؕ— ذٰلِكَ بِاَنَّهُمْ كَانُوْا یَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَیَقْتُلُوْنَ النَّبِیّٖنَ بِغَیْرِ الْحَقِّ ؕ— ذٰلِكَ بِمَا عَصَوْا وَّكَانُوْا یَعْتَدُوْنَ ۟۠
স্মৰণ কৰা সেই সময়ক যেতিয়া তোমালোকে নিজ প্ৰতিপালকৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিলা। এতেকে মান্না আৰু ছালৱাৰ ৰূপত আল্লাহে প্ৰদান কৰা জীৱিকা খাই ক্লান্ত হৈ কৈছিলাঃ আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিম যিটো কেতিয়াও পৰিবৰ্তন নহয়। তাৰ পিছত তোমালোকে মূছা আলাইহিচ্ছালামৰ ওচৰত আবেদন কৰিলা যাতে তেওঁ দুআ কৰে যে, আল্লাহে যেন ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উৎপাদন কৰে। মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকে কোনো কষ্ট নোহোৱাকৈ মান্না আৰু ছালৱাৰ দৰে যি উত্তম খাদ্য পাই আছা, ইয়াৰ পৰিবৰ্তে তোমালোকে এই নিম্নমানৰ আবেদন কিয় কৰি আছা, তোমালোকে এটা কাম কৰা, ইয়াৰ পৰা বেলেগ কোনো ঠাইলৈ গুচি যোৱা। তোমালোকে সেই ঠাইৰ খেতি আৰু বজাৰত সেই সকলো বস্তু তাত উপলব্ধ পাবা যিবোৰ তোমালোকে বিচাৰিছা। এতেকে প্ৰবৃত্তিৰ অনুসৰণ আৰু আল্লাহে প্ৰদান কৰা বস্তুৰ পৰা মুখ ঘূৰাই লোৱাৰ ফলত সিহঁতৰ ওপৰত তিৰস্কাৰ, দৰিদ্ৰতা আৰু লাঞ্ছনা আপতিত হ'ল। লগতে আল্লাহৰ অসন্তুষ্টিৰ পাত্ৰ হ'ল। কিয়নো সিহঁতে তেওঁৰ দ্বীনৰ পৰা মুখ ঘূৰাই লৈছিল আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল লগতে তেওঁৰ নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালংঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।
Tafsir berbahasa Arab:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• كل من يتلاعب بنصوص الشرع ويحرّفها فيه شَبَهٌ من اليهود، وهو مُتوعَّد بعقوبة الله تعالى.
প্ৰত্যেক সেই ব্যক্তি যিয়ে চৰীয়তৰ বিধানৰ লগত ধেমালি কৰে আৰু তাক বিকৃত কৰে সি হৈছে ইয়াহুদীসকলৰ দৰে। আৰু সি আল্লাহৰ শাস্তিৰ অন্তৰ্ভুক্ত।

• عِظَمُ فضل الله تعالى على بني إسرائيل، وفي مقابل ذلك شدة جحودهم وعنادهم وإعراضهم عن الله وشرعه.
বনী ইছৰাইলৰ ওপৰত আল্লাহৰ অসীম অনুগ্ৰহ পক্ষান্তৰে সিহঁতৰ ইয়াৰ পৰিবৰ্তে অস্বীকাৰ, অবাধ্যতা তথা আল্লাহ আৰু তেওঁৰ বিধানৰ পৰা বিমুখতা।

• أن من شؤم المعاصي وتجاوز حدود الله تعالى ما ينزل بالمرء من الذل والهوان، وتسلط الأعداء عليه.
গুনাহ তথা আল্লাহৰ সীমালংঘনৰ ফলত মানুহৰ ওপৰত অপমান আৰু তিৰস্কাৰ জাপি দিয়া হয়। আৰু সিহঁতৰ ওপৰত শত্ৰুসকলৰ আধিপত্য বিস্তাৰ হয়।

 
Terjemahan makna Ayah: (61) Surah: Al-Baqarah
Daftar surah Nomor Halaman
 
Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam - Daftar isi terjemahan

Diterbitkan oleh Markaz Tafsīr Li Ad-Dirasāt Al-Qur`āniyyah.

Tutup