Check out the new design

Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam * - Daftar isi terjemahan


Terjemahan makna Ayah: (87) Surah: Al-Baqarah
وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَقَفَّیْنَا مِنْ بَعْدِهٖ بِالرُّسُلِ ؗ— وَاٰتَیْنَا عِیْسَی ابْنَ مَرْیَمَ الْبَیِّنٰتِ وَاَیَّدْنٰهُ بِرُوْحِ الْقُدُسِ ؕ— اَفَكُلَّمَا جَآءَكُمْ رَسُوْلٌۢ بِمَا لَا تَهْوٰۤی اَنْفُسُكُمُ اسْتَكْبَرْتُمْ ۚ— فَفَرِیْقًا كَذَّبْتُمْ ؗ— وَفَرِیْقًا تَقْتُلُوْنَ ۟
আমিয়ে মূছাক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু তেওঁৰ পিছতো বহুত ৰাছুল প্ৰেৰণ কৰিছোঁ লগতে ঈছা ইবনে মাৰয়ামক সত্য নবী হোৱাৰ সপক্ষে কিছুমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলোঁ। যেনে- মৃত ব্যক্তিক জীৱিত কৰা। তথা জন্মান্ধ সন্তান আৰু কুষ্ঠ ব্যাধিগ্ৰস্থ লোকক নিৰাময় কৰা। আমি তেওঁক ফিৰিস্তা জিব্ৰীলৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তথাপিও হে বনী ইছৰাঈল! যেতিয়াই তোমালোকৰ ওচৰত আল্লাহৰ কোনো ৰাছুলে এনেকুৱা বিধান লৈ আহিছিল যিটো তোমালোকৰ প্ৰবৃত্তিৰ লগত খাপ খোৱা নাছিল তেতিয়াই তোমালোকে অহংকাৰ কৰিছিলা আৰু আল্লাহৰ ৰাছুলতকৈ নিজকে বেছি শ্ৰেষ্ঠ বুলি ভাৱিছিলা। এতেকে তোমালোকে কিছুমান নবীক অস্বীকাৰ কৰিছিলা আৰু কিছুমানক অন্যায়ভাৱে হত্যা কৰিছিলা।
Tafsir berbahasa Arab:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• من أعظم الكفر: الإيمان ببعض ما أنزل الله والكفر ببعضه؛ لأن فاعل ذلك قد جعل إلهه هواه.
আল্লাহে অৱতীৰ্ণ কৰা চৰীয়তৰ কিছুমান বিধান স্বীকাৰ কৰা আৰু কিছুমানক অস্বীকাৰ কৰাটো হৈছে এটা ডাঙৰ কুফৰী কাৰ্য। কিয়নো যিয়ে এনেকুৱা কৰে সি দৰাচলতে নিজৰ প্ৰবৃত্তিক উপাস্য কৰি লৈছে।

• عِظَم ما بلغه اليهود من العناد، واتباع الهوى، والتلاعب بما أنزل الله تعالى.
ইয়াহুদীসকলৰ অবাধ্যতা, প্ৰবৃত্তিৰ অনুসৰণ আৰু আল্লাহৰ চৰীয়তৰ লগত ধেমালি কাৰ্য বহুত বৃদ্ধি পাইছিল।

• فضل الله تعالى ورحمته بخلقه، حيث تابع عليهم إرسال الرسل وإنزال الكتب لهدايتهم للرشاد.
সৃষ্টিৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু কৃপা। কিয়নো তেওঁ সিহঁতক পোন পথে পৰিচালিত কৰাৰ উদ্দেশ্যে পৰ্যায়ক্ৰমে ৰাছুল প্ৰেৰণ কৰিছিল আৰু পুথি অৱতীৰ্ণ কৰিছিল।

• أن الله يعاقب المعرضين عن الهدى المعاندين لأوامره بالطبع على قلوبهم وطردهم من رحمته؛ فلا يهتدون إلى الحق، ولا يعملون به.
হিদায়তৰ পৰা মুখ ঘূৰাই লোৱাসকল আৰু তেওঁৰ আদেশৰ প্ৰতি শত্ৰুতা পোষণকাৰী সকলৰ অন্তৰত আল্লাহ তাআলাই মোহৰ মাৰি দিয়ে আৰু সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিয়ে। গতিকে সিহঁতে সত্যৰ পথো বিচাৰি নাপায় আৰু তাৰ ওপৰত আমল কৰাৰো তাওফীক নহয়।

 
Terjemahan makna Ayah: (87) Surah: Al-Baqarah
Daftar surah Nomor Halaman
 
Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam - Daftar isi terjemahan

Diterbitkan oleh Markaz Tafsīr Li Ad-Dirasāt Al-Qur`āniyyah.

Tutup