Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm Berbahasa Assam

external-link copy
12 : 28

وَحَرَّمْنَا عَلَیْهِ الْمَرَاضِعَ مِنْ قَبْلُ فَقَالَتْ هَلْ اَدُلُّكُمْ عَلٰۤی اَهْلِ بَیْتٍ یَّكْفُلُوْنَهٗ لَكُمْ وَهُمْ لَهٗ نٰصِحُوْنَ ۟

ইপিনে আল্লাহৰ পৰিকল্পনা মতে মুছা আলাইহিচ্ছামে কোনো নাৰীৰেই পিয়াহ খোৱা নাছিল, এই ঘটনা সংঘটিত হৈছিল মূছাক তেওঁৰ মাতৃৰ কোলাত ওভোতাই দিয়াৰ পূৰ্বে। যেতিয়া মুছা আলাইহিচ্ছালামৰ ভনীয়ে দেখিলে যে, সিহঁতে তেওঁক পিয়াহ খুৱাবলৈ ব্যাকুল হৈ আছে, তেতিয়া সিহঁতক ক’লেঃ আমি আপোনালোকক এনেকুৱা এটি পৰিয়ালৰ বিষয়ে সংবাদ দিব পাৰোঁনে, যি পৰিয়ালে ইয়াক পিয়াহ খুৱাব পাৰিব তথা ইয়াক ভালকৈ লালন-পালনো কৰিব পাৰিব, তথা তেওঁলোক ইয়াৰ শুভাকাংক্ষীও হ’ব?
info
التفاسير: |
Beberapa Faedah Ayat-ayat di Halaman Ini:
• تدبير الله لعباده الصالحين بما يسلمهم من مكر أعدائهم.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ কৌশল অৱলম্বন কৰে। info

• تدبير الظالم يؤول إلى تدميره.
অত্যাচাৰীসকলৰ ষড়যন্ত্ৰ সদায় সিহঁতৰেই বিনাশৰ কাৰণ হৈ পৰে। info

• قوة عاطفة الأمهات تجاه أولادهن.
নিজৰ সন্তানৰ প্ৰতি মাতৃৰ অতুলনীয় মৰম। info

• جواز استخدام الحيلة المشروعة للتخلص من ظلم الظالم.
অত্যাচাৰীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ কৌশল অৱলম্বন কৰা বৈধ। info

• تحقيق وعد الله واقع لا محالة.
আল্লাহৰ প্ৰতিশ্ৰুতি নিশ্চিতভাৱে বাস্তৱায়ন হ'ব, ইয়াত কোনো সন্দেহ নাই। info