Check out the new design

Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam * - Daftar isi terjemahan


Terjemahan makna Ayah: (119) Surah: Āli 'Imrān
هٰۤاَنْتُمْ اُولَآءِ تُحِبُّوْنَهُمْ وَلَا یُحِبُّوْنَكُمْ وَتُؤْمِنُوْنَ بِالْكِتٰبِ كُلِّهٖ ۚ— وَاِذَا لَقُوْكُمْ قَالُوْۤا اٰمَنَّا ۖۗۚ— وَاِذَا خَلَوْا عَضُّوْا عَلَیْكُمُ الْاَنَامِلَ مِنَ الْغَیْظِ ؕ— قُلْ مُوْتُوْا بِغَیْظِكُمْ ؕ— اِنَّ اللّٰهَ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
হে মুমিনসকল! তোমালোকে সিহঁতক মুহাব্বত কৰা আৰু সিহঁতৰ কল্যাণ কামনা কৰা, অথচ সিহঁতে তোমালোকক ভাল নাপায় আৰু তোমালোকৰ কল্যাণো নিবিচাৰে, বৰং বিপৰীতে তোমালোকৰ লগত শত্ৰুতা পোষণ কৰে। তোমালোকে সকলো পুথিৰ প্ৰতি বিশ্বাস পোষণ কৰা, যাৰ মাজত সিহঁতৰ পুথিও আছে, কিন্তু সিহঁতে সেই পুথিৰ প্ৰতি ঈমান পোষণ নকৰে যিটো আল্লাহে তোমালোকৰ নবীৰ প্ৰতি অৱতীৰ্ণ কৰিছে। সিহঁতে যেতিয়া তোমালোকৰ লগত মিলিত হয়, তেতিয়া মৌখিক ভাৱে স্বীকাৰ কৰে যে, আমি সত্য মানি লৈছো, কিন্তু যেতিয়া অকলশৰীয়া অৱস্থাত থাকে, তেতিয়া তোমালোকৰ একতা, অখণ্ডতা আৰু ইছলামৰ শক্তি তথা নিজৰ অপমান দেখি ক্ৰোধ আৰু দুখত নিজৰে আঙুলি কামুৰে। হে নবী! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে এই অৱস্থাতেই থাকা, অৱশেষত ক্ৰোধ আৰু দুখৰ ফলতে মৃত্যুবৰণ কৰা। নিশ্চয় আল্লাহে তোমালোকৰ অন্তৰৰ ঈমান আৰু কুফুৰী তথা সৎ আৰু অসৎ সংকল্প সম্পৰ্কে অৱগত।
Tafsir berbahasa Arab:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• نَهْي المؤمنين عن موالاة الكافرين وجَعْلهم أَخِلّاء وأصفياء يُفْضَى إليهم بأحوال المؤمنين وأسرارهم.
মুমিনসকলক কাফিৰসকলৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰা হৈছে লগতে সিহঁতক অন্তৰঙ্গ বন্ধু বনাই মুছলিমসকলৰ পৰিস্থিতি আৰু ভিতৰোৱা কথাবোৰ অৱগত কৰিবলৈ নিষেধ কৰা হৈছে।

• من صور عداوة الكافرين للمؤمنين فرحهم بما يصيب المؤمنين من بلاء ونقص، وغيظهم إن أصابهم خير.
মুমিনসকলৰ লগত কাফিৰসকলৰ শত্ৰুতাৰ এটা উদাহৰণ এই যে, সিহঁতে মুমিনসকলৰ বিপদৰ সময়ত তথা জান-মালৰ ক্ষতি সাধনত উত্ফুল্লিত হয়। আনহাতে মুমিনসকলৰ কল্যাণত ক্ৰোধান্বিত হয়।

• الوقاية من كيد الكفار ومكرهم تكون بالصبر وعدم إظهار الخوف، ثم تقوى الله والأخذ بأسباب القوة والنصر.
কাফিৰসকলৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তৰ পৰা ৰক্ষা পোৱাৰ উপায় হৈছে, ধৈৰ্য ধাৰণ কৰা আৰু ভয় প্ৰকাশ নকৰা লগতে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শক্তি ও সহায়ৰ সকলো উপায় মজবুতভাৱে ধাৰণ কৰা।

 
Terjemahan makna Ayah: (119) Surah: Āli 'Imrān
Daftar surah Nomor Halaman
 
Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam - Daftar isi terjemahan

Diterbitkan oleh Markaz Tafsīr Li Ad-Dirasāt Al-Qur`āniyyah.

Tutup