Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam * - Daftar isi terjemahan


Terjemahan makna Ayah: (170) Surah: Surah Al-A'rāf
وَالَّذِیْنَ یُمَسِّكُوْنَ بِالْكِتٰبِ وَاَقَامُوا الصَّلٰوةَ ؕ— اِنَّا لَا نُضِیْعُ اَجْرَ الْمُصْلِحِیْنَ ۟
যিসকলে পুথিক দৃঢ়তাৰে ধাৰণ কৰে আৰু তাত থকা বিধান মতে আমল কৰে, লগতে যথাসময়ত ছালাতৰ চৰ্ত, ওৱাজিব আৰু ছুনান সহকাৰে ছালাত প্ৰতিষ্ঠা কৰে। আল্লাহে অতি শীঘ্ৰে তেওঁলোকক তেওঁলোকৰ আমলৰ প্ৰতিদান দিব। কিয়নো আল্লাহে কোনো নেক বান্দাৰ আমল ব্যৰ্থ নকৰে।
Tafsir berbahasa Arab:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• إذا نزل عذاب الله على قوم بسبب ذنوبهم ينجو منه من كانوا يأمرون بالمعروف وينهون عن المنكر فيهم.
যেতিয়া কোনো জাতিৰ ওপৰত সিহঁতৰ গুনাহৰ কাৰণে আল্লাহৰ শাস্তি আহে, তেতিয়া সেই শাস্তিৰ পৰা সেইসকল লোকক ৰক্ষা কৰা হয় যিসকলে সৎকৰ্মৰ আদেশ দিছিল আৰু অসৎকৰ্মৰ পৰা সিহঁতক বিৰত ৰাখিছিল।

• يجب الحذر من عذاب الله؛ فإنه قد يكون رهيبًا في الدنيا، كما فعل سبحانه بطائفة من بني إسرائيل حين مَسَخَهم قردة بسبب تمردهم.
আল্লাহৰ শাস্তিক ভয় কৰা অত্যন্ত প্ৰয়োজন। কিয়নো এয়া কেতিয়াবা কেতিয়াবা পৃথিৱীত ভয় দেখুৱাবলৈ প্ৰদৰ্শিত হয়। যিদৰে আল্লাহে বনী ইছৰাঈলৰ কিছুমানৰ সৈতে এনেকুৱা কৰিছিল, সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতৰ প্ৰকৃত আকৃতি বিকৃত কৰি সিহঁতক বান্দৰত পৰিণত কৰিছিল।

• نعيم الدنيا مهما بدا أنه عظيم فإنه قليل تافه بجانب نعيم الآخرة الدائم.
আল্লাহে বনী ইছৰাঈলৰ ভাগ্যত অপমান আৰু দৰিদ্ৰতা লিখি দিছে, লগতে জনাই দিছে যে, তেওঁ সিহঁতৰ অত্যাচাৰ আৰু পথভ্ৰষ্টতাৰ কাৰণে সিহঁতৰ ওপৰত প্ৰত্যেক যুগতে এনেকুৱা লোকৰ অধীন কৰিব, যিসকলে সিহঁতক শাস্তি প্ৰদান কৰিব।

• أفضل أعمال العبد بعد الإيمان إقامة الصلاة؛ لأنها عمود الأمر.
পাৰ্থিৱ জীৱনৰ নিয়ামত যিমান ডাঙৰে নহওক কিয়, কিন্তু আখিৰাতৰ চিৰস্থায়ী নিয়ামতৰ তুলনাত সেয়া নিম্নতৰ তথা তুচ্ছ।

• كتب الله على بني إسرائيل الذلة والمسكنة، وتأذن بأن يبعث عليهم كل مدة من يذيقهم العذاب بسبب ظلمهم وانحرافهم.
ঈমানৰ পিছত বান্দাৰ বাবে আটাইতকৈ উত্তম আমল হৈছে ছালাত প্ৰতিষ্ঠা কৰা, কিয়নো এইটো দ্বীনৰ স্তম্ভ।

 
Terjemahan makna Ayah: (170) Surah: Surah Al-A'rāf
Daftar surah Nomor Halaman
 
Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam - Daftar isi terjemahan

Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam, diterbitkan oleh Markaz Tafsīr Li Ad-Dirasāt Al-Qur`āniyyah

Tutup