Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam * - Daftar isi terjemahan


Terjemahan makna Ayah: (201) Surah: Surah Al-A'rāf
اِنَّ الَّذِیْنَ اتَّقَوْا اِذَا مَسَّهُمْ طٰٓىِٕفٌ مِّنَ الشَّیْطٰنِ تَذَكَّرُوْا فَاِذَا هُمْ مُّبْصِرُوْنَ ۟ۚ
নিশ্চয় যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, যেতিয়া তেওঁলোকৰ অন্তৰত চয়তানৰ ফালৰ পৰা কোনো কুমন্ত্ৰণা আহে আৰু গুনাহ কৰি পেলায়, তেতিয়া তেওঁলোকে ততালিকে আল্লাহৰ মহত্ব স্মৰণ কৰে আৰু পাপিষ্ঠসকলৰ প্ৰতি তেওঁৰ শাস্তি মনত পৰে লগতে আনুগত্যকাৰী সকলৰ প্ৰতিদানৰ কথাও মনত পেলায়। ফলত তেওঁলোক ততাতৈয়াকৈ নিজৰ গুনাহৰ পৰা তাওবা কৰি নিজ প্ৰতিপালকৰ পিনে উভতি যায়। ফলস্বৰূপে তেওঁলোক সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে, চেতনাহীনৰ পৰা সচেতন হয় আৰু গুনাহৰ পৰা বিৰত থাকে।
Tafsir berbahasa Arab:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• في الآيات بشارة للمسلمين المستقيمين على صراط نبيهم صلى الله عليه وسلم بأن ينصرهم الله كما نصر نبيه وأولياءه.
প্ৰত্যেক বুদ্ধিমান ব্যক্তিয়ে আল্লাহৰ ইবাদত কৰা উচিত, কিয়নো আল্লাহেই ধৰ্মীয় বিষয়ৰ সত্যতা ৰূপায়ন কৰিছে এনেকুৱা পুথি অৱতীৰ্ণ কৰি যিটো ধৰ্ম সম্পৰ্কে গুৰুত্বপূৰ্ণ জ্ঞান-বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। তেৱেঁই নেক বান্দাসকলক পাৰ্থিৱ উপকাৰ কৰে তেওঁলোকক সুৰক্ষা প্ৰদান কৰে তথা সহায়-সহযোগিতা কৰে, যাতে তেওঁলোকৰ কোনো শত্ৰুৰ শত্ৰুতাই তেওঁলোকক কোনো ক্ষতি সাধন কৰিব নোৱাৰে।

• في الآيات جماع الأخلاق، فعلى العبد أن يعفو عمن ظلمه، ويعطي من حرمه، ويصل من قطعه.
এই আয়াতসমূহত সেইসকল মুছলিমৰ বাবে সুসংবাদ আছে, যিসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পথত পৰিচালিত, আল্লাহে তেওঁলোকক সেইদৰেই সহায় কৰিব, যিদৰে নবীসকলক আৰু অলীসকলক সহায় কৰিছিল।

• على العبد إذا مَسَّه سوء من الشيطان - فأذنب بفعل محرم، أو ترك واجب - أن يستغفر الله تعالى، ويستدرك ما فرط منه بالتوبة النصوح والحسنات الماحية.
এই আয়াতসমূহত নৈতিকতাৰ পাঠ দিয়া হৈছে। সেয়েহে বান্দাসকলে নিজৰ ওপৰত কৰা অন্যায়কাৰীসকলক ক্ষমা কৰা উচিত, যিয়ে বঞ্চিত কৰিছিল তাক প্ৰদান কৰা উচিত, যিয়ে সম্পৰ্কচ্ছেদ কৰে তাৰ লগত সম্পৰ্ক গঢ়া উচিত।

• الواجب على العاقل عبادة الله تعالى؛ لأنه هو الذي يحقق له منافع الدين بإنزال الكتاب المشتمل على العلوم العظيمة في الدّين، ومنافع الدنيا بتولّي الصالحين من عباده وحفظه لهم ونصرته إياهم، فلا تضرهم عداوة من عاداهم.
বান্দাসকলে চয়তানৰ কুমন্ত্ৰণাৰ ফলত কোনো হাৰাম কামত লিপ্ত হ'লে তথা কোনো ওৱাজিব এৰিলে, লগে লগে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা উচিত। সঁচা তাওবা আৰু সৎকৰ্মৰ জৰিয়তে নিজৰ ভুল সংশোধন কৰা উচিত।

 
Terjemahan makna Ayah: (201) Surah: Surah Al-A'rāf
Daftar surah Nomor Halaman
 
Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam - Daftar isi terjemahan

Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam, diterbitkan oleh Markaz Tafsīr Li Ad-Dirasāt Al-Qur`āniyyah

Tutup