Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam * - Daftar isi terjemahan


Terjemahan makna Ayah: (86) Surah: Surah Al-A'rāf
وَلَا تَقْعُدُوْا بِكُلِّ صِرَاطٍ تُوْعِدُوْنَ وَتَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ مَنْ اٰمَنَ بِهٖ وَتَبْغُوْنَهَا عِوَجًا ۚ— وَاذْكُرُوْۤا اِذْ كُنْتُمْ قَلِیْلًا فَكَثَّرَكُمْ ۪— وَانْظُرُوْا كَیْفَ كَانَ عَاقِبَةُ الْمُفْسِدِیْنَ ۟
আৰু মানুহক ভয় দেখুৱাই সিহঁতৰ ধন লুন্ঠণ কৰিবলৈ প্ৰত্যেক পথত বহি নাথাকিবা, লগতে সঠিক পথত চলাৰ ইচ্ছা পোষণকাৰী সকলক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰখাৰ উদ্দেশ্যে তথা আল্লাহৰ পথক বক্ৰতা প্ৰদান কৰিবলৈ যাতে তাত মানুহে পৰিচালিত হ'ব নোৱাৰে তাৰ প্ৰয়াস নকৰিবা। আল্লাহৰ ফালৰ পৰা পোৱা অনুগ্ৰহবোৰ স্মৰণ কৰা যাতে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। তোমালোকে সংখ্যালঘু আছিলা, তেৱেঁই তোমালোকক সংখ্যাগৰিষ্ঠ কৰিছে। ভাৱি চোৱাচোন! তোমালোকৰ পূৰ্বে যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিছিল, সিহঁতৰ কি পৰিণাম হৈছিল! নিশ্চয় সিহঁতৰ পৰিণাম হৈছিল ধ্বংস আৰু বিনাশ।
Tafsir berbahasa Arab:
Beberapa Faedah Ayat-ayat di Halaman Ini:
• اللواط فاحشة تدلُّ على انتكاس الفطرة، وناسب أن يكون عقابهم من جنس عملهم فنكس الله عليهم قُراهم.
সমকামিতা এনেকুৱা নিকৃষ্ট অশ্লীলতা, যিটো মানৱ স্বভাৱৰ বিকৃতিৰ প্ৰমাণ। সেই কাৰণেই আল্লাহে এই ঘৃণনীয় কৰ্মত লিপ্তসকলক সিহঁতৰ কৰ্ম অনুৰূপ শাস্তি হিচাপে সিহঁতৰ গাওঁখনক ওলোটাই দি বিধ্বস্ত কৰিছে।

• تقوم دعوة الأنبياء - ومنهم شعيب عليه السلام - على أصلين: تعظيم أمر الله: ويشمل الإقرار بالتوحيد وتصديق النبوة. والشفقة على خلق الله: ويشمل ترك البَخْس وترك الإفساد وكل أنواع الإيذاء.
সকলো নবীৰ বাৰ্তা দুটা বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত। আল্লাহৰ আদেশৰ সন্মান, য’ত আছে তাওহীদৰ স্বীকৃতি আৰু নবুওৱতক সত্য বুলি স্বীকাৰ কৰা। দ্বিতীয়তে আল্লাহৰ সৃষ্টিৰ প্ৰতি দয়া কৰা, ইয়াৰ ভিতৰত আছে, কম দিয়াৰ পৰা বিৰত থাকা, বিপৰ্যয় সৃষ্টিৰ পৰা দূৰৈত থকা, লগতে কোনো ধৰণৰ কষ্ট দিয়াৰ পৰা বিৰত থাকা।

• الإفساد في الأرض بعد الإصلاح جُرْم اجتماعي في حق الإنسانية؛ لأن صلاح الأرض بالعقيدة والأخلاق فيه خير للجميع، وإفساد الأرض عدوان على الناس.
সংশোধনৰ পিছত পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা মানৱতাৰ প্ৰতি এটা সামাজিক অপৰাধ, কিয়নো সঠিক আক্বীদাহ তথা সৎচৰিত্ৰৰ দ্বাৰা পৃথিৱীক সংস্কাৰ কৰা সমাজৰ বাবে কল্যাণকৰ। আনহাতে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা, মানুহৰ সৈতে শত্ৰুতা কৰাৰ দৰে।

• من أعظم الذنوب وأكبرها وأشدها وأفحشها أخذُ ما لا يحقُّ أخذه شرعًا من الوظائف المالية بالقهر والجبر؛ فإنه غصب وظلم وعسف على الناس وإذاعة للمنكر وعمل به ودوام عليه وإقرار له.
জোৰ-জবৰদস্তী অবৈধ ভাৱে ধন লুণ্ঠন কৰা মহা পাপ। কিয়নো এইটো হৈছে অবৈধ কব্জা, অন্যায়, অশ্লীলতাৰ প্ৰচাৰ, তাৰ প্ৰতি আমল কৰা আৰু তাৰ সহযোগ কৰা বুজায়।

 
Terjemahan makna Ayah: (86) Surah: Surah Al-A'rāf
Daftar surah Nomor Halaman
 
Terjemahan makna Alquran Alkarim - Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam - Daftar isi terjemahan

Terjemahan Al-Mukhtaṣar fī Tafsīr Al-Qur`ān Al-Karīm ke Bahasa Assam, diterbitkan oleh Markaz Tafsīr Li Ad-Dirasāt Al-Qur`āniyyah

Tutup