Check out the new design

Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano * - Indice Traduzioni


Traduzione dei significati Versetto: (23) Sura: Yûsuf
وَرَاوَدَتْهُ الَّتِیْ هُوَ فِیْ بَیْتِهَا عَنْ نَّفْسِهٖ وَغَلَّقَتِ الْاَبْوَابَ وَقَالَتْ هَیْتَ لَكَ ؕ— قَالَ مَعَاذَ اللّٰهِ اِنَّهٗ رَبِّیْۤ اَحْسَنَ مَثْوَایَ ؕ— اِنَّهٗ لَا یُفْلِحُ الظّٰلِمُوْنَ ۟
আজিজৰ পত্নীয়ে নম্ৰতা আৰু চক্ৰান্তৰ সহায় লৈ ইউছুফ আলাইহিছ ছালামক কুকৰ্ম কৰিবলৈ উদ্ধুদ্ধ কৰিব বিচাৰিলে আৰু নিৰ্জনতা বিৰাজ কৰিবলৈ ঘৰৰ দুৱাৰ বন্ধ কৰি ইউছুফক উদ্দেশ্যি ক'লেঃ আহা, আহা মোৰ ওচৰলৈ। ইউছুফে ক'লেঃ তুমি যি উদ্দেশ্যত মোক মাতি আছা, মই তাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰো। নিশ্চয় মোৰ মালিকে মোৰ থকাৰ বাবে তেওঁৰ ওচৰত উত্তম ব্যৱস্থা কৰি দিছে। এতেকে মই কেতিয়াও তেওঁৰ লগত বিশ্বাসঘাতকতা নকৰিম। মই যদি তেওঁৰ লগত বিশ্বাসঘাতকতা কৰোঁ তেন্তে মই অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম। এয়া নিশ্চিত যে, অন্যায়কাৰী কেতিয়াও সফল হ'ব নোৱাৰে।
Esegesi in lingua araba:
Alcuni insegnamenti da trarre da questi versi sono:
• قبح خيانة المحسن في أهله وماله، الأمر الذي ذكره يوسف من جملة أسباب رفض الفاحشة.
উপকাৰকাৰীৰ ধন-সম্পদ আৰু পৰিয়ালৰ লগত বিশ্বাসঘাতকতা কৰাটো হৈছে নিকৃষ্ট কাৰ্য। এই কথাষাৰকে ইউছুফে বেয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি উল্লেখ কৰিছিল।

• بيان عصمة الأنبياء وحفظ الله لهم من الوقوع في السوء والفحشاء.
নবীসকলৰ সন্মানৰ বৰ্ণনা। আল্লাহে তেওঁলোকক সকলো প্ৰকাৰ অসৎকৰ্মত পতিত হোৱাৰ পৰা সুৰক্ষা প্ৰদান কৰিছে।

• وجوب دفع الفاحشة والهرب والتخلص منها.
অসৎকৰ্মক প্ৰতিৰোধ কৰা, তাৰ পৰা পলায়ন কৰা আৰু নিজকে সুৰক্ষিত কৰা অনিবাৰ্য।

• مشروعية العمل بالقرائن في الأحكام.
বিধানৰ ক্ষেত্ৰত ইঙ্গিতৰ প্ৰতি আমল কৰাৰ প্ৰমাণ।

 
Traduzione dei significati Versetto: (23) Sura: Yûsuf
Indice delle Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano - Indice Traduzioni

Emesso dal Tafseer Center per gli Studi Coranici.

Chiudi