Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
38 : 12

وَاتَّبَعْتُ مِلَّةَ اٰبَآءِیْۤ اِبْرٰهِیْمَ وَاِسْحٰقَ وَیَعْقُوْبَ ؕ— مَا كَانَ لَنَاۤ اَنْ نُّشْرِكَ بِاللّٰهِ مِنْ شَیْءٍ ؕ— ذٰلِكَ مِنْ فَضْلِ اللّٰهِ عَلَیْنَا وَعَلَی النَّاسِ وَلٰكِنَّ اَكْثَرَ النَّاسِ لَا یَشْكُرُوْنَ ۟

মই মোৰ পিতৃপুৰুষ, ইব্ৰাহীম, ইছহাক আৰু ইয়াকূবৰ ধৰ্মৰ অনুসৰণ কৰিছো। আৰু সেয়া হৈছে আল্লাহক একক বুলি স্বীকাৰ কৰাৰ ধৰ্ম। আল্লাহৰ লগত আন কাৰোবাক অংশী কৰা আমাৰ বাবে উচিত নহয়। তেওঁ এক। এই তাওহীদৰ ওপৰতেই মই আৰু মোৰ পিতৃপুৰুষসকল প্ৰতিষ্ঠিত। এইটো আমাৰ ওপৰত আল্লাহৰ এক বিশেষ কৃপা যে, তেওঁ আমাক ইয়াৰ তাওফীক প্ৰদান কৰিছে। আৰু সকলো মানুহৰ প্ৰতি আল্লাহৰ এইটোও এটা বিশেষ কৃপা যে, তেওঁ সিহঁতৰ প্ৰতি নবীসকলক প্ৰেৰণ কৰিছে। কিন্তু অধিকাংশ লোকে আল্লাহৰ কৃতজ্ঞতা কৰাৰ বিপৰীতে তেওঁৰ অকৃতজ্ঞতা কৰে। info
التفاسير:
Insegnamenti tratti dai versetti:
• وجوب اتباع ملة إبراهيم، والبراءة من الشرك وأهله.
ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্ম অনুসৰণ কৰা ওৱাজিব, লগতে শ্বিৰ্ক আৰু মুশ্বৰিকৰ পৰা সম্পৰ্ক বিচ্ছেদ কৰা অনিবাৰ্য। info

• في قوله:﴿ءَأَرْبَابٌ مُّتَفَرِّقُونَ ...﴾ دليل على أن هؤلاء المصريين كانوا أصحاب ديانة سماوية لكنهم أهل إشراك.
আল্লাহ তাআলাৰ এই বাণী ﴿ءَأَرْبَابٌ مُّتَفَرِّقُونَ ...﴾ ৰ দ্বাৰা প্ৰমাণ হয় যে, সেই সময়ৰ মিচৰৰ অধিবাসীসকলৰ মাজত ঐশী ধৰ্ম পালনকাৰী লোকও বিদ্যমান আছিল। কিন্তু শ্বিৰ্কত পতিত হৈছিল। info

• كلُّ الآلهة التي تُعبد من دون الله ما هي إلا أسماء على غير مسميات، ليس لها في الألوهية نصيب.
আল্লাহৰ বাহিৰে যিবোৰ উপাস্যৰ উপাসনা কৰা হয়, সেইবোৰ কেৱল অস্তিত্বহীন কিছুমান নাম। সেইবোৰৰ মাজত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। info

• استغلال المناسبات للدعوة إلى الله، كما استغلها يوسف عليه السلام في السجن.
আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ সকলো সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। যিদৰে ইউছুফ আলাইহিছ ছালামে কাৰাগাৰত সেই সুযোগ ব্যৱহাৰ কৰিছিল। info