Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
77 : 12

قَالُوْۤا اِنْ یَّسْرِقْ فَقَدْ سَرَقَ اَخٌ لَّهٗ مِنْ قَبْلُ ۚ— فَاَسَرَّهَا یُوْسُفُ فِیْ نَفْسِهٖ وَلَمْ یُبْدِهَا لَهُمْ ۚ— قَالَ اَنْتُمْ شَرٌّ مَّكَانًا ۚ— وَاللّٰهُ اَعْلَمُ بِمَا تَصِفُوْنَ ۟

ইউছুফৰ ভাতৃসকলে ক'লেঃ যদি এওঁ চুৰি কৰিছে তেন্তে এয়া কোনো আশ্চৰ্যৰ বিষয় নহয়। কাৰণ ইয়াৰ পূৰ্বে এওঁৰ সহোদৰ এজনেও চুৰি কৰিছিল। ইয়াৰ দ্বাৰা সিহঁতে ইউছুফৰ পিনে ইঙ্গিত কৰিছিল। এই কথাৰ দ্বাৰা ইউছুফে মনত যি আঘাত পাইছিল সেয়া তেওঁ মনতে পুহি ৰাখিলে। সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। বৰং মনে মনে ক'লেঃ তোমালোকে পূৰ্বেও যি ঈৰ্ষা আৰু দুৰ্ব্যৱহাৰ কৰিছা, সেয়া ইয়াতো প্ৰকাশ পাইছে। তোমালোকৰ এই অপবাদ সম্পৰ্কে আল্লাহ অধিক জ্ঞাত। info
التفاسير:
Insegnamenti tratti dai versetti:
• جواز الحيلة التي يُتَوصَّل بها لإحقاق الحق، بشرط عدم الإضرار بالغير.
সত্যক প্ৰকাশ কৰিবলৈ বাহানা অৱলম্বন কৰা বৈধ, কিন্তু মনত ৰখা উচিত ইয়াৰ দ্বাৰা যাতে কাৰো ক্ষতি নহয়। info

• يجوز لصاحب الضالة أو الحاجة الضائعة رصد جُعْل «مكافأة» مع تعيين قدره وصفته لمن عاونه على ردها.
কাৰোবাৰ কোনো ধন অথবা কোনো প্ৰয়োজনীয় বস্তু হেৰাই গলে, সেয়া বিচাৰি পাবলৈ পুৰস্কাৰ নিৰ্ধাৰণ কৰা বৈধ, কিন্তু পুৰস্কাৰ নিৰ্দিষ্ট হোৱা উচিত। info

• التغافل عن الأذى والإسرار به في النفس من محاسن الأخلاق.
সদ্ব্যৱহাৰৰ অন্যতম এটা গুণ হৈছে কষ্ট প্ৰদানকাৰীক আওকাণ কৰা আৰু তাৰ এই কষ্টক মনতে গোপন ৰখা উচিত। info