Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
103 : 16

وَلَقَدْ نَعْلَمُ اَنَّهُمْ یَقُوْلُوْنَ اِنَّمَا یُعَلِّمُهٗ بَشَرٌ ؕ— لِسَانُ الَّذِیْ یُلْحِدُوْنَ اِلَیْهِ اَعْجَمِیٌّ وَّهٰذَا لِسَانٌ عَرَبِیٌّ مُّبِیْنٌ ۟

আমি জানো মুশ্বৰিকসকলে কয়ঃ কোনোবা এজন ব্যক্তিয়ে মুহাম্মদক কোৰআন শিকায়, অথচ সিহঁতৰ এই দাবী মিছা। কিয়নো সিহঁতে যিজন ব্যক্তি সম্পৰ্কে সন্দেহ কৰি আছে যিয়ে তেওঁক কোৰআন শিকায়, তেওঁ হৈছে এজন অনাৰবীয়ান। আনহাতে এই কোৰআন স্পষ্ট তথা উৎকৃষ্ট আৰবী ভাষাত অৱতীৰ্ণ। তেনেস্থলত সিহঁতে কেনেকৈ ধাৰণা কৰে যে, ইয়াক কোনো অনাৰবীয়ান ব্যক্তিৰ পৰা শিকা হৈছে? info
التفاسير:
Insegnamenti tratti dai versetti:
• الترخيص للمُكرَه بالنطق بالكفر ظاهرًا مع اطمئنان القلب بالإيمان.
বাধ্যত পৰি কুফৰী বাক্য উচ্চাৰণ কৰাত কোনো অসুবিধা নাই, কিন্তু চৰ্ত হ'ল ব্যক্তিজনৰ অন্তৰ ঈমানৰ প্ৰতি সন্তুষ্ট থাকিব লাগিব। info

• المرتدون استوجبوا غضب الله وعذابه؛ لأنهم استحبوا الحياة الدنيا على الآخرة، وحرموا من هداية الله، وطبع الله على قلوبهم وسمعهم وأبصارهم، وجعلوا من الغافلين عما يراد بهم من العذاب الشديد يوم القيامة.
ইছলামৰ পৰা আঁতৰি যোৱা ব্যক্তি আল্লাহৰ ক্ৰোধ তথা শাস্তিৰ উপযুক্ত। কিয়নো সিহঁতে আখিৰাতৰ ওপৰত পাৰ্থিৱ জীৱনক প্ৰাধান্য দিয়ে। ফলত সিহঁত আল্লাহৰ হিদায়তৰ পৰা বঞ্চিত। আৰু আল্লাহে সিহঁতৰ অন্তৰত, সিহঁতৰ কাণত আৰু সিহঁতৰ চকুত মোহৰ মাৰি দিছে। লগতে কিয়ামতৰ দিনা সিহঁতে যি শাস্তি ভোগ কৰিব তাৰ পৰা সিহঁত অমনোযোগী কৰি দিয়া হয়। info

• كَتَبَ الله المغفرة والرحمة للذين آمنوا، وهاجروا من بعد ما فتنوا، وصبروا على الجهاد.
আল্লাহে সেইসকল লোকৰ ভাগ্যত ক্ষমা আৰু দয়া লিখি দিছে যিসকলে ঈমান পোষণ কৰিছে, নিৰ্যাতনৰ সন্মুখীন হোৱাৰ পিছত হিজৰত কৰিছে আৰু জিহাদৰ ময়দানত ধৈৰ্য ধাৰণ কৰিছে। info