Check out the new design

Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano * - Indice Traduzioni


Traduzione dei significati Versetto: (97) Sura: Al-Isrâ’
وَمَنْ یَّهْدِ اللّٰهُ فَهُوَ الْمُهْتَدِ ۚ— وَمَنْ یُّضْلِلْ فَلَنْ تَجِدَ لَهُمْ اَوْلِیَآءَ مِنْ دُوْنِهٖ ؕ— وَنَحْشُرُهُمْ یَوْمَ الْقِیٰمَةِ عَلٰی وُجُوْهِهِمْ عُمْیًا وَّبُكْمًا وَّصُمًّا ؕ— مَاْوٰىهُمْ جَهَنَّمُ ؕ— كُلَّمَا خَبَتْ زِدْنٰهُمْ سَعِیْرًا ۟
আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, প্ৰকৃততে তেৱেঁই হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক এৰি দিয়ে তথা পথভ্ৰষ্ট কৰি দিয়ে (হে ৰাছুল) আপুনি কেতিয়াও সেইসকল লোকৰ বাবে এনেকুৱা কোনো সংৰক্ষক নাপাব, যিয়ে সিহঁতক সত্যৰ পথ দেখুৱাব তথা সিহঁতৰ কষ্ট দুৰ কৰিব পাৰিব, আৰু সিহঁতৰ উপকাৰ কৰিব। সিহঁতক কিয়ামতৰ দিনা উবৰি খাই পৰি থকা অৱস্থাত চোঁচৰাই আমি একত্ৰিত কৰিম, সিহঁতে তেতিয়া দেখিবও নোৱাৰিব, কথা কবও নোৱাৰিব আৰু শুনিবও নোৱাৰিব। সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। যেতিয়াই অগ্নিশিখা শান্ত হ'বলৈ ধৰিব তেতিয়াই আমি সেইটোক উত্তেজিত কৰিম।
Esegesi in lingua araba:
Alcuni insegnamenti da trarre da questi versi sono:
• الله تعالى هو المنفرد بالهداية والإضلال، فمن يهده فهو المهتدي على الحقيقة، ومن يضلله ويخذله فلا هادي له.
আল্লাহেই হিদায়ত আৰু পথভ্ৰষ্টতাৰ তাওফীক দিয়ে, তেওঁ যাক হিদায়ত দিয়ে সেই ব্যক্তিয়েই হৈছে প্ৰকৃত হিদায়তপ্ৰাপ্ত। আনহাতে তেওঁ যাক পথভ্ৰষ্ট কৰে আৰু এৰি দিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে।

• مأوى الكفار ومستقرهم ومقامهم جهنم، كلما سكنت نارها زادها الله نارًا تلتهب.
কাফিৰসকলৰ স্থান তথা ঠিকনা হৈছে জাহান্নাম। যেতিয়াই ইয়াৰ জুই দুৰ্বল হ'ব তেতিয়াই আল্লাহে ইয়াক আৰু অধিক প্ৰজ্জ্বলিত কৰিব।

• وجوب الاعتصام بالله عند تهديد الطغاة والمُسْتَبدين.
অত্যাচাৰী, পাপিষ্ঠ স্বৈৰাচাৰীসকলৰ ধমকৰ সময়ত আল্লাহৰ আদেশ নিষেধ মজবুতভাৱে ধাৰণ কৰা অনিবাৰ্য।

• الطغاة والمُسْتَبدون يلجؤون إلى استخدام السلطة والقوة عندما يواجهون أهل الحق؛ لأنهم لا يستطيعون مواجهتهم بالحجة والبيان.
অত্যাচাৰী তথা স্বৈৰাচাৰী লোকসকলে সত্যবাদীসকলৰ মুখামুখি হ'বলৈ দলবল আৰু শক্তিৰ সহায় লয়, কিয়নো সিহঁতে প্ৰমাণ আৰু স্পষ্ট যুক্তিৰে কেতিয়াও মোকাবিলা কৰিবলৈ সক্ষম নহয়।

 
Traduzione dei significati Versetto: (97) Sura: Al-Isrâ’
Indice delle Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano - Indice Traduzioni

Emesso dal Tafseer Center per gli Studi Coranici.

Chiudi