Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
184 : 3

فَاِنْ كَذَّبُوْكَ فَقَدْ كُذِّبَ رُسُلٌ مِّنْ قَبْلِكَ جَآءُوْ بِالْبَیِّنٰتِ وَالزُّبُرِ وَالْكِتٰبِ الْمُنِیْرِ ۟

হে নবী! যদি সিহঁতে আপোনাক অস্বীকাৰ কৰিছে তেন্তে আপুনি চিন্তিত নহব। কাফিৰসকলৰ চৰিত্ৰই এইটো। আপোনাৰ পূৰ্বেও বহুত ৰাছুলক অস্বীকাৰ কৰা হৈছে। তেওঁলোকে স্পষ্ট প্ৰমাণ, উপদেশমূলক পুথি লগতে আহকাম আৰু চৰীয়তৰ পিনে পথপ্ৰদৰ্শনকাৰী পুথি লৈ আহিছিল। info
التفاسير:
Insegnamenti tratti dai versetti:
• من سوء فعال اليهود وقبيح أخلاقهم اعتداؤهم على أنبياء الله بالتكذيب والقتل.
ইয়াহুদীসকলৰ কুকৰ্ম আৰু সিহঁতৰ নিকৃষ্টতাৰ এটা উদাহৰণ এই যে, সিহঁতে আল্লাহৰ নবীসকলক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকক হত্যাও কৰিছিল। info

• كل فوز في الدنيا فهو ناقص، وإنما الفوز التام في الآخرة، بالنجاة من النار ودخول الجنة.
পৃথিৱীৰ সকলো সফলতা অসম্পূৰ্ণ, আনহাতে আখিৰাতৰ সফলতাই হৈছে পৰিপূৰ্ণ সফলতা। আৰু সেয়া হৈছে জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ। info

• من أنواع الابتلاء الأذى الذي ينال المؤمنين في دينهم وأنفسهم من قِبَل أهل الكتاب والمشركين، والواجب حينئذ الصبر وتقوى الله تعالى.
সেই কষ্টও এক প্ৰকাৰৰ পৰীক্ষা, যিটো মুমিনসকলে আহলে কিতাব আৰু মুশ্বৰিকসকলৰ ফালৰ পৰা পাই থাকে। এনেকুৱা পৰিস্থিত ধৈৰ্য ধাৰণ কৰা উচিত আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত। info