Traduzione dei Significati del Sacro Corano - TRADUZIONE ASSAMESE – Esegesi Sintetica del Nobile Corano

external-link copy
62 : 3

اِنَّ هٰذَا لَهُوَ الْقَصَصُ الْحَقُّ ۚ— وَمَا مِنْ اِلٰهٍ اِلَّا اللّٰهُ ؕ— وَاِنَّ اللّٰهَ لَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟

ঈছা আলাইহিছ ছালাম সম্পৰ্কে আমি আপোনাক যি সংবাদ দিলো সেয়া নিশ্চিতভাৱে সত্য। ইয়াত কোনো ধৰণৰ মিছা তথা সন্দেহৰ অৱকাশ নাই। একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। আল্লাহ তেওঁৰ ৰাজত্বত মহাপৰাক্ৰমশালী। তেওঁ পৰিচালনাত, আদেশত আৰু সৃষ্টিত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
Insegnamenti tratti dai versetti:
• أن الرسالات الإلهية كلها اتفقت على كلمة عدل واحدة، وهي: توحيد الله تعالى والنهي عن الشرك.
সকলো ঐশী ধৰ্মই এটা ন্যায় বাক্যৰ ওপৰত একমত। আৰু সেয়া হৈছেঃ আল্লাহক এক বুলি স্বীকাৰ কৰা (আৰু কেৱল তেওঁৰেই ইবাদত কৰা), আৰু শ্বিৰ্ক বৰ্জন কৰা। info

• أهمية العلم بالتاريخ؛ لأنه قد يكون من الحجج القوية التي تُرَدُّ بها دعوى المبطلين.
ইতিহাসৰ জ্ঞান আহৰণ কৰাৰ মহত্ব। কিয়নো কেতিয়াবা কেতিয়াবা এই জ্ঞানে অসত্যৰ প্ৰচাৰকসকলৰ দাবী খন্ডন কৰাত সহায় কৰে। info

• أحق الناس بإبراهيم عليه السلام من كان على ملته وعقيدته، وأما مجرد دعوى الانتساب إليه مع مخالفته فلا تنفع.
ইব্ৰাহীম আলাইহিছ ছালামৰ লগত সম্পৰ্ক স্থাপন কৰাৰ আটাইতকৈ বেছি অধিকাৰ সেই ব্যক্তিৰ যিয়ে তেওঁৰ দ্বীন আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ বিৰুদ্ধাচৰণ কৰি কেৱল তেওঁৰ লগত সম্পৰ্ক স্থাপনৰ দাবী কৰাটো লাভদায়ক নহয়। info

• دَلَّتِ الآيات على حرص كفرة أهل الكتاب على إضلال المؤمنين من هذه الأمة حسدًا من عند أنفسهم.
এই আয়াতসমূহৰ দ্বাৰা এই কথাও প্ৰমাণ হয় যে, আহলে কিতাবৰ কাফিৰসকলে কেৱল ঈৰ্ষাৰ কাৰণে মুমিনসকলক পথভ্ৰষ্ট কৰাৰ কামনা কৰে। info