Check out the new design

Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano * - Indice Traduzioni


Traduzione dei significati Versetto: (3) Sura: An-Nisâ’
وَاِنْ خِفْتُمْ اَلَّا تُقْسِطُوْا فِی الْیَتٰمٰی فَانْكِحُوْا مَا طَابَ لَكُمْ مِّنَ النِّسَآءِ مَثْنٰی وَثُلٰثَ وَرُبٰعَ ۚ— فَاِنْ خِفْتُمْ اَلَّا تَعْدِلُوْا فَوَاحِدَةً اَوْ مَا مَلَكَتْ اَیْمَانُكُمْ ؕ— ذٰلِكَ اَدْنٰۤی اَلَّا تَعُوْلُوْا ۟ؕ
যদি তোমালোকৰ আশংকা হয় যে, তোমালোকৰ অধীনত থকা অনাথ ছোৱালীক বিবাহ কৰালে তোমালোকে ন্যায় কৰিব নোৱাৰিবা, অথবা সিহঁতৰ নিৰ্দিষ্ট মোহৰ কম হোৱাৰ আশংকা হলে নাইবা সিহঁতৰ লগত দুৰ্ব্যৱহাৰ হোৱাৰ আশংকা হয়, যদি পৰিস্থিতি এনেকুৱা হয় তেন্তে তোমালোকে সিহঁতক এৰি বেলেগ পৱিত্ৰ নাৰীক বিবাহ কৰোৱা। যদি তোমালোকে ইচ্ছা কৰা দুই অথবা তিনি নাইবা চাৰিজনী লৈকে বিবাহ কৰিব পাৰা। কিন্তু যদি আশংকা হয় যে, তোমালোকে সিহঁতৰ মাজত ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰিবা তেন্তে এজনীতেই সীমিত থাকা, লগতে যিসকল দাসী তোমালোকৰ অধীনত আছে সেইসকলৰ দ্বাৰা উপকৃত হোৱা। কিয়নো পত্নীৰ বাবে যিবিলাক অধিকাৰ অনিবাৰ্য সেইবোৰ অধিকাৰ সিহঁতৰ নাই। এতেকে অনাথৰ বিষয়ে তথা এজনী স্ত্ৰী ৰখা সম্পৰ্কে লগতে দাসীৰ দ্বাৰা উপকৃত হোৱাৰ যিটো বিষয় এই আয়াতত উল্লেখ কৰা হৈছে, এয়া এই কাৰণে যে, যাতে তোমালোকে অন্যায়-অত্যাচাৰ নকৰা আৰু সঠিক পথৰ পৰা দূৰ নোহোৱা।
Esegesi in lingua araba:
Alcuni insegnamenti da trarre da questi versi sono:
• الأصل الذي يرجع إليه البشر واحد، فالواجب عليهم أن يتقوا ربهم الذي خلقهم، وأن يرحم بعضهم بعضًا.
সেই মূল যাৰ পিনে মানুহে প্ৰত্যাৱৰ্তন কৰে, তেওঁ এজন। সেয়ে তেওঁলোকে নিজ প্ৰতিপালকক ভয় কৰা উচিত, যিয়ে তেওঁলোকক সৃষ্টি কৰিছে, আৰু তেওঁলোকে ইজনে সিজনৰ প্ৰতি দয়া কৰা উচিত।

• أوصى الله تعالى بالإحسان إلى الضعفة من النساء واليتامى، بأن تكون المعاملة معهم بين العدل والفضل.
আল্লাহে দুৰ্বলসকলৰ লগত অৰ্থাৎ নাৰী আৰু অনাথৰ সৈতে ভাল ব্যৱহাৰ কৰাৰ উপদেশ দিছে যে, যাতে সিহঁতৰ সৈতে ন্যায় আৰু অনুগ্ৰহৰ সম্পৰ্ক গঢ়ি তোলা হয়।

• جواز تعدد الزوجات إلى أربع نساء، بشرط العدل بينهن، والقدرة على القيام بما يجب لهن.
চাৰিজনী নাৰীক বিবাহ পাশত ৰখাৰ অনুমতি এই চৰ্তত দিয়া হৈছে যে, সিহঁতৰ মাজত ন্যায় কৰিব লাগিব। লগতে সিহঁতৰ অধিকাৰ পূৰণ কৰাৰ ক্ষমতা থাকিব লাগিব।

• مشروعية الحَجْر على السفيه الذي لا يحسن التصرف، لمصلحته، وحفظًا للمال الذي تقوم به مصالح الدنيا من الضياع.
উক্ত আয়াতসমূহৰ পৰা বুজা গল, এনেকুৱা বুদ্ধিহীন লোক যিয়ে নিজৰ সম্পদৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ এই সম্পদ বিনষ্ট হোৱাৰ পৰা বচাবলৈ এজন সংৰক্ষক হোৱা উচিত, যি সম্পদৰ লগত তাৰ পৃথিৱীৰ সকলো সুবিধা জৰিত।

 
Traduzione dei significati Versetto: (3) Sura: An-Nisâ’
Indice delle Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano - Indice Traduzioni

Emesso dal Tafseer Center per gli Studi Coranici.

Chiudi