Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano * - Indice Traduzioni


Traduzione dei significati Versetto: (57) Sura: Az-Zukhruf
وَلَمَّا ضُرِبَ ابْنُ مَرْیَمَ مَثَلًا اِذَا قَوْمُكَ مِنْهُ یَصِدُّوْنَ ۟
যেতিয়া মুশ্বৰিকসকলে এই ধাৰণা পোষণ কৰিলে যে, খৃষ্টানসকলে উপাসনা কৰা ঈছা আলাইহিচ্ছালামো এই আয়াতৰ অন্তৰ্ভুক্ত, য’ত আল্লাহ তাআলাই কৈছেঃ “নিশ্চয় তোমালোক আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ উপাসনা কৰা, সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন, তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা”। (ছুৰা আম্বিয়া) কিয়নো আল্লাহে তেওঁৰ ইবাদত কৰিবলৈও নিষেধ কৰিছে, যিদৰে মূৰ্ত্তিবোৰৰ উপাসনা নিষেধ কৰিছে। হে ৰাছুল! এই আয়াত শুনাৰ লগে লগে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে আনন্দিত হৈ হুলস্থূল কৰিবলৈ ধৰিলে আৰু ক’লেঃ আমি বিচাৰোঁ ঈছা আলাইহিচ্ছালামৰ স্থানত আপুনি আমাৰ উপাস্য হওক। সিহঁতৰ এই আচৰণ দেখি আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ “নিশ্চয় আমাৰ ফালৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে, তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব”। (ছুৰা আম্বিয়া)
Esegesi in lingua araba:
Alcuni insegnamenti da trarre da questi versi sono:
• نَكْث العهود من صفات الكفار.
অঙ্গীকাৰ ভংগ কৰাটো হৈছে কাফিৰসকলৰ চৰিত্ৰ।

• الفاسق خفيف العقل يستخفّه من أراد استخفافه.
পাপিষ্ঠ ব্যক্তিৰ বুদ্ধি কম। যিকোনো ব্যক্তিয়ে তাক বুৰ্বক সজাব পাৰে।

• غضب الله يوجب الخسران.
আল্লাহ ক্ৰোধান্বিত হ’লে ক্ষতি অনিবাৰ্য।

• أهل الضلال يسعون إلى تحريف دلالات النص القرآني حسب أهوائهم.
পথভ্ৰষ্টসকলে নিজৰ ইচ্ছা অনুসাৰে কোৰআনৰ অপব্যাখ্যা কৰাৰ প্ৰয়াস কৰে।

 
Traduzione dei significati Versetto: (57) Sura: Az-Zukhruf
Indice delle Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano - Indice Traduzioni

Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano, edita da Tafseer Center for Quranic Studies

Chiudi