Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano * - Indice Traduzioni


Traduzione dei significati Versetto: (35) Sura: Al-Jâthiyah
ذٰلِكُمْ بِاَنَّكُمُ اتَّخَذْتُمْ اٰیٰتِ اللّٰهِ هُزُوًا وَّغَرَّتْكُمُ الْحَیٰوةُ الدُّنْیَا ۚ— فَالْیَوْمَ لَا یُخْرَجُوْنَ مِنْهَا وَلَا هُمْ یُسْتَعْتَبُوْنَ ۟
এই শাস্তি তোমালোকক এইকাৰণে দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ আয়াতসমূহক উপহাসৰ পাত্ৰ বনাই লৈছিলা তথা সেইবোৰকলৈ ঠাট্টা-মস্কৰা কৰিছিলা, লগতে পাৰ্থিৱ জীৱনৰ সা-সুবিধা আৰু চাহিদাই তোমালোকক প্ৰতাৰিত কৰিছিল। গতিকে আল্লাহৰ আয়াতসমূহক ঠাট্টা কৰা কাফিৰসকলে জাহান্নামৰ পৰা কেতিয়াও নিস্তাৰ নাপাব। বৰং চিৰকাল তাতেই অৱস্থান কৰিব। সৎকৰ্ম কৰিবলৈ কেতিয়াও সিহঁতক পাৰ্থিৱ জীৱনলৈ ওভোতাই পঠোৱা নহ'ব। তথা প্ৰতিপালকেও কেতিয়াও সিহঁতৰ প্ৰতি সন্তুষ্ট নহ’ব।
Esegesi in lingua araba:
Alcuni insegnamenti da trarre da questi versi sono:
• الاستهزاء بآيات الله كفر.
আল্লাহৰ আয়াতসমূহক উপহাস কৰা হৈছে কুফৰী কৰ্ম।

• خطر الاغترار بلذات الدنيا وشهواتها.
পাৰ্থিৱ জীৱনৰ লোভ, মোহ, চাহিদা আদি হৈছে ক্ষতিকৰ।

• ثبوت صفة الكبرياء لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘মহিমা’ৰ প্ৰমাণ পোৱা গ’ল।

• إجابة الدعاء من أظهر أدلة وجود الله سبحانه وتعالى واستحقاقه العبادة.
আল্লাহৰ অস্তিত্বৰ সপক্ষে দুআ কবূল হোৱাটোও এটা স্পষ্ট প্ৰমাণ, আৰু তেৱেঁই ইবাদতৰ যোগ্য।

 
Traduzione dei significati Versetto: (35) Sura: Al-Jâthiyah
Indice delle Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano - Indice Traduzioni

Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano, edita da Tafseer Center for Quranic Studies

Chiudi