Check out the new design

Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano * - Indice Traduzioni


Traduzione dei significati Sura: Al-Hâqqah   Versetto:
وَجَآءَ فِرْعَوْنُ وَمَنْ قَبْلَهٗ وَالْمُؤْتَفِكٰتُ بِالْخَاطِئَةِ ۟ۚ
ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসী অৰ্থাৎ লুত আলাইহিছ ছালামৰ সম্প্ৰদায়ৰ লোকে শ্বিৰ্ক আৰু অবাধ্যতাত লিপ্ত হৈছিল।
Esegesi in lingua araba:
فَعَصَوْا رَسُوْلَ رَبِّهِمْ فَاَخَذَهُمْ اَخْذَةً رَّابِیَةً ۟
আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই নিজ ৰাছুলৰ লগত অবাধ্য আচৰণ কৰিছিল আৰু তেওঁক অস্বীকাৰ কৰিছিল। ফলত আল্লহে সিহঁতক তাতকৈ অধিক কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিছিল, যাৰ দ্বাৰা সিহঁতক ধ্বংস কৰা হৈছে।
Esegesi in lingua araba:
اِنَّا لَمَّا طَغَا الْمَآءُ حَمَلْنٰكُمْ فِی الْجَارِیَةِ ۟ۙ
যেতিয়া পানী বিপদৰ সীমা চেৰাই গৈছিল তেতিয়া আমি তোমালোকৰ পূৰ্বপুৰুষ সকলক সেই নাৱত আৰোহণ কৰাইছিলো যিটো নূহ আলাইহিছ ছালামে আমাৰ আদেশমৰ্মে তৈয়াৰ কৰিছিল।
Esegesi in lingua araba:
لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَّتَعِیَهَاۤ اُذُنٌ وَّاعِیَةٌ ۟
যাতে আমি নাও আৰু ইয়াৰ কাহিনীক এক শিক্ষাৰ সামগ্ৰী হিচাপে চিহ্নিত কৰি দিও যে, কাফিৰবিলাকৰ ধংস আৰু মুমিনসকলক মুক্তিৰ প্ৰমাণ হিচাপে দেখাব পৰা যায় আৰু ইয়াক এনেকুৱা কাণে যাতে মনত ৰাখিব পাৰে যিয়ে শুনা মাত্ৰকে মনত ৰাখে।
Esegesi in lingua araba:
فَاِذَا نُفِخَ فِی الصُّوْرِ نَفْخَةٌ وَّاحِدَةٌ ۟ۙ
তাৰ পিছত যেতিয়া শিঙাত ফুঁ দিয়া কাৰ্যত নিযুক্ত ফিৰিস্তাই শিঙাত এটা ফুঁ মাৰিব। অৰ্থাৎ এইটো হব দ্বিতীয় ফুঁ।
Esegesi in lingua araba:
وَّحُمِلَتِ الْاَرْضُ وَالْجِبَالُ فَدُكَّتَا دَكَّةً وَّاحِدَةً ۟ۙ
আৰু পৃথিৱী তথা পাহাৰসমূহক উঠাই নিয়া হব আৰু মাত্ৰ এটা আঘাত কৰা হব, ফলত পৃথিৱী তথা তাৰ ওপৰত থকা পাহাৰসমূহ চূৰ্ণ- বিচূৰ্ণ হৈ যাব।
Esegesi in lingua araba:
فَیَوْمَىِٕذٍ وَّقَعَتِ الْوَاقِعَةُ ۟ۙ
যিদিনাখন এইবোৰ হব সিদিনাই ক্বিয়ামত সংঘটিত হ’ব।
Esegesi in lingua araba:
وَانْشَقَّتِ السَّمَآءُ فَهِیَ یَوْمَىِٕذٍ وَّاهِیَةٌ ۟ۙ
আৰু সিদিনাখন আকাশ বিদীৰ্ণ হব যাতে তাৰ ফাটেৰে ফিৰিস্তাসকল অৱতীৰ্ণ হব পাৰে। সিদিনাখন ই দূৰ্বল হৈ যাব, যদিও ই আছিল অতি মজবুত।
Esegesi in lingua araba:
وَّالْمَلَكُ عَلٰۤی اَرْجَآىِٕهَا ؕ— وَیَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ یَوْمَىِٕذٍ ثَمٰنِیَةٌ ۟ؕ
সিদিনাখন ফিৰিস্তাসকলে আকাশৰ বিভিন্ন প্ৰান্তত আৰু চোকে কোণে থাকিব। আৰু সেই ভীষণ দিনত আঠজন নিকটৱৰ্তী ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰি থাকিব।
Esegesi in lingua araba:
یَوْمَىِٕذٍ تُعْرَضُوْنَ لَا تَخْفٰی مِنْكُمْ خَافِیَةٌ ۟
সিদিনাখন তোমালোকক (হে মানৱ) আল্লাহৰ সন্মুখত উপস্থিত কৰা হ’ব। তোমালোকৰ কোনো কথাই আল্লাহৰ পৰা গোপন হৈ নাথাকিব। বৰং আল্লাহে তোমালোকৰ সকলো কথাই জানে।
Esegesi in lingua araba:
فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ فَیَقُوْلُ هَآؤُمُ اقْرَءُوْا كِتٰبِیَهْ ۟ۚ
তাৰ পিছত সেই ব্যক্তি, যাক তাৰ কৰ্মপত্ৰ তাৰ সোঁ হাতত দিয়া হব তেওঁ আনন্দ আৰু সন্তুষ্ট হৈ কবঃ লোৱা, মোৰ কৰ্মপত্ৰ পঢ়ি চোৱা।
Esegesi in lingua araba:
اِنِّیْ ظَنَنْتُ اَنِّیْ مُلٰقٍ حِسَابِیَهْ ۟ۚ
মই পৃথিৱীত জানিছিলো আৰু বিশ্বাস কৰিছিলো যে মোক পুনৰ জীৱিত কৰা হ’ব আৰু নিজৰ কৰ্মৰ প্ৰতিফল বা পৰিণাম পাব লাগিব।
Esegesi in lingua araba:
فَهُوَ فِیْ عِیْشَةٍ رَّاضِیَةٍ ۟ۙ
এতেকে তেওঁ উত্ফুল্লিত আৰু আনন্দময় জীৱনত থাকিব। কিয়নো তেওঁ প্ৰত্যেক ফালে চিৰস্থায়ী অনুগ্ৰহ দেখিবলৈ পাব।
Esegesi in lingua araba:
فِیْ جَنَّةٍ عَالِیَةٍ ۟ۙ
এনেকুৱা জান্নাতত থাকিব যিটো মৰ্যদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত।
Esegesi in lingua araba:
قُطُوْفُهَا دَانِیَةٌ ۟
তাৰ ফল-মূলবোৰ ভক্ষণকাৰীৰ অতি ওচৰত থাকিব।
Esegesi in lingua araba:
كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَاۤ اَسْلَفْتُمْ فِی الْاَیَّامِ الْخَالِیَةِ ۟
সিহঁতক সন্মান স্বৰূপ কোৱা হ’বঃ এইবোৰ খোৱা আৰু পান কৰা। যাৰ ভিতৰত কোনো কষ্ট নাই। সেই সত্কৰ্মৰ বিনিময়ত যিবোৰ তোমালোকে বিগত দিনত কৰি আহিছা।
Esegesi in lingua araba:
وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِشِمَالِهٖ ۙ۬— فَیَقُوْلُ یٰلَیْتَنِیْ لَمْ اُوْتَ كِتٰبِیَهْ ۟ۚ
আৰু সেই ব্যক্তি যাক তাৰ কৰ্মপত্ৰ বাওঁ হাতত দিয়া হব তেওঁ অতি লজ্জিত হৈ কবঃ হায়. যদি মোক মোৰ আমলনামা দিয়া নহলহেঁতেন! কিয়নো তাৰ ভিতৰত ইমান পাপ কৰ্ম আছে যিবোৰ মোক শাস্তিৰ অধিকাৰী প্ৰমাণিত কৰে।
Esegesi in lingua araba:
وَلَمْ اَدْرِ مَا حِسَابِیَهْ ۟ۚ
আৰু হায়! যদি মই নাজানিলোহেঁতেন যে মোৰ হিচাপ কি হ’ব?
Esegesi in lingua araba:
یٰلَیْتَهَا كَانَتِ الْقَاضِیَةَ ۟ۚ
হায়! সেই মৃত্যু যিটো এবাৰ মোলৈ আহিছিল সেইটোৱে যদি এনেকুৱা হলেহেঁতেন যে তাৰ পিছত কেতিয়াও উত্থাপন কৰা নহলেহেঁতেন।
Esegesi in lingua araba:
مَاۤ اَغْنٰی عَنِّیْ مَالِیَهْ ۟ۚ
মোৰ ধন- সম্পদে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।
Esegesi in lingua araba:
هَلَكَ عَنِّیْ سُلْطٰنِیَهْ ۟ۚ
মোৰ প্ৰমাণ তথা সেই শক্তি আৰু সন্মান, মোৰ পৰা বিলুপ্ত হৈ গল যাৰ প্ৰতি মই নিৰ্ভৰ কৰিছিলো।
Esegesi in lingua araba:
خُذُوْهُ فَغُلُّوْهُ ۟ۙ
আৰু কোৱা হ’বঃ (হে ফিৰিস্থাসকল) তাক ধৰা, তাৰ হাত ডিঙিৰ সৈতে বান্ধি দিয়া।
Esegesi in lingua araba:
ثُمَّ الْجَحِیْمَ صَلُّوْهُ ۟ۙ
তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা, যাতে ইয়াৰ উত্তাপ ভোগ কৰিব পাৰে।
Esegesi in lingua araba:
ثُمَّ فِیْ سِلْسِلَةٍ ذَرْعُهَا سَبْعُوْنَ ذِرَاعًا فَاسْلُكُوْهُ ۟ؕ
তাৰ পিছত তাক এনেকুৱা শিকলিৰে বান্ধি থোৱা, যাৰ দৈৰ্ঘ সত্তৰ হাত।
Esegesi in lingua araba:
اِنَّهٗ كَانَ لَا یُؤْمِنُ بِاللّٰهِ الْعَظِیْمِ ۟ۙ
নিশ্চিয় সি মহান আল্লাহৰ প্ৰতি ঈমান আনা নাছিল।
Esegesi in lingua araba:
وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ؕ
মিছকিনসকলক খাদ্য খোওৱাবলৈ অন্য মানুহক উত্সাহিত কৰা নাছিল।
Esegesi in lingua araba:
فَلَیْسَ لَهُ الْیَوْمَ هٰهُنَا حَمِیْمٌ ۟ۙ
এতেকে ক্বিয়ামতৰ দিনা তেওঁৰ কোনো নিকটৱৰ্তী নাথাকিব, যিয়ে তাক শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।
Esegesi in lingua araba:
Alcuni insegnamenti da trarre da questi versi sono:
• المِنَّة التي على الوالد مِنَّة على الولد تستوجب الشكر.
পিতাৰ প্ৰতি উপকাৰ কৰিলে সন্তানৰ প্ৰতিও উপকাৰ হয় যাৰ কৃতজ্ঞতা পালন কৰা তাৰ প্ৰতি আৱশ্যক।

• إطعام الفقير والحض عليه من أسباب الوقاية من عذاب النار.
ফকিৰ- মিছকিনক খাদ্য খোৱোওৱা আৰু তাৰ প্ৰতি মানুহক উত্সাহিত কৰা আল্লাহৰ শাস্তিৰ পৰা ৰেহাই পোৱাৰ উপায়।

• شدة عذاب يوم القيامة تستوجب التوقي منه بالإيمان والعمل الصالح.
ক্বিয়ামতৰ দিনাৰ শাস্তিৰ কঠোৰতাই প্ৰমাণিত কৰে যে, তাৰ পৰা বাচিবলৈ ঈমান আৰু সত্কৰ্ম কৰা উচিত

 
Traduzione dei significati Sura: Al-Hâqqah
Indice delle Sure Numero di pagina
 
Traduzione dei Significati del Sacro Corano - Traduzione in assamese dell'Esegesi Abbreviata del Nobile Corano - Indice Traduzioni

Emesso dal Tafseer Center per gli Studi Coranici.

Chiudi