Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (31) 章: 夜の旅章
وَلَا تَقْتُلُوْۤا اَوْلَادَكُمْ خَشْیَةَ اِمْلَاقٍ ؕ— نَحْنُ نَرْزُقُهُمْ وَاِیَّاكُمْ ؕ— اِنَّ قَتْلَهُمْ كَانَ خِطْاً كَبِیْرًا ۟
তোমালোকে নিজৰ সন্তান-সন্ততিক এই ভয়ত হত্যা নকৰিবা যে, সিহঁতৰ প্ৰতি ব্যয় কৰিলে তোমালোকে দৰিদ্ৰ হৈ পৰিবা। এনেকুৱা ধাৰণা একেবাৰে ভুল। সিহঁতক জীৱিকা দিয়াৰ দায়িত্ব হৈছে আমাৰ আৰু তোমালোককো আমিয়েই জীৱিকা দিওঁ। নিশ্চয় সিহঁতক হত্যা কৰাটো হৈছে মহাপাপ। কিয়নো সিহঁত অপৰাধীও নহয় আৰু এনেকুৱা কোনো অপৰাধও কৰা নাই, যাৰ ফলত সিহঁতক হত্যা কৰা উচিত হ'ব।
アラビア語 クルアーン注釈:
本諸節の功徳:
• الأدب الرفيع هو رد ذوي القربى بلطف، ووعدهم وعدًا جميلًا بالصلة عند اليسر، والاعتذار إليهم بما هو مقبول.
উত্তম শিষ্টাচাৰৰ পৰিচয় হৈছে এই যে, আত্মীয়ক কিবা দিব নোৱাৰিলেও ভাল ব্যৱহাৰ কৰা উচিত। উত্তমভাৱে স্বচ্ছল অৱস্থাত প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া উচিত, যাতে বেয়া নাপায় সেই অনুপাতে কথা কোৱা উচিত।

• الله أرحم بالأولاد من والديهم؛ فنهى الوالدين أن يقتلوا أولادهم خوفًا من الفقر والإملاق وتكفل برزق الجميع.
আল্লাহ তাআলা পিতৃ-মাতৃতকৈও অধিক দয়ালু, সেইকাৰণেই তেওঁ সিহঁতক নিৰ্ধনতা তথা দৰিদ্ৰতাৰ ভয়ত নিজৰ সন্তানক হত্যা কৰিবলৈ নিষেধ কৰিছে। আৰু সকলোৰে জীৱিকাৰ দায়িত্ব তেওঁৰ অধীনত লৈছে।

• في الآيات دليل على أن الحق في القتل للولي، فلا يُقْتَص إلا بإذنه، وإن عفا سقط القصاص.
উক্ত আয়াতবোৰত প্ৰমাণ পোৱা গ'ল যে, কিচাচ লোৱাৰ অধিকাৰ হৈছে নিহত ব্যক্তিৰ অভিভাৱকৰ। এতেকে তেওঁৰ অনুমতি নোহোৱাকৈ কিচাচ লোৱা নহ'ব, তথা তেওঁ ক্ষমা কৰি দিলে কিচাচ ক্ষমা হৈ যাব।

• من لطف الله ورحمته باليتيم أن أمر أولياءه بحفظه وحفظ ماله وإصلاحه وتنميته حتى يبلغ أشده.
অনাথৰ প্ৰতি আল্লাহৰ অশেষ দয়া আৰু কৃপা এই যে, তেওঁ অনাথৰ অভিভাৱকক তাৰ সুৰক্ষা আৰু তাৰ সম্পদৰ সুৰক্ষা, চোৱাচিতা আৰু সম্পদ বৃদ্ধি কৰাৰ আদেশ দিছে, যেতিয়ালৈকে অনাথ শিশু প্ৰাপ্তবয়স্ক তথা বুজিব পৰা অৱস্থাত উপনীত নহয়।

 
対訳 節: (31) 章: 夜の旅章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる