Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 節: (253) 章: 雌牛章
تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلٰی بَعْضٍ ۘ— مِنْهُمْ مَّنْ كَلَّمَ اللّٰهُ وَرَفَعَ بَعْضَهُمْ دَرَجٰتٍ ؕ— وَاٰتَیْنَا عِیْسَی ابْنَ مَرْیَمَ الْبَیِّنٰتِ وَاَیَّدْنٰهُ بِرُوْحِ الْقُدُسِ ؕ— وَلَوْ شَآءَ اللّٰهُ مَا اقْتَتَلَ الَّذِیْنَ مِنْ بَعْدِهِمْ مِّنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ وَلٰكِنِ اخْتَلَفُوْا فَمِنْهُمْ مَّنْ اٰمَنَ وَمِنْهُمْ مَّنْ كَفَرَ ؕ— وَلَوْ شَآءَ اللّٰهُ مَا اقْتَتَلُوْا ۫— وَلٰكِنَّ اللّٰهَ یَفْعَلُ مَا یُرِیْدُ ۟۠
সেই সকল ৰাছুল যিসকলৰ বিষয়ে আমি উল্লেখ কৰিছো, তেওঁলোকৰ মাজত কিছুমানক আমি অহী, অনুগামী আৰু শ্ৰেণীৰ ফালেৰে আন আন নবী আৰু ৰাছুলসকলৰ তুলনাত প্ৰাধান্য দিছো। তেওঁলোকৰ মাজত কিছুমান এনেকুৱা আছে যিসকলৰ লগত আল্লাহে কথা পাতিছে, যেনে- মুছা আলাইহিছ ছালাম। আৰু আন কিছুমানক উচ্চ মৰ্যদা প্ৰদান কৰিছে, যেনে- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। কিয়নো তেখেতক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। তেখেতৰ জৰিয়তে নবুওৱতৰ ধাৰা বন্ধ কৰি দিয়া হৈছে। লগতে তেখেতৰ উম্মতক আন সকলো উম্মতৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰা হৈছে। আৰু (আল্লাহে কৈছেঃ) আমিয়ে মৰিয়মৰ পুত্ৰ ঈছাক তেওঁৰ নবুওৱত প্ৰমাণ কৰিবলৈ স্পষ্ট অলৌকিকতা প্ৰদান কৰিছো, যেনে- মৃত ব্যক্তিক জীৱিত কৰা, অন্ধ আৰু কুষ্ঠ ৰোগীক আৰোগ্য প্ৰদান কৰা। আমিয়ে জিব্ৰীল আলাইহিছ ছালামৰ দ্বাৰা তেওঁক সমৰ্থন কৰিছিলো যাতে আল্লাহৰ আদেশ পালন কৰাত তেওঁৰ সুবিধা হয়। যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে ৰাছুলৰ পিছত অহা লোকে স্পষ্ট নিদৰ্শন পোৱাৰ পিছতো পৰস্পৰে মতভেদ নকৰিলেহেঁতেন। কিন্তু তথাপিও সিহঁতে মতভেদ কৰিলে আৰু বিভাজিত হৈ গল। সিহঁতৰ মাজৰ কিছুমানে আল্লাহৰ প্ৰতি ঈমান আনিলে আৰু কিছুমানে অস্বীকাৰ কৰিলে। অথচ আল্লাহে বিচাৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহলেহেঁতেন। কিন্তু আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। এতেকে তেওঁ যাক বিচাৰে নিজ কৃপা আৰু দয়াত ঈমানৰ হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁৰ ন্যায় আৰু হিকমতেৰে পথভ্ৰষ্ট কৰে।
アラビア語 クルアーン注釈:
本諸節の功徳:
• أن الله تعالى قد فاضل بين رسله وأنبيائه، بعلمه وحكمته سبحانه.
আল্লাহে তেওঁৰ নবী আৰু ৰাছুলসকলৰ মাজত তেওঁৰ জ্ঞান আৰু হিকমত অনুসাৰে প্ৰাধান্য প্ৰদান কৰিছে।

• إثبات صفة الكلام لله تعالى على ما يليق بجلاله، وأنه قد كلم بعض رسله كموسى ومحمد عليهما الصلاة والسلام.
আল্লাহৰ উপযুক্ত বাকশক্তিৰ বিশেষতাৰ প্ৰমাণ। আৰু নিশ্চয় তেওঁ কিছুমান ৰাছুলৰ লগত কথা পাতিছে। যেনে- মূছা আৰু মুহাম্মদ আলাইহিমাছ ছালাতু অচ্ছালাম।

• الإيمان والهدى والكفر والضلال كلها بمشيئة الله وتقديره، فله الحكمة البالغة، ولو شاء لهدى الخلق جميعًا.
ঈমান, হিদায়ত, কুফুৰী আৰু পথভ্ৰষ্টতা এই সকলো আল্লাহৰ ইচ্ছা আৰু তেওঁৰ পৰিমাপ মুতাবিক হয়। তেওঁ পৰম প্ৰজ্ঞাৱান। তেওঁ ইচ্ছা কৰিলে সকলো সৃষ্টিকে হিদায়ত দিলেহেঁতেন।

• آية الكرسي هي أعظم آية في كتاب الله، لما تضمنته من ربوبية الله وألوهيته وبيان أوصافه .
আয়াতুল কুৰছী কোৰআনৰ আটাইতকৈ মহান আয়াত। কিয়নো ইয়াৰ ভিতৰত আল্লাহৰ ৰূবুবিয়্যত, উলুহিয়্যত আৰু গুণাৱলীৰ বিৱৰণ আছে।

• اتباع الإسلام والدخول فيه يجب أن يكون عن رضًا وقَبول، فلا إكراه في دين الله تعالى.
ইছলামৰ অনুসৰণ আৰু তাত প্ৰৱেশ ইচ্ছা আৰু সন্তুষ্টি সহকাৰে হোৱা অনিবাৰ্য। আল্লাহৰ দ্বীনত কোনো জোৰ-জবৰদস্তি নাই।

• الاستمساك بكتاب الله وسُنَّة رسوله أعظم وسيلة للسعادة في الدنيا، والفوز في الآخرة.
আল্লাহৰ কিতাপ আৰু তেওঁৰ ৰাছুলৰ ছুন্নতক মজবুত ভাৱে ধাৰণ কৰা পৃথিৱীত সূখ-শান্তি আৰু আখিৰাতত সফলতাৰ ডাঙৰ মাধ্যম।

 
対訳 節: (253) 章: 雌牛章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる