クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳)

external-link copy
62 : 27

اَمَّنْ یُّجِیْبُ الْمُضْطَرَّ اِذَا دَعَاهُ وَیَكْشِفُ السُّوْٓءَ وَیَجْعَلُكُمْ خُلَفَآءَ الْاَرْضِ ؕ— ءَاِلٰهٌ مَّعَ اللّٰهِ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ

বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে বিপদগ্ৰস্ত তথা কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ নিৰুপায় অৱস্থাত দুআ কৰা ব্যক্তিৰ দুআত সঁহাৰি দিয়ে। লগতে মানুহে যেতিয়া বেমাৰ-আজাৰ আৰু অভাৱগ্ৰস্ত হয়, তেতিয়া সিহঁতক তেৱেঁই তাৰ পৰা ৰক্ষা কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ উত্তৰাধিকাৰী বনায়, যাতে তোমালোকে পীড়িৰ পিছত পীড়ি উত্তৰাধিকাৰী হৈ থাকিব পাৰা। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। বৰং তোমালোক খুবেই কম উপদেশ গ্ৰহণ কৰা তথা শিক্ষা গ্ৰহণ কৰা। info
التفاسير:
本諸節の功徳:
• لجوء أهل الباطل للعنف عندما تحاصرهم حجج الحق.
বাতিলপন্থীসকলে যেতিয়া সত্যৰ যুক্তি খণ্ডন কৰিব নোৱাৰে, তেতিয়া উৎপীড়ন তথা অন্যায়-অত্যাচাৰত অৱতীৰ্ণ হয়। info

• رابطة الزوجية دون الإيمان لا تنفع في الآخرة.
পতি-পত্নীৰ সম্পৰ্ক যদি ঈমানৰ পৰা খালী হয় তেন্তে সেই সম্পৰ্কই আখিৰাতত কোনো লাভদায়ক নহ'ব। info

• ترسيخ عقيدة التوحيد من خلال التذكير بنعم الله.
আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাওহীদৰ আক্বীদাক অন্তৰত দৃঢ়ভাৱে গাঁথি লোৱা উচিত। info

• كل مضطر من مؤمن أو كافر فإن الله قد وعده بالإجابة إذا دعاه.
প্ৰত্যেক নিৰুপায় ব্যক্তি, মুমিন হওক অথবা কাফিৰ; যদি আল্লাহৰ ওচৰত দুআ কৰে তেন্তে আল্লাহে তাৰ দুআ কবূল কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। info