Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 章: 真実章   節:
وَّلَا طَعَامٌ اِلَّا مِنْ غِسْلِیْنٍ ۟ۙ
আৰু তাৰ খাদ্যৰ বাবে জাহান্নামীসকলৰ শৰীৰৰ পৰা ওলোৱা পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব।
アラビア語 クルアーン注釈:
لَّا یَاْكُلُهٗۤ اِلَّا الْخَاطِـُٔوْنَ ۟۠
এইটো হৈছে পাপী আৰু অপৰাধীবিলাকৰ খাদ্য।
アラビア語 クルアーン注釈:
فَلَاۤ اُقْسِمُ بِمَا تُبْصِرُوْنَ ۟ۙ
আল্লাহ তাআলাই সেইবোৰ বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখি আছা।
アラビア語 クルアーン注釈:
وَمَا لَا تُبْصِرُوْنَ ۟ۙ
আৰু সেই বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখা নোপোৱা।
アラビア語 クルアーン注釈:
اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۚۙ
নিশ্চয় কোৰআন আল্লাহৰ বাণী। যিটো মানুহৰ আগত তেওঁৰ সন্মানিত ৰাছুলে পঢ়ি শুনাইছে।
アラビア語 クルアーン注釈:
وَّمَا هُوَ بِقَوْلِ شَاعِرٍ ؕ— قَلِیْلًا مَّا تُؤْمِنُوْنَ ۟ۙ
আৰু এয়া কোনো কবিৰ কথা নহয়। কিয়নো এয়া কোনো কবিতাৰ ৰূপত নহয়। তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
アラビア語 クルアーン注釈:
وَلَا بِقَوْلِ كَاهِنٍ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ
আৰু এয়া কোনো গণকৰ কথাও নহয়। কিয়নো গণকৰ কথা এই কোনআনৰ পৰা পৰিপূৰ্ণ ভিন্ন। তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
アラビア語 クルアーン注釈:
تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟
বৰং এয়া সকলো সৃষ্টিৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা গ্ৰন্থ।
アラビア語 クルアーン注釈:
وَلَوْ تَقَوَّلَ عَلَیْنَا بَعْضَ الْاَقَاوِیْلِ ۟ۙ
যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ নামত কোনো মনেসজা কথা কলেহঁতেন যিটো মই কোৱা নাই।
アラビア語 クルアーン注釈:
لَاَخَذْنَا مِنْهُ بِالْیَمِیْنِ ۟ۙ
তেন্তে আমি তাৰ পৰা প্ৰতিশোধ ললোহেঁতেন। আৰু তেখেতৰ সোঁ হাত নিজ শক্তি আৰু সামৰ্থৰ সৈতে ধৰিলোহেঁতেন।
アラビア語 クルアーン注釈:
ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِیْنَ ۟ؗۖ
তাৰ পিছত তেখেতৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহঁতেন। যিটো তেখেতৰ অন্তৰৰ লগত সংযোগ।
アラビア語 クルアーン注釈:
فَمَا مِنْكُمْ مِّنْ اَحَدٍ عَنْهُ حٰجِزِیْنَ ۟
এতেকে তোমালোকৰ মাজত কোনো ৰক্ষাকাৰী নাই, যিয়ে তেওঁক আমাৰ পৰা ৰক্ষা কৰিব। গতিকে তোমালোকৰ কাৰণে তেখেতে মোৰ প্ৰতি কোনো মনেসজা কথা ৰচনা কৰিব সেয়া অসম্ভৱ।
アラビア語 クルアーン注釈:
وَاِنَّهٗ لَتَذْكِرَةٌ لِّلْمُتَّقِیْنَ ۟
নিশ্চয় এই কোৰআন সেই সকলৰ বাবে শিক্ষা আৰু উপদেশ, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।
アラビア語 クルアーン注釈:
وَاِنَّا لَنَعْلَمُ اَنَّ مِنْكُمْ مُّكَذِّبِیْنَ ۟
আৰু আমি নিশ্চয় জানো যে. তোমালোকৰ মাজৰ কিছুমানে এই কোৰআন অস্বীকাৰ কৰে।
アラビア語 クルアーン注釈:
وَاِنَّهٗ لَحَسْرَةٌ عَلَی الْكٰفِرِیْنَ ۟
নিশ্চিতৰূপে কোৰআন অস্বীকাৰ কৰাটো ক্বিয়ামতৰ দিনা ডাঙৰ অনুশোচনাৰ কাৰণ হ’ব।
アラビア語 クルアーン注釈:
وَاِنَّهٗ لَحَقُّ الْیَقِیْنِ ۟
আৰু কোৰআন পৰিপূৰ্ণ সুনিশ্চিত সত্য। যিটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ গ্ৰন্থ হোৱাত কোনো সন্দেহ আৰু সংশয় নাই।
アラビア語 クルアーン注釈:
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠
এতেকে হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰি সেইবোৰ বিষয় নাকচ কৰক যিবোৰ তেওঁৰ সন্মানৰ পৰিপন্থী। আৰু আপোনাৰ প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰক।
アラビア語 クルアーン注釈:
本諸節の功徳:
• تنزيه القرآن عن الشعر والكهانة.
কোৰআন কোনো কবিতা নহয় আৰু কাহানীও নহয়।

• خطر التَّقَوُّل على الله والافتراء عليه سبحانه.
আল্লাহৰ নামত কোনো মনেসজা কথা ৰচনা কৰা আৰু তাৰ প্ৰতি আৰোপ কৰাৰ ভয়াৱহতা।

• الصبر الجميل الذي يحتسب فيه الأجر من الله ولا يُشكى لغيره.
উত্তম ধৈৰ্য হৈছে যাৰ ভিতৰত আল্লাহৰ পৰা পৰিণামৰ আশা কৰা হয় আৰু তেওঁৰ বাহিৰে কাৰো ওচৰত কোনো আবেদন নকৰা।

 
対訳 章: 真実章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる