Check out the new design

クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) * - 対訳の目次


対訳 章: 消息章   節:

আন-নাবা'

本章の趣旨:
بيان أدلة القدرة على البعث والتخويف من العاقبة.
পুনৰুত্থান সম্পৰ্কীয় ক্ষমতাৰ দলিলসমূহৰ বৰ্ণনা, আৰু শেষ পৰিণামকলৈ ভীতি প্ৰদৰ্শন কৰা হৈছে।

عَمَّ یَتَسَآءَلُوْنَ ۟ۚ
আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামক পঠোৱাৰ পিছতো মুশ্বৰিক সকলে পৰস্পৰে কোনটো বস্তুৰ বিষয়ে সোধ-পোচ কৰি আছে।
アラビア語 クルアーン注釈:
عَنِ النَّبَاِ الْعَظِیْمِ ۟ۙ
সিহঁতে ডাঙৰ খবৰৰ বিষয়ে পৰস্পৰে সুধি আছে আৰু সেয়া হৈছে এই কোৰআন, যিটো তেওঁলোকৰ ৰছুলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। যাৰ ভিতৰত পুনৰ বাৰ জীৱিত কৰি উঠোৱাৰ সংবাদ আছে।
アラビア語 クルアーン注釈:
الَّذِیْ هُمْ فِیْهِ مُخْتَلِفُوْنَ ۟ؕ
এই কোৰআন নো কি, এই সম্পৰ্কে সিহঁতৰ মাজতেই মতভেদ আছে। কোনোবাই ইয়াক যাদু বুলি কয়, কোনোবাই কবিতা আৰু কোনোবাই বিগত লোকসকলৰ মনে সজা কাহানী বুলি কয়।
アラビア語 クルアーン注釈:
كَلَّا سَیَعْلَمُوْنَ ۟ۙ
সিহঁতে যিদৰে ভাবিছে ঘটনাটো তেনেকুৱা নহয়। কোৰআনক অস্বীকাৰকাৰী সকলে অচিৰেই অস্বীকাৰ কৰাৰ বেয়া পৰিণাম সম্পৰ্কে অৱগত হব।
アラビア語 クルアーン注釈:
ثُمَّ كَلَّا سَیَعْلَمُوْنَ ۟
আকৌ সিহঁতৰ আগত ইয়াৰ পুষ্টি হৈ যাব।
アラビア語 クルアーン注釈:
اَلَمْ نَجْعَلِ الْاَرْضَ مِهٰدًا ۟ۙ
আমি পৃথিৱীখনক সিহঁতৰ বাবে বিছনা বনোৱা নাইনে? যাতে সিহঁতে ইয়াৰ ওপৰত থাকিব পাৰে।
アラビア語 クルアーン注釈:
وَّالْجِبَالَ اَوْتَادًا ۟ۙ
আৰু পৃথিৱীৰ ওপৰত পাহাৰবোৰক গজল স্বৰূপ বনাইছোঁ যিবোৰে পৃথিৱীখনক লৰচৰৰ পৰা বিৰত ৰাখিব পাৰে।
アラビア語 クルアーン注釈:
وَّخَلَقْنٰكُمْ اَزْوَاجًا ۟ۙ
আৰু আমি তোমালোকক পুৰুষ আৰু মহিলাৰূপে সৃষ্টি কৰিছোঁ।
アラビア語 クルアーン注釈:
وَّجَعَلْنَا نَوْمَكُمْ سُبَاتًا ۟ۙ
আৰু আমি তোমালোকৰ টোপনিক তোমালোকৰ ক্লান্তিৰ পৰা পৃথক হোৱাৰ মাধ্যম বনাইছো, যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা।
アラビア語 クルアーン注釈:
وَّجَعَلْنَا الَّیْلَ لِبَاسًا ۟ۙ
আৰু আমি ৰাতিক তোমালোকৰ বাবে আৱৰণ স্বৰূপে বনাইছোঁ, যাৰ অন্ধকাৰে তোমালোকক এনেদৰে আৱৰি ৰাখে যিদৰে তোমালোকে তোমালোকৰ লজ্জাস্থানক কাপোৰেৰে আৱৰি ৰাখা।
アラビア語 クルアーン注釈:
وَّجَعَلْنَا النَّهَارَ مَعَاشًا ۟ۚ
আৰু দিনক উপাৰ্জন আৰু জীৱিকা সন্ধানৰ ক্ষেত্ৰ বনাইছো।
アラビア語 クルアーン注釈:
وَبَنَیْنَا فَوْقَكُمْ سَبْعًا شِدَادًا ۟ۙ
আৰু তোমালোকৰ ওপৰত সাতটা মজবুত আকাশ বনাইছোঁ।
アラビア語 クルアーン注釈:
وَّجَعَلْنَا سِرَاجًا وَّهَّاجًا ۟ۙ
আৰু সূৰ্যক তীব্ৰ প্ৰজ্বলন আৰু পোহৰ দিয়া প্ৰদীপ বনাইছোঁ।
アラビア語 クルアーン注釈:
وَّاَنْزَلْنَا مِنَ الْمُعْصِرٰتِ مَآءً ثَجَّاجًا ۟ۙ
মেঘৰ পৰা ধাৰাষাৰ বৰষুণ বৰ্ষণ কৰিছোঁ।
アラビア語 クルアーン注釈:
لِّنُخْرِجَ بِهٖ حَبًّا وَّنَبَاتًا ۟ۙ
যাতে তাৰ পৰা বিভিন্ন প্ৰকাৰৰ অন্ন আৰু নানা প্ৰকাৰৰ বনস্পতি উদ্ভিদ গজাব পাৰোঁ।
アラビア語 クルアーン注釈:
وَّجَنّٰتٍ اَلْفَافًا ۟ؕ
আৰু একে প্ৰকাৰৰ গছেৰে ঘন বাগান বনাইছোঁ।
アラビア語 クルアーン注釈:
اِنَّ یَوْمَ الْفَصْلِ كَانَ مِیْقَاتًا ۟ۙ
নিশ্চয় মাখলোকৰ (সৃষ্টিসকলৰ) মাজত বিচাৰৰ এটা সময় নিৰ্ধাৰিত আছে, সেয়া ইফাল-সিফাল নহয়।
アラビア語 クルアーン注釈:
یَّوْمَ یُنْفَخُ فِی الصُّوْرِ فَتَاْتُوْنَ اَفْوَاجًا ۟ۙ
যিদিনাখন ফিৰিস্তাই দ্বিতীয় বাৰ শিঙাত ফু দিব তেতিয়া তোমালোকে দলে দলে আহিবা।
アラビア語 クルアーン注釈:
وَّفُتِحَتِ السَّمَآءُ فَكَانَتْ اَبْوَابًا ۟ۙ
আৰু আকাশ খুলি দিয়া হ'ব, তেতিয়া ই উন্মুক্ত দুৱাৰৰ দৰে খোল খাব।
アラビア語 クルアーン注釈:
وَّسُیِّرَتِ الْجِبَالُ فَكَانَتْ سَرَابًا ۟ؕ
আৰু পাহাৰবোৰক গতি দিয়া হব তেতিয়া সেইবোৰ উৰন্ত ধূলি-কণা হৈ মৰীচিকাৰ দৰে দেখা যাব।
アラビア語 クルアーン注釈:
اِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا ۟ۙ
নিশ্চয় জাহান্নাম খাপ পাতি অপেক্ষা কৰি আছে।
アラビア語 クルアーン注釈:
لِّلطَّاغِیْنَ مَاٰبًا ۟ۙ
যালিমসকলৰ ওভতি যোৱাৰ ঠাই, যত সিহঁতে ওভতি যাব লাগিব।
アラビア語 クルアーン注釈:
لّٰبِثِیْنَ فِیْهَاۤ اَحْقَابًا ۟ۚ
তাৰ ভিতৰত ইমান দীৰ্ঘকাল লৈকে থাকিব যাৰ কোনো অন্ত নাই।
アラビア語 クルアーン注釈:
لَا یَذُوْقُوْنَ فِیْهَا بَرْدًا وَّلَا شَرَابًا ۟ۙ
যাৰ ভিতৰত জাহান্নামৰ জুই ঠাণ্ডা কৰিব পৰা বতাহ নাপাব আৰু স্বাদযুক্ত কোনো পানীও সেৱন কৰিবলৈ নাপাব।
アラビア語 クルアーン注釈:
اِلَّا حَمِیْمًا وَّغَسَّاقًا ۟ۙ
অতি উত্তপ্ত গৰম পানী আৰু জাহান্নামী সকলৰ শৰীৰৰ পৰা বৈ যোৱা পুঁজৰ বাহিৰে একোৱে নাথাকিব।
アラビア語 クルアーン注釈:
جَزَآءً وِّفَاقًا ۟ؕ
এয়া সিহঁতৰ সেই কুফুৰী ( অস্বীকাৰ) আৰু পথভ্ৰষ্টৰ অনূৰূপ পৰিণাম যাৰ ওপৰত সিহঁতে পৃথিৱীত জীৱন-যাপন কৰিছিল।
アラビア語 クルアーン注釈:
اِنَّهُمْ كَانُوْا لَا یَرْجُوْنَ حِسَابًا ۟ۙ
নিশ্চয় তেওঁলোকে আল্লাহে হিচাপ লোৱাৰ প্ৰতি ভয় কৰা নাছিল। কিয়নো তেওঁলোকে পুনৰ উত্থানৰ প্ৰতি বিশ্বাস কৰা নাছিল। যদি পুনৰ জীৱনৰ প্ৰতি ভয় থাকিলেহেঁতেন তেন্তে তেওঁলোকে আল্লাহৰ প্ৰতি ইমান আনিলেহেঁতেন আৰু সৎ কৰ্ম কৰিলেহেঁতেন।
アラビア語 クルアーン注釈:
وَّكَذَّبُوْا بِاٰیٰتِنَا كِذَّابًا ۟ؕ
আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা নিদৰ্শনবোৰ অস্বীকাৰ কৰিছিল।
アラビア語 クルアーン注釈:
وَكُلَّ شَیْءٍ اَحْصَیْنٰهُ كِتٰبًا ۟ۙ
আৰু আমি তেওঁলোকৰ সকলো কৰ্ম সঠিকৰূপে হিচাপ কৰি ৰাখিছো আৰু সেয়া তেওঁলোকৰ আমল নামাত লিখা আছে।
アラビア語 クルアーン注釈:
فَذُوْقُوْا فَلَنْ نَّزِیْدَكُمْ اِلَّا عَذَابًا ۟۠
গতিকে হে অপৰাধীসকল! এই চিৰ শাস্তি উপভোগ কৰি থাকা আৰু আমি তোমালোকৰ শাস্তি বৃদ্ধি কৰিয়ে থাকিম।
アラビア語 クルアーン注釈:
本諸節の功徳:
• إحكام الله للخلق دلالة على قدرته على إعادته.
সৃষ্টিৰ বাবে আল্লাহৰ মজবুত পদ্ধতিয়ে প্ৰমাণ কৰে যে, আল্লাহ তাআলা তেওঁলোকক পুনৰ জীৱিত কৰাৰ ক্ষমতা ৰাখে।

• الطغيان سبب دخول النار.
অপৰাধে মানুহক জাহান্নামলৈ লৈ যায়।

• مضاعفة العذاب على الكفار.
কাফিৰ সকলৰ শাস্তি কেই গুণলৈ বৃদ্ধি কৰি দিয়া হব।

 
対訳 章: 消息章
章名の目次 ページ番号
 
クルアーンの対訳 - クルアーン簡潔注釈(アッサム語対訳) - 対訳の目次

Tafsir Center for Quranic Studies - 発行

閉じる