Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (53) ជំពូក​: អាល់កសស
وَاِذَا یُتْلٰی عَلَیْهِمْ قَالُوْۤا اٰمَنَّا بِهٖۤ اِنَّهُ الْحَقُّ مِنْ رَّبِّنَاۤ اِنَّا كُنَّا مِنْ قَبْلِهٖ مُسْلِمِیْنَ ۟
যেতিয়া তেওঁলোকৰ ওচৰত কোৰআন তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে কয়ঃ আমি ইয়াৰ প্ৰতি ঈমান আনিছোঁ; নিশ্চিতভাৱে এইখন সত্য, ইয়াত কোনো সন্দেহ নাই। এইখন আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। এই কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বৰে পৰা আমি মুছলিম, কাৰণ ইয়াৰ পূৰ্বে ৰাছুলসকলে যি লৈ আহিছিল, আমি সেইবোৰৰ প্ৰতিও ঈমান আনিছিলোঁ।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• فضل من آمن من أهل الكتاب بالنبي محمد صلى الله عليه وسلم، وأن له أجرين.
আহলে কিতাবসকলৰ মাজৰ যিসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত ঈমান আনিছে তেওঁলোকৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে। লগতে এই কথাও বৰ্ণনা কৰা হৈছে যে, তেওঁলোকে দ্বিগুণ ছোৱাবৰ অধিকাৰী হ'ব।

• هداية التوفيق بيد الله لا بيد غيره من الرسل وغيرهم.
হিদায়তৰ তাওফীক প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, তেওঁৰ বাহিৰে কোনো ৰাছুলৰ হাতত নাই।

• اتباع الحق وسيلة للأمن لا مَبْعث على الخوف كما يدعي المشركون.
সত্যৰ অনুসৰণ কেতিয়াও ভয়ৰ কাৰণ হ'ব নোৱাৰে। যিদৰে মুশ্বৰিকসকলে দাবী কৰে। বৰং এইটো হৈছে শান্তি আৰু নিৰাপত্তা লাভ কৰাৰ উপায়।

• خطر الترف على الفرد والمجتمع.
ভোগ-বিলাস আদি ব্যক্তি তথা সমাজ উভয়ৰ বাবেই ক্ষতিকাৰক।

• من رحمة الله أنه لا يهلك الناس إلا بعد الإعذار إليهم بإرسال الرسل.
এইটো আল্লাহৰ এটা মহান কৃপা যে, তেওঁ মানুহৰ ওচৰত ৰাছুল প্ৰেৰণ কৰি অভিযোগ উত্থাপনৰ দুৱাৰ বন্ধ নকৰাকৈ কেতিয়াও সিহঁতক ধ্বংস নকৰে।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (53) ជំពូក​: អាល់កសស
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ