Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន * - សន្ទស្សន៍នៃការបកប្រែ


ការបកប្រែអត្ថន័យ អាយ៉ាត់: (12) ជំពូក​: ហ្វូសស៊ីឡាត់
فَقَضٰىهُنَّ سَبْعَ سَمٰوَاتٍ فِیْ یَوْمَیْنِ وَاَوْحٰی فِیْ كُلِّ سَمَآءٍ اَمْرَهَا وَزَیَّنَّا السَّمَآءَ الدُّنْیَا بِمَصَابِیْحَ ۖۗ— وَحِفْظًا ؕ— ذٰلِكَ تَقْدِیْرُ الْعَزِیْزِ الْعَلِیْمِ ۟
আল্লাহে আকাশমণ্ডলক দুদিনত সুবিন্যস্ত কৰিছে, অৰ্থাৎ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে। এইদৰে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি ছয়দিনত সম্পন্ন হৈছে। তথা প্ৰত্যেক আকাশত সেই আকাশ সম্পৰ্কীয় ফয়চালা আৰু আদেশ অহী যোগে প্ৰেৰণ কৰিলে। লগতে পৃথিৱীৰ নিকটৱৰ্তী আকাশক আমি তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ, তথা ইয়াৰ দ্বাৰা আকাশক সুৰক্ষা প্ৰদান কৰিছোঁ, যাতে চয়তানে গোপনে একো শুনিব নোৱাৰে। এইবোৰ হৈছে সেই মহাপ্ৰভাৱশালী আল্লাহৰ আঁচনি, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিজগত সম্পৰ্কে সৰ্বজ্ঞ।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الإعراض عن الحق سبب المهالك في الدنيا والآخرة.
পৃথিৱী আৰু আখিৰাতত ধ্বংসৰ সন্মুখীন হোৱাৰ অন্যতম কাৰণ হৈছে সত্যৰ পৰা বিমুখ হোৱা।

• التكبر والاغترار بالقوة مانعان من الإذعان للحق.
অহংকাৰ আৰু ক্ষমতাৰ অপব্যৱহাৰে মানুহক সত্য স্বীকাৰ কৰাত বাধা প্ৰদান কৰে।

• الكفار يُجْمَع لهم بين عذاب الدنيا وعذاب الآخرة.
কাফিৰসকলে পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে শাস্তিৰ সন্মুখীন হ’ব।

• شهادة الجوارح يوم القيامة على أصحابها.
মানৱ শৰীৰৰ অংগ-প্ৰত্যংগই কিয়ামতৰ দিনা সিহঁতৰ বিপক্ষে সাক্ষ্য প্ৰদান কৰিব।

 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (12) ជំពូក​: ហ្វូសស៊ីឡាត់
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន - សន្ទស្សន៍នៃការបកប្រែ

ត្រូវបានចេញដោយមជ្ឈមណ្ឌល តាហ្វសៀរនៃការសិក្សាគម្ពីគួរអាន

បិទ