ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese * - សន្ទស្សន៍នៃការបកប្រែ

PDF XML CSV Excel API
Please review the Terms and Policies

ការបកប្រែអត្ថន័យ អាយ៉ាត់: (102) ជំពូក​: សូរ៉ោះអាល់ហ្ពាក៏រ៉ោះ
وَاتَّبَعُوْا مَا تَتْلُوا الشَّیٰطِیْنُ عَلٰی مُلْكِ سُلَیْمٰنَ ۚ— وَمَا كَفَرَ سُلَیْمٰنُ وَلٰكِنَّ الشَّیٰطِیْنَ كَفَرُوْا یُعَلِّمُوْنَ النَّاسَ السِّحْرَ ۗ— وَمَاۤ اُنْزِلَ عَلَی الْمَلَكَیْنِ بِبَابِلَ هَارُوْتَ وَمَارُوْتَ ؕ— وَمَا یُعَلِّمٰنِ مِنْ اَحَدٍ حَتّٰی یَقُوْلَاۤ اِنَّمَا نَحْنُ فِتْنَةٌ فَلَا تَكْفُرْ ؕ— فَیَتَعَلَّمُوْنَ مِنْهُمَا مَا یُفَرِّقُوْنَ بِهٖ بَیْنَ الْمَرْءِ وَزَوْجِهٖ ؕ— وَمَا هُمْ بِضَآرِّیْنَ بِهٖ مِنْ اَحَدٍ اِلَّا بِاِذْنِ اللّٰهِ ؕ— وَیَتَعَلَّمُوْنَ مَا یَضُرُّهُمْ وَلَا یَنْفَعُهُمْ ؕ— وَلَقَدْ عَلِمُوْا لَمَنِ اشْتَرٰىهُ مَا لَهٗ فِی الْاٰخِرَةِ مِنْ خَلَاقٍ ۫ؕ— وَلَبِئْسَ مَا شَرَوْا بِهٖۤ اَنْفُسَهُمْ ؕ— لَوْ كَانُوْا یَعْلَمُوْنَ ۟
আৰু ছুলাইমানৰ ৰাজত্বত চয়তানসকলে যি আবৃত্তি কৰিছিল সেয়া সিহঁতে অনুসৰণ কৰিছে আৰু ছুলাইমানে (কেতিয়াও) কুফৰী কৰা নাছিল, বৰং চয়তানেহে কুফৰী কৰিছিল। সিহঁতে মানুহক যাদু শিক্ষা দিছিল আৰু (সেই বিষয়ে শিক্ষা দিছিল) যিটো বাবিল চহৰত হাৰূত আৰু মাৰূত ফিৰিস্তাদয়ৰ ওপৰত অৱতীৰ্ণ হৈছিল। তেওঁলোক উভয়েই এই কথা নোকোৱালৈকে কাকো শিক্ষা দিয়া নাছিল যে, ‘আমি কেৱল এটা পৰীক্ষাহে’; সেয়ে তুমি কুফৰী নকৰিবা। ইয়াৰ পিছতো সিহঁতে ফিৰিস্তাদ্বয়ৰ পৰা এনে যাদু শিকি লৈছিল যিটোৰ দ্বাৰা সিহঁতে স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটাইছিল। অথচ সিহঁতে আল্লাহৰ অনুমতিবিনে তাৰ দ্বাৰা কাৰো ক্ষতি কৰিব পৰা নাছিল; আৰু সিহঁতে কেৱল সেইটোৱে শিকিছিল যিটো সিহঁতক ক্ষতি কৰিছিল, কোনো উপকাৰ কৰা নাছিল; আৰু সিহঁতে নিশ্চিতভাৱে জানে যে, যিয়ে ইয়াক ক্ৰয় কৰে (অৰ্থাৎ যাদুৰ আশ্ৰয় লয়) তাৰ বাবে আখিৰাতত কোনো অংশ নাই। যাৰ বিনিময়ত সিহঁতে নিজকে বিক্ৰী কৰি আছে, সেয়া কিমান যে নিকৃষ্ট, যদি সিহঁত জানিলেহেঁতেন!
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
 
ការបកប្រែអត្ថន័យ អាយ៉ាត់: (102) ជំពូក​: សូរ៉ោះអាល់ហ្ពាក៏រ៉ោះ
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese - សន្ទស្សន៍នៃការបកប្រែ

ការបកប្រែអត្ថន័យគម្ពីគួរអានជាភាសាAssamese ដោយលោករ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន។ ក្នុងឆ្នាំ1438H

បិទ