Check out the new design

ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន * - សន្ទស្សន៍នៃការបកប្រែ

PDF XML CSV Excel API
Please review the Terms and Policies

ការបកប្រែអត្ថន័យ ជំពូក​: អាស្ហ់ស្ហ៊ូរ៉   អាយ៉ាត់:

আশ্ব-শ্বুৰা

حٰمٓ ۟ۚ
হা-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
عٓسٓقٓ ۟
আঈন-ছীন-ক্বাফ।[2]
[2] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
كَذٰلِكَ یُوْحِیْۤ اِلَیْكَ وَاِلَی الَّذِیْنَ مِنْ قَبْلِكَ ۙ— اللّٰهُ الْعَزِیْزُ الْحَكِیْمُ ۟
এইদৰেই তোমাৰ প্ৰতি আৰু তোমাৰ পূৰ্বৱৰ্তীসকলৰ প্ৰতি অহী কৰিছে মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময় আল্লাহে।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَهُوَ الْعَلِیُّ الْعَظِیْمُ ۟
আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰ তেওঁৰেই। তেওঁ সুউচ্চ, সুমহান।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
تَكَادُ السَّمٰوٰتُ یَتَفَطَّرْنَ مِنْ فَوْقِهِنَّ وَالْمَلٰٓىِٕكَةُ یُسَبِّحُوْنَ بِحَمْدِ رَبِّهِمْ وَیَسْتَغْفِرُوْنَ لِمَنْ فِی الْاَرْضِ ؕ— اَلَاۤ اِنَّ اللّٰهَ هُوَ الْغَفُوْرُ الرَّحِیْمُ ۟
আকাশসমূহ ওপৰৰ পৰা ভাঙি পৰাৰ উপক্ৰম হয়, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু পৃথিৱীবাসীসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা, নিশ্চয় আল্লাহ, তেৱেঁই ক্ষমাশীল, পৰম দয়ালু।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَالَّذِیْنَ اتَّخَذُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ اللّٰهُ حَفِیْظٌ عَلَیْهِمْ ۖؗ— وَمَاۤ اَنْتَ عَلَیْهِمْ بِوَكِیْلٍ ۟
আৰু যিসকলে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰে, আল্লাহে সিহঁতৰ প্ৰতি সম্যক দৃষ্টিদাতা। (হে নবী!) তুমি সিহঁতৰ ওপৰত কৰ্মবিধায়ক নহয়।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَكَذٰلِكَ اَوْحَیْنَاۤ اِلَیْكَ قُرْاٰنًا عَرَبِیًّا لِّتُنْذِرَ اُمَّ الْقُرٰی وَمَنْ حَوْلَهَا وَتُنْذِرَ یَوْمَ الْجَمْعِ لَا رَیْبَ فِیْهِ ؕ— فَرِیْقٌ فِی الْجَنَّةِ وَفَرِیْقٌ فِی السَّعِیْرِ ۟
আৰু এইদৰেই আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰবী ভাষাত, যাতে তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা জনগণক সতৰ্ক কৰিব পাৰা, লগতে যাতে সতৰ্ক কৰিব পাৰা সমবেত হ’বলগীয়া (কিয়ামত) দিৱস সম্পৰ্কে, য’ত কোনো সন্দেহ নাই। (সেইদিনা) এদল জান্নাতত যাব আৰু এদল যাব জ্বলন্ত অগ্নিত।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَلَوْ شَآءَ اللّٰهُ لَجَعَلَهُمْ اُمَّةً وَّاحِدَةً وَّلٰكِنْ یُّدْخِلُ مَنْ یَّشَآءُ فِیْ رَحْمَتِهٖ ؕ— وَالظّٰلِمُوْنَ مَا لَهُمْ مِّنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟
আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতক এটাই উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে কেৱল তাকহে নিজ অনুগ্ৰহত প্ৰৱেশ কৰায়। আনহাতে যালিমসকল, সিহঁতৰ কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
اَمِ اتَّخَذُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ ۚ— فَاللّٰهُ هُوَ الْوَلِیُّ وَهُوَ یُحْیِ الْمَوْتٰی ؗ— وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠
সিহঁতে আল্লাহৰ পৰিবৰ্তে আনক অভিভাৱকৰূপে গ্ৰহণ কৰিছে নেকি, কিন্তু আল্লাহ, কেৱল তেওঁহে প্ৰকৃত অভিভাৱক, আৰু তেৱেঁই মৃতক জীৱিত কৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
وَمَا اخْتَلَفْتُمْ فِیْهِ مِنْ شَیْءٍ فَحُكْمُهٗۤ اِلَی اللّٰهِ ؕ— ذٰلِكُمُ اللّٰهُ رَبِّیْ عَلَیْهِ تَوَكَّلْتُ ۖۗ— وَاِلَیْهِ اُنِیْبُ ۟
আৰু তোমালোকে যি বিষয়তে মতভেদ নকৰা কিয়, তাৰ মীমাংসা আছে কেৱল আল্লাহৰেই ওচৰত। তেৱেঁই আল্লাহ, মোৰ প্ৰতিপালক; তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰিছোঁ আৰু মই তেওঁৰেই অভিমুখী হওঁ।
តាហ្វសៀរជាភាសា​អារ៉ាប់ជាច្រេីន:
 
ការបកប្រែអត្ថន័យ ជំពូក​: អាស្ហ់ស្ហ៊ូរ៉
សន្ទស្សន៍នៃជំពូក លេខ​ទំព័រ
 
ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន - សន្ទស្សន៍នៃការបកប្រែ

បកប្រែដោយលោករ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន។

បិទ