ការបកប្រែអត្ថន័យនៃគម្ពីរគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

external-link copy
11 : 48

سَیَقُوْلُ لَكَ الْمُخَلَّفُوْنَ مِنَ الْاَعْرَابِ شَغَلَتْنَاۤ اَمْوَالُنَا وَاَهْلُوْنَا فَاسْتَغْفِرْ لَنَا ۚ— یَقُوْلُوْنَ بِاَلْسِنَتِهِمْ مَّا لَیْسَ فِیْ قُلُوْبِهِمْ ؕ— قُلْ فَمَنْ یَّمْلِكُ لَكُمْ مِّنَ اللّٰهِ شَیْـًٔا اِنْ اَرَادَ بِكُمْ ضَرًّا اَوْ اَرَادَ بِكُمْ نَفْعًا ؕ— بَلْ كَانَ اللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟

যিসকল বেদুইনে পিছ হোঁহকা দিছিল, সিহঁতে তোমাক অনতিপলমে আহি ক’ব, ‘আমাৰ ধন-সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, গতিকে আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক’। সিহঁতে মুখেৰে যি কয় সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতক কোৱা, ‘আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ কৰিব বিচাৰে, তেন্তে তেওঁক বাধা দিয়াৰ ক্ষমতা কাৰ আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সবিশেষ অৱহিত’। info
التفاسير: |