Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (283) ಅಧ್ಯಾಯ: ಅಲ್- ಬಕರ
وَاِنْ كُنْتُمْ عَلٰی سَفَرٍ وَّلَمْ تَجِدُوْا كَاتِبًا فَرِهٰنٌ مَّقْبُوْضَةٌ ؕ— فَاِنْ اَمِنَ بَعْضُكُمْ بَعْضًا فَلْیُؤَدِّ الَّذِی اؤْتُمِنَ اَمَانَتَهٗ وَلْیَتَّقِ اللّٰهَ رَبَّهٗ ؕ— وَلَا تَكْتُمُوا الشَّهَادَةَ ؕ— وَمَنْ یَّكْتُمْهَا فَاِنَّهٗۤ اٰثِمٌ قَلْبُهٗ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ عَلِیْمٌ ۟۠
যদি তোমালোক ভ্ৰমণত থকা আৰু ঋণৰ নথি লিখিবলৈ কোনো নাথাকে তেন্তে ঋণগ্ৰহীতাই ঋণদাতাৰ ওচৰত কোনো বস্তু বন্ধকত ৰাখিলেই যথেষ্ট হব। এই বস্তুটো জামানত হিচাপে তাৰ ওচৰত থাকিব, যেতিয়ালৈকে সি ঋণ পৰিশোধ নকৰিব। যদি পৰস্পৰৰ ওপৰত ভৰসা থাকে তেন্তে লিখাটো বাধ্যতামূলক নহয়, এনে পৰিস্থিত সাক্ষীৰো প্ৰয়োজন নাই আৰু বন্ধকত থোৱাৰো দৰকাৰ নাই। এনে কৰিলে ঋণগ্ৰহীতা ওপৰত ঋণ এটা আমানত স্বৰূপে থাকিব, যিটো আদায় কৰা জৰুৰী হব। লগতে সি এই আমানত সম্পৰ্কে আল্লাহক ভয় কৰা উচিত আৰু এই সম্পৰ্কীয় কোনো কথা অস্বীকাৰ কৰা অনুচিত। যদি সি অস্বীকাৰ কৰে তেন্তে সাক্ষীয়ে ন্যায় সাক্ষ্য দিয়া উচিত। সাক্ষ্য গোপন কৰা বৈধ নহয়। যদি কোনোবাই সাক্ষ্য গোপন কৰে তেন্তে তাৰ অন্তৰ পাপিষ্ঠ। জানি থোৱা! তোমালোকে যি কৰা আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• جواز أخذ الرهن لضمان الحقوق في حال عدم القدرة على توثيق الحق، إلا إذا وَثِقَ المتعاملون بعضهم ببعض.
বুজা গল যে, অধিকাৰৰ নথিপত্ৰ প্ৰস্তুত কৰিবলৈ সুবিধা নাথাকিলে অধিকাৰৰ প্ৰমাণস্বৰূপে কোনো বস্তু বন্ধকত থোৱা বৈধ। কিন্তু যদি লেনদেনকাৰীয়ে পৰস্পৰক ভৰসা কৰিব পাৰে তেন্তে বন্ধকৰ কোনো প্ৰয়োজন নাই।

• حرمة كتمان الشهادة وإثم من يكتمها ولا يؤديها.
আৰু বুজা গল, সাক্ষ্য গোপন কৰা পাপ তথা যিয়ে সাক্ষ্য গোপন কৰিব সি গুনাহগাৰ হ'ব।

• كمال علم الله تعالى واطلاعه على خلقه، وقدرته التامة على حسابهم على ما اكتسبوا من أعمال.
লগতে বুজা গল, আল্লাহ তাআলাহ তেওঁৰ সৃষ্টি সম্পৰ্কে সম্যক অৱগত আৰু সিহঁতৰ কৰ্মৰ হিচাপ গ্ৰহণত সম্পূৰ্ণ ক্ষমতাশীল।

• تقرير أركان الإيمان وبيان أصوله.
ঈমানৰ আৰকান আৰু ইয়াৰ মৌলিক বিষয়বোৰৰ বৰ্ণনা

• قام هذا الدين على اليسر ورفع الحرج والمشقة عن العباد، فلا يكلفهم الله إلا ما يطيقون، ولا يحاسبهم على ما لا يستطيعون.
এই দ্বীন সৰলতা আৰু বান্দাৰ পৰা কঠোৰতা দূৰ কৰাৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে আল্লাহে সিহঁতৰ ওপৰত এনেকুৱা কোনো বোজা অৰ্পন নকৰে যিটো সিহঁতৰ ক্ষমতাৰ বাহিৰত। এইদৰে বান্দাৰ সেইসমূহ বিষয়ৰো কোনো হিচাপ লোৱা নহ'ব যিটো সিহঁতৰ সাধ্যাতীত।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (283) ಅಧ್ಯಾಯ: ಅಲ್- ಬಕರ
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ