Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (110) ಅಧ್ಯಾಯ: ಅಲ್ -ಮಾಇದ
اِذْ قَالَ اللّٰهُ یٰعِیْسَی ابْنَ مَرْیَمَ اذْكُرْ نِعْمَتِیْ عَلَیْكَ وَعَلٰی وَالِدَتِكَ ۘ— اِذْ اَیَّدْتُّكَ بِرُوْحِ الْقُدُسِ ۫— تُكَلِّمُ النَّاسَ فِی الْمَهْدِ وَكَهْلًا ۚ— وَاِذْ عَلَّمْتُكَ الْكِتٰبَ وَالْحِكْمَةَ وَالتَّوْرٰىةَ وَالْاِنْجِیْلَ ۚ— وَاِذْ تَخْلُقُ مِنَ الطِّیْنِ كَهَیْـَٔةِ الطَّیْرِ بِاِذْنِیْ فَتَنْفُخُ فِیْهَا فَتَكُوْنُ طَیْرًا بِاِذْنِیْ وَتُبْرِئُ الْاَكْمَهَ وَالْاَبْرَصَ بِاِذْنِیْ ۚ— وَاِذْ تُخْرِجُ الْمَوْتٰی بِاِذْنِیْ ۚ— وَاِذْ كَفَفْتُ بَنِیْۤ اِسْرَآءِیْلَ عَنْكَ اِذْ جِئْتَهُمْ بِالْبَیِّنٰتِ فَقَالَ الَّذِیْنَ كَفَرُوْا مِنْهُمْ اِنْ هٰذَاۤ اِلَّا سِحْرٌ مُّبِیْنٌ ۟
তথা স্মৰণ কৰা, যেতিয়া আল্লাহে ঈছা আলাইহিছ ছালামক সম্বোধন কৰি কৈছিলঃ হে মৰিয়ম পুত্ৰ ঈছা! মোৰ অনুগ্ৰহসমূহ মনত পেলোৱা, মই তোমাক পিতৃ নোহোৱাকৈ জন্ম দিছিলো, লগতে তোমাৰ মাতৃ মাৰইয়ামৰ প্ৰতি মোৰ অনুগ্ৰহবোৰ মনত পেলোৱা, যেতিয়া মই তেওঁক তেওঁৰ যুগৰ মহিলাসকলৰ মাজৰ পৰা মনোনীত কৰিছিলো। লগতে মোৰ সেই অনুগ্ৰহকো মনত পেলোৱা, যেতিয়া মই তোমাক জিব্ৰীলৰ দ্বাৰা শক্তি প্ৰদান কৰিছিলো, আৰু কোলাত থকা অৱস্থাতেই তুমি কথা ক'ব পাৰিছিলা আৰু সিহঁতক আল্লাহৰ পিনে আহ্বান কৰিছিলা, লগতে বৃদ্ধা অৱস্থা লৈকে তুমি সিহঁতক আল্লাহৰ প্ৰতি আহ্বান কৰিছিলা। মই তোমাক আৰু এটা অনুগ্ৰহ কৰিছিলো এই যে, মই তোমাক লিখা শিকাইছিলো, লগতে তাওৰাতৰ জ্ঞান দিছিলো যিটো মুছা আলাইহিছ ছালামৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল আৰু ইঞ্জীলৰ শিক্ষা দিছিলো যিটো স্বয়ং তোমাৰ ওপৰত অৱতীৰ্ণ হৈছে, লগতে মই তোমাক চৰীয়তৰ ৰহস্য, উপকাৰিতা তথা হিকমত শিকাইছিলো। তোমাৰ ওপৰত কৰা অনুগ্ৰহসমূহ অন্যতম এটা অনুগ্ৰহ হৈছে এই যে, তুমি বোকা মাটিৰে চৰাইৰ আকৃতি বনাই তাত ফুঁ মাৰিছিলা আৰু সেইটো বাস্তৱত চৰাই হৈ গৈছিল। জন্মান্ধ তথা কুষ্ঠ ৰোগীসকলক তুমি সুস্থ কৰিছিলা, লগতে (আল্লাহৰ ওচৰত) দুআ কৰি তুমি মৃত ব্যক্তিকো জীৱিত কৰিছিলা। এই সকলোবোৰ মোৰ অনুমতিক্ৰমেই সম্ভৱ হৈছিল। মই তোমাৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছিলো যে, যেতিয়া তুমি বনী ইছৰাঈলৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিলা, তেতিয়া সিহঁতে সেইটো অস্বীকাৰ কৰিছিল আৰু তোমাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আৰু কৈছিল যে এয়া স্পষ্ট যাদু, তেতিয়া ময়েই তোমাক সিহঁতৰ পৰা ৰক্ষা কৰিছিলো।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• إثبات جمع الله للخلق يوم القيامة جليلهم وحقيرهم.
এই কথাৰ প্ৰমাণ যে, আল্লাহে ক্বিয়ামতৰ দিনা সৰু বৰ সকলো সৃষ্টিকে একত্ৰিত কৰিব।

• إثبات بشرية المسيح عليه السلام وإثبات آياته الحسية من إحياء الموتى وإبراء الأكمه والأبرص التي أجراها الله على يديه.
এই কথাৰ প্ৰমাণ যে, ঈছা আলাইহিচ্ছালাম এজন মানৱ আছিল, তথা তেওঁক প্ৰদান কৰা কিছুমান বাস্তৱ নিদৰ্শনৰ বৰ্ণনা, যেনে মৃত ব্যক্তিক জীৱিত কৰা, জন্মান্ধ আৰু কুষ্ঠৰোগীক সুস্থতা প্ৰদান কৰা, যিবোৰ দৰাচলতে আল্লাহৰ অনুমতিক্ৰমে তেওঁৰ দ্বাৰা বাস্তৱায়িত হৈছিল।

• بيان أن آيات الأنبياء تهدف لتثبيت الأتباع وإفحام المخالفين، وأنها ليست من تلقاء أنفسهم، بل تأتي بإذن الله تعالى.
এই কথাৰ বৰ্ণনা যে, নবীসকলৰ নিদৰ্শনৰ উদ্দেশ্য হৈছে এই যে, তেওঁৰ অনুসাৰী সকলক মজবুত কৰা তথা বিৰোধী সকলক নিৰুত্তৰ কৰা, আৰু এইবোৰ নিদৰ্শন আল্লাহৰ পৰা আহে।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (110) ಅಧ್ಯಾಯ: ಅಲ್ -ಮಾಇದ
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಪ್ರಕಾಶನ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ