ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (16) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್ -ಹದೀದ್
اَلَمْ یَاْنِ لِلَّذِیْنَ اٰمَنُوْۤا اَنْ تَخْشَعَ قُلُوْبُهُمْ لِذِكْرِ اللّٰهِ وَمَا نَزَلَ مِنَ الْحَقِّ ۙ— وَلَا یَكُوْنُوْا كَالَّذِیْنَ اُوْتُوا الْكِتٰبَ مِنْ قَبْلُ فَطَالَ عَلَیْهِمُ الْاَمَدُ فَقَسَتْ قُلُوْبُهُمْ ؕ— وَكَثِیْرٌ مِّنْهُمْ فٰسِقُوْنَ ۟
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকৰ এতিয়াও সময় হোৱা নাই নেকি যে, মহান আল্লাহৰ স্মৰণত তেওঁলোকৰ অন্তৰ নৰম হ’ব আৰু কোৰআনত অৱতীৰ্ণ হোৱা সুসংবাদ অথবা দুঃসংবাদৰ দ্বাৰা তেওঁলোকৰ অন্তৰ প্ৰশান্ত আৰু বিগলিত হ’ব?! আৰু তেওঁলোক যেন সিহঁতৰ দৰে কঠোৰ হৃদয়ত পৰিণত নহয়, যিসকল ইহুদীক তাওৰাত প্ৰদান কৰা হৈছিল আৰু যিসকল খৃষ্টানক ইঞ্জীল প্ৰদান কৰা হৈছিল। কাৰণ সিহঁতৰ আৰু নবী আগমনৰ মাজৰ সময়ছোৱা দীর্ঘ হোৱাৰ বাবে সিহঁতৰ অন্তৰ ৰূঢ় হৈ পৰিছিল। সিহঁতৰ মাজৰ অধিকাংশই আছিল আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা তথা তেওঁৰ অবাধ্যতাত লিপ্ত হোৱা লোক।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• امتنان الله على المؤمنين بإعطائهم نورًا يسعى أمامهم وعن أيمانهم.
আল্লাহে মুমিনসকলৰ প্ৰতি অনুগ্ৰহ কৰি এনেকুৱা জ্যোতি প্ৰদান কৰিব, যিটো তেওঁলোকৰ সন্মুখত আৰু সোঁফালে গতি কৰিব।

• المعاصي والنفاق سبب للظلمة والهلاك يوم القيامة.
পাপকৰ্ম আৰু নিফাক আদি হৈছে কিয়ামত দিৱসত অন্ধকাৰ আৰু ধ্বংসৰ কাৰণ।

• التربُّص بالمؤمنين والشك في البعث، والانخداع بالأماني، والاغترار بالشيطان: من صفات المنافقين.
মু’মিনসকলৰ বিষয়ে দুৰভিসন্ধি পোষণ কৰা, পুনৰুত্থানকলৈ সন্দেহ কৰা, আশা-আকাংক্ষাৰ মায়াজালত আৱদ্ধ হোৱা আৰু চয়তানৰ দ্বাৰা প্ৰতাৰিত হোৱা, এইবোৰ হৈছে মুনাফিকসকলৰ বৈশিষ্ট্য।

• خطر الغفلة المؤدية لقسوة القلوب.
উদাসীনতাৰ ভয়াৱহতা, ই অন্তৰক কঠোৰ হৃদয়ত পৰিণত কৰি দিয়ে।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (16) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್ -ಹದೀದ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ