ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (68) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್- ಅನ್ ಆಮ್
وَاِذَا رَاَیْتَ الَّذِیْنَ یَخُوْضُوْنَ فِیْۤ اٰیٰتِنَا فَاَعْرِضْ عَنْهُمْ حَتّٰی یَخُوْضُوْا فِیْ حَدِیْثٍ غَیْرِهٖ ؕ— وَاِمَّا یُنْسِیَنَّكَ الشَّیْطٰنُ فَلَا تَقْعُدْ بَعْدَ الذِّكْرٰی مَعَ الْقَوْمِ الظّٰلِمِیْنَ ۟
হে ৰাছুল! যেতিয়া আপুনি মুশ্বৰিক সকলক আমাৰ আয়াতসমূহক লৈ উপহাস কৰা বা উপলুঙা কৰা দেখিব, তেতিয়া আপুনি সিহঁতৰ পৰা আঁতৰি থাকিব যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসঙ্গ আৰম্ভ নকৰে। আনহাতে যদি চয়তানে পাহৰাই দিয়ে আৰু অজানিতে আপুনি সিহঁতৰ লগত বহে তেন্তে মনত পৰাৰ লগে লগে সিহঁতৰ বৈঠক পৰিত্যাগ কৰক আৰু এনেকুৱা সীমালংঘনকাৰী সকলৰ সৈতে নবহিব।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• إثبات أن النومَ موتٌ، وأن الأرواح تُقْبض فيه، ثم تُرَد عند الاستيقاظ.
টোপনিও যে এক প্ৰকাৰ মৃত্যু তাৰ প্ৰমাণ পোৱা গল। টোপনিত প্ৰাণ হৰণ কৰি লোৱা হয় আৰু সাৰ পোৱাৰ সময়ত ওভোতাই দিয়া হয়।

• الاستدلال على استحقاق الله تعالى للألوهية بدليل الفطرة، فإن أهل الكفر يؤمنون بالله تعالى ويرجعون لفطرتهم عند الاضطرار والوقوع في المهالك، فيسألون الله تعالى وحده.
স্বভাৱগত প্ৰমাণৰ দ্বাৰা প্ৰমাণিত কৰা যে, পূজা-পাঠ আৰু উপাসনাৰ একমাত্ৰ হকদাৰ কেৱল আল্লাহ তাআলা। কিয়নো স্বয়ং কাফিৰেও যেতিয়া সংকটত পৰে তেতিয়া নিজৰ মূল স্বভাৱৰ পিনে উভতি যায় আৰু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰে।

• إلزام المشركين بمقتضى سلوكهم، وإقامة الدليل على انقلاب فطرتهم، بكونهم يستغيثون بالله وحده في البحر عند الشدة، ويشركون به حين يسلمهم وينجيهم إلى البر.
মুশ্বৰিকসকলক অৱগত কৰোৱা যে, সিহঁতৰ ব্যৱহাৰ অনুসাৰে সিহঁতে কি কৰা উচিত। আৰু সিহঁতৰ স্বভাৱ পৰিবৰ্তনৰ দ্বাৰা প্ৰমাণ প্ৰস্তুত কৰা। কিয়নো সিহঁতে সাগৰীয় সংকটৰ সময়ত একমাত্ৰ আল্লাহকেই প্ৰাৰ্থনা কৰে কিন্তু আল্লাহে যেতিয়া সিহঁতক স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতে আকৌ শ্বিৰ্ক কৰে।

• عدم جواز الجلوس في مجالس أهل الباطل واللغو، ومفارقتُهم، وعدم العودة لهم إلا في حال إقلاعهم عن ذلك.
বেয়া আৰু অপ্ৰয়োজনীয় বৈঠকত বহা ঠিক নহয়, এনেকুৱা বৈঠক পৰিত্যাগ কৰা আৰু যেতিয়ালৈকে সিহঁতে এনেকুৱা বিষয়ৰ চৰ্চা বন্ধ নকৰে তাত উভতি যোৱা সমীচীন নহয়।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (68) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್- ಅನ್ ಆಮ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ