ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ


ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (30) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್- ಅಅ್ ರಾಫ್
فَرِیْقًا هَدٰی وَفَرِیْقًا حَقَّ عَلَیْهِمُ الضَّلٰلَةُ ؕ— اِنَّهُمُ اتَّخَذُوا الشَّیٰطِیْنَ اَوْلِیَآءَ مِنْ دُوْنِ اللّٰهِ وَیَحْسَبُوْنَ اَنَّهُمْ مُّهْتَدُوْنَ ۟
আল্লাহে মানুহক দুটা দলত বিভক্ত কৰিছে। তোমালোকৰ মাজৰ এটা দলক সঠিক পথ দেখুৱাইছে, সিহঁতৰ বাবে হিদায়তৰ মাধ্যম যোগান ধৰিছে আৰু সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰাই দিছে। আনহাতে দ্বিতীয় দলৰ ভাগ্যত পথভ্ৰষ্টতা লিখিছে, কিয়নো সিহঁতে আল্লাহক এৰি চয়তানক নিজৰ বন্ধু কৰি লৈছে, আৰু সঁচা মিছা পাৰ্থক্য নকৰি তাৰেই অনুসৰণ কৰিছে। লগতে এইটো ধাৰণা পোষণ কৰিছে যে, সিহঁতেই সৎ পথত পৰিচালিত।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
ಈ ಪುಟದಲ್ಲಿರುವ ಶ್ಲೋಕಗಳ ಉಪಯೋಗಗಳು:
• من أَشْبَهَ آدم بالاعتراف وسؤال المغفرة والندم والإقلاع - إذا صدرت منه الذنوب - اجتباه ربه وهداه. ومن أَشْبَهَ إبليس - إذا صدر منه الذنب بالإصرار والعناد - فإنه لا يزداد من الله إلا بُعْدًا.
যি ব্যক্তিয়ে কোনো গুনাহ হোৱাৰ পিছত আদম আলাইহিছ ছালামৰ দৰে নিজৰ গুনাহ স্বীকাৰ কৰে আৰু লজ্জিত হয় লগতে সেইটো পৰিত্যাগ কৰি আল্লাহৰ ওচৰত ক্ষমা বিচাৰে, আল্লাহে তাক নিৰ্বাচিত কৰে আৰু তাক হিদায়ত দিয়ে। আনহাতে যিয়ে ইবলীছৰ পন্থা অৱলম্বন কৰি গুনাহৰ পিছত গুনাহ কৰি থাকে, সি আল্লাহৰ পৰা প্ৰত্যেক মুহূৰ্তত আঁতৰি গুচি যায়।

• اللباس نوعان: ظاهري يستر العورةَ، وباطني وهو التقوى الذي يستمر مع العبد، وهو جمال القلب والروح.
পোছাক দুই প্ৰকাৰঃ এটা বাহ্যিক বস্ত্ৰ, যিটো লজ্জাস্থান ঢাকিবলৈ ব্যৱহাৰ কৰা হয়, আৰু দ্বিতীয়টো হৈছে আভ্যন্তৰীণ, সেইটো হৈছে তাক্বৱা, যিটো সদায় বান্দাৰ লগত থাকে, সেইটোৱে অন্তৰ তথা ৰূহৰ সৌন্দৰ্য।

• كثير من أعوان الشيطان يدعون إلى نزع اللباس الظاهري؛ لتنكشف العورات، فيهون على الناس فعل المنكرات وارتكاب الفواحش.
চয়তানৰ বহুতো সহাকাৰীয়ে বাহ্যিক বস্ত্ৰ হৰণ কৰিবলৈ অৰ্থাৎ উলঙ্গতাক প্ৰসাৰ কৰিবলৈ প্ৰয়াস কৰে। যাতে লজ্জাস্থান প্ৰকাশ পায় আৰু মানুহে নিৰ্লজ্জতা আৰু অশ্লীল কামবোৰ অনায়াসে কৰিব পাৰে।

• أن الهداية بفضل الله ومَنِّه، وأن الضلالة بخذلانه للعبد إذا تولَّى -بجهله وظلمه- الشيطانَ، وتسبَّب لنفسه بالضلال.
হিদায়ত আল্লাহৰ অনুগ্ৰহত পোৱা যায়, আৰু পথভ্ৰষ্টতা আল্লাহে বান্দাক অসহায় এৰি দিয়াৰ ফলত তাৰ ভাগ্যত পৰিণত হয়। যেতিয়া সি অজ্ঞতাবশতঃ আৰু অন্যায়ৰ ফলত চয়তানক বন্ধু বনাই লয়।

 
ಅರ್ಥಗಳ ಅನುವಾದ ಶ್ಲೋಕ: (30) ಅಧ್ಯಾಯ: ಸೂರ ಅಲ್- ಅಅ್ ರಾಫ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅಲ್-ಮುಖ್ತಸರ್ ಫಿ ತಫ್ಸೀರಿಲ್ ಕುರ್‌ಆನಿಲ್ ಕರೀಮ್ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ಕುರ್‌ಆನ್ ತಫ್ಸೀರ್ ಸ್ಟಡಿ ಸೆಂಟರ್

ಮುಚ್ಚಿ