Check out the new design

ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ * - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

PDF XML CSV Excel API
Please review the Terms and Policies

ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಲ್ -ಇಸ್ರಾಅ್   ಶ್ಲೋಕ:
مَنْ كَانَ یُرِیْدُ الْعَاجِلَةَ عَجَّلْنَا لَهٗ فِیْهَا مَا نَشَآءُ لِمَنْ نُّرِیْدُ ثُمَّ جَعَلْنَا لَهٗ جَهَنَّمَ ۚ— یَصْلٰىهَا مَذْمُوْمًا مَّدْحُوْرًا ۟
কোনোবাই আশু সুখ-সম্ভোগ কামনা কৰিলে, আমি যাক ইচ্ছা কৰোঁ ইয়াতেই ততালিকে দি দিওঁ, তাৰ পিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَمَنْ اَرَادَ الْاٰخِرَةَ وَسَعٰی لَهَا سَعْیَهَا وَهُوَ مُؤْمِنٌ فَاُولٰٓىِٕكَ كَانَ سَعْیُهُمْ مَّشْكُوْرًا ۟
আনহাতে যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে, তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
كُلًّا نُّمِدُّ هٰۤؤُلَآءِ وَهٰۤؤُلَآءِ مِنْ عَطَآءِ رَبِّكَ ؕ— وَمَا كَانَ عَطَآءُ رَبِّكَ مَحْظُوْرًا ۟
তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ (পাৰ্থিৱ জীৱন কামনাকাৰী আৰু আখিৰাত কামনাকাৰী) প্ৰত্যেককে সহায় কৰোঁ আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত (কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে)।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اُنْظُرْ كَیْفَ فَضَّلْنَا بَعْضَهُمْ عَلٰی بَعْضٍ ؕ— وَلَلْاٰخِرَةُ اَكْبَرُ دَرَجٰتٍ وَّاَكْبَرُ تَفْضِیْلًا ۟
লক্ষ্য কৰা, আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ। নিশ্চয় আখিৰাত হৈছে মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰতো বৃহত্তৰ!
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
لَا تَجْعَلْ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ فَتَقْعُدَ مَذْمُوْمًا مَّخْذُوْلًا ۟۠
আল্লাহৰ লগত আন কোনো ইলাহ সাব্যস্ত নকৰিবা, এনে কৰিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَقَضٰی رَبُّكَ اَلَّا تَعْبُدُوْۤا اِلَّاۤ اِیَّاهُ وَبِالْوَالِدَیْنِ اِحْسَانًا ؕ— اِمَّا یَبْلُغَنَّ عِنْدَكَ الْكِبَرَ اَحَدُهُمَاۤ اَوْ كِلٰهُمَا فَلَا تَقُلْ لَّهُمَاۤ اُفٍّ وَّلَا تَنْهَرْهُمَا وَقُلْ لَّهُمَا قَوْلًا كَرِیْمًا ۟
আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱনকালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা, আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক নম্ৰ কথা ক’বা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَاخْفِضْ لَهُمَا جَنَاحَ الذُّلِّ مِنَ الرَّحْمَةِ وَقُلْ رَّبِّ ارْحَمْهُمَا كَمَا رَبَّیٰنِیْ صَغِیْرًا ۟ؕ
আৰু তেওঁলোকৰ প্ৰতি মায়া-মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰিবা আৰু (এই বুলি দুআ কৰি) কোৱা, ‘হে মোৰ প্ৰতিপালক! তেওঁলোকৰ প্ৰতি দয়া কৰা, যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল’।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
رَبُّكُمْ اَعْلَمُ بِمَا فِیْ نُفُوْسِكُمْ ؕ— اِنْ تَكُوْنُوْا صٰلِحِیْنَ فَاِنَّهٗ كَانَ لِلْاَوَّابِیْنَ غَفُوْرًا ۟
তোমালোকৰ অন্তৰত যি আছে সেয়া তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে; যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে (জানি থোৱা) নিশ্চয় তেওঁ সেইসকল লোকৰ প্ৰতি অতি ক্ষমাশীল, যিসকল সদায় আল্লাহ অভিমুখী।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
وَاٰتِ ذَا الْقُرْبٰی حَقَّهٗ وَالْمِسْكِیْنَ وَابْنَ السَّبِیْلِ وَلَا تُبَذِّرْ تَبْذِیْرًا ۟
আৰু আত্মীয় স্বজনক সিহঁতৰ প্ৰাপ্য প্ৰদান কৰা, লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰসকলকো দান কৰা আৰু কেতিয়াও অপব্যয় নকৰিবা।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
اِنَّ الْمُبَذِّرِیْنَ كَانُوْۤا اِخْوَانَ الشَّیٰطِیْنِ ؕ— وَكَانَ الشَّیْطٰنُ لِرَبِّهٖ كَفُوْرًا ۟
নিশ্চয় অপব্যয়কাৰীসকল হৈছে চয়তানৰ ভাই আৰু চয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ।
ಅರಬ್ಬಿ ವ್ಯಾಖ್ಯಾನಗಳು:
 
ಅರ್ಥಗಳ ಅನುವಾದ ಅಧ್ಯಾಯ: ಅಲ್ -ಇಸ್ರಾಅ್
ಅಧ್ಯಾಯಗಳ ವಿಷಯಸೂಚಿ ಪುಟ ಸಂಖ್ಯೆ
 
ಪವಿತ್ರ ಕುರ್‌ಆನ್ ಅರ್ಥಾನುವಾದ - ಅಸ್ಸಾಮಿ ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್ - ಅನುವಾದಗಳ ವಿಷಯಸೂಚಿ

ಅನುವಾದ - ರಫೀಕುಲ್ ಇಸ್ಲಾಂ ಹಬೀಬುರ್‍ರಹ್ಮಾನ್

ಮುಚ್ಚಿ