وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز. * - پێڕستی وه‌رگێڕاوه‌كان


وه‌رگێڕانی ماناكان ئایه‌تی: (175) سوره‌تی: سورەتی الأعراف
وَاتْلُ عَلَیْهِمْ نَبَاَ الَّذِیْۤ اٰتَیْنٰهُ اٰیٰتِنَا فَانْسَلَخَ مِنْهَا فَاَتْبَعَهُ الشَّیْطٰنُ فَكَانَ مِنَ الْغٰوِیْنَ ۟
হে ৰাছুল! বনী ইছৰাঈলক সিহঁতৰ সম্প্ৰদায়ৰে সেই ব্যক্তি সম্পৰ্কে অৱগত কৰাওক, যাক আমি আমাৰ নিদৰ্শনসমূহ দান কৰিছিলো। তেওঁ সেয়া শিকি লৈছিল আৰু ইয়াৰ জৰিয়তে সাব্যস্ত হোৱা সত্যক বুজি পাইছিল। কিন্তু তাৰ প্ৰতি আমল কৰাৰ পৰিবৰ্তে সেইটোক পৰিত্যাগ কৰিছিল, আৰু আঁতৰি গৈছিল। ফলত চয়তানে তাৰ পিছ ললে আৰু তাৰ বন্ধুত পৰিণত হ'ল। অৱশেষত সি পথভ্ৰষ্ট হৈ ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হৈ গ'ল। অথচ পূৰ্বে সি সঠিক পথত তথা মুক্তিৰ পথত পৰিচালিত আছিল।
تەفسیرە عەرەبیەکان:
سوودەکانی ئایەتەکان لەم پەڕەیەدا:
• المقصود من إنزال الكتب السماوية العمل بمقتضاها لا تلاوتها باللسان وترتيلها فقط، فإن ذلك نَبْذ لها.
ঐশী পুথি অৱতীৰ্ণৰ উদ্দেশ্য হৈছে সেই মতে আমল কৰা। কেৱল তিলাৱত তথা টানি টানি কেৰাত কৰিবলৈ নহয়, এনেকুৱা প্ৰথা এক প্ৰকাৰ সেইটোক নসাৎ কৰা বুজায়।

• أن الله خلق في الإنسان من وقت تكوينه إدراك أدلة الوحدانية، فإذا كانت فطرته سليمة، ولم يدخل عليها ما يفسدها أدرك هذه الأدلة، وعمل بمقتضاها.
আল্লাহে মানুহক সৃষ্টি কৰাৰ সময়তেই সিহঁতৰ মাজত আল্লাহৰ একত্ব স্বীকাৰ কৰাৰ ক্ষমতা অৰ্পন কৰিছে। এতেকে এতিয়া যদি মানুহৰ স্বভাৱ স্বচ্ছ থাকে, আৰু তাৰ ভিতৰত বিভ্ৰান্ত সৃষ্টিকাৰী কোনো বস্তু যদি প্ৰৱেশ নকৰে তেন্তে এইবোৰ দলিল অতি সহজেই বুজি পাব, আৰু সেই মতে আমলো কৰিব।

• في الآيات عبرة للموفَّقين للعمل بآيات القرآن؛ ليعلموا فضل الله عليهم في توفيقهم للعمل بها؛ لتزكو نفوسهم.
এই আয়াতসমূহৰ ভিতৰত সেইসকল লোকৰ বাবেও আছে শিক্ষা, যিসকলে কোৰআনৰ আয়াত মতে আমল কৰাৰ তাওফীক প্ৰাপ্ত হৈছে। যাতে তেওঁলোকে আল্লাহৰ এই উপকাৰটোক গমি চাব পাৰে যে, আল্লাহে তেওঁলোকক আন্তৰিক স্বচ্ছতা প্ৰাপ্ত কৰিবলৈ এইসমূহ আয়াতৰ ওপৰত আমল কৰিবলৈ তাওফীক প্ৰদান কৰিছে।

• في الآيات تلقين للمسلمين للتوجه إلى الله تعالى بطلب الهداية منه والعصمة من مزالق الضلال.
এই আয়াতসমূহৰ মাজত মুছলিমসকলক এই শিক্ষা দিয়া হৈছে যে, তেওঁলোকে হিদায়ত প্ৰাৰ্থনা কৰিবলৈ আল্লাহৰ পিনেই মনোনিৱেশ কৰা উচিত, আৰু তেওঁৰ ওচৰতেই পথভ্ৰষ্টতাৰ পৰা মুক্তি কামনা কৰা উচিত।

 
وه‌رگێڕانی ماناكان ئایه‌تی: (175) سوره‌تی: سورەتی الأعراف
پێڕستی سوره‌ته‌كان ژمارەی پەڕە
 
وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز. - پێڕستی وه‌رگێڕاوه‌كان

وەرگێڕاوی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز، لە لایەن: ناوەندی تەفسیر بۆ خوێندنەوە قورئانیەکان.

داخستن