وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئاسامی * - پێڕستی وه‌رگێڕاوه‌كان

PDF XML CSV Excel API
Please review the Terms and Policies

وه‌رگێڕانی ماناكان سوره‌تی: سورەتی فصلت   ئایه‌تی:

ছুৰা ফুচ্ছিলাত

حٰمٓ ۟ۚ
হা-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
تەفسیرە عەرەبیەکان:
تَنْزِیْلٌ مِّنَ الرَّحْمٰنِ الرَّحِیْمِ ۟ۚ
(এই গ্ৰন্থখন) পৰম কৰুণাময় পৰম দয়ালু সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।
تەفسیرە عەرەبیەکان:
كِتٰبٌ فُصِّلَتْ اٰیٰتُهٗ قُرْاٰنًا عَرَبِیًّا لِّقَوْمٍ یَّعْلَمُوْنَ ۟ۙ
এনেকুৱা এখন কিতাব, যাৰ আয়াতসমূহ জ্ঞানী সম্প্ৰদায়ৰ বাবে বিশদভাৱে বৰ্ণনা কৰা হৈছে, কোৰআনৰূপে আৰবী ভাষাত,
تەفسیرە عەرەبیەکان:
بَشِیْرًا وَّنَذِیْرًا ۚ— فَاَعْرَضَ اَكْثَرُهُمْ فَهُمْ لَا یَسْمَعُوْنَ ۟
সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে। তথাপিও সিহঁতৰ সৰহভাগেই মুখ ঘূৰাই লৈছে। গতিকে সিহঁতে নুশুনিব।
تەفسیرە عەرەبیەکان:
وَقَالُوْا قُلُوْبُنَا فِیْۤ اَكِنَّةٍ مِّمَّا تَدْعُوْنَاۤ اِلَیْهِ وَفِیْۤ اٰذَانِنَا وَقْرٌ وَّمِنْ بَیْنِنَا وَبَیْنِكَ حِجَابٌ فَاعْمَلْ اِنَّنَا عٰمِلُوْنَ ۟
আৰু সিহঁতে কয়, ‘তুমি আমাক যাৰ প্ৰতি আহ্বান কৰি আছা, সেই বিষয়ে আমাৰ অন্তৰত আৱৰণ পৰিছে, আৰু আমাৰ কাণত আছে বধিৰতা, লগতে আমাৰ আৰু তোমালোকৰ মাজত আছে পৰ্দা; সেয়ে তুমি তোমাৰ কাম কৰা, নিশ্চয় আমি আমাৰ কাম কৰিম’।
تەفسیرە عەرەبیەکان:
قُلْ اِنَّمَاۤ اَنَا بَشَرٌ مِّثْلُكُمْ یُوْحٰۤی اِلَیَّ اَنَّمَاۤ اِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ فَاسْتَقِیْمُوْۤا اِلَیْهِ وَاسْتَغْفِرُوْهُ ؕ— وَوَیْلٌ لِّلْمُشْرِكِیْنَ ۟ۙ
কোৱা, ‘মই কেৱল তোমালোকৰ দৰেই এজন মানুহ, মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ হৈছে কেৱল এজন ইলাহ। এতেকে তোমালোকে তেওঁৰ প্ৰতি দৃঢ়তা অৱলম্বন কৰা আৰু তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা’। লগতে দুৰ্ভোগ হৈছে মুশ্বৰিকসকলৰ বাবে,
تەفسیرە عەرەبیەکان:
الَّذِیْنَ لَا یُؤْتُوْنَ الزَّكٰوةَ وَهُمْ بِالْاٰخِرَةِ هُمْ كٰفِرُوْنَ ۟
যিসকলে যাকাত প্ৰদান নকৰে, আৰু সিহঁতেই হৈছে আখিৰাত অস্বীকাৰকাৰী।
تەفسیرە عەرەبیەکان:
اِنَّ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ اَجْرٌ غَیْرُ مَمْنُوْنٍ ۟۠
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।
تەفسیرە عەرەبیەکان:
قُلْ اَىِٕنَّكُمْ لَتَكْفُرُوْنَ بِالَّذِیْ خَلَقَ الْاَرْضَ فِیْ یَوْمَیْنِ وَتَجْعَلُوْنَ لَهٗۤ اَنْدَادًا ؕ— ذٰلِكَ رَبُّ الْعٰلَمِیْنَ ۟ۚ
কোৱা, ‘তোমালোকে তেওঁৰ লগত কুফৰী কৰা নেকি, যিজনে দুদিনত পৃথিৱী সৃষ্টি কৰিছে? আৰু তোমালোকে তেওঁৰ সমকক্ষ স্থিৰ কৰানে’? তেওঁ হৈছে বিশ্বজগতৰ প্ৰতিপালক!
تەفسیرە عەرەبیەکان:
وَجَعَلَ فِیْهَا رَوَاسِیَ مِنْ فَوْقِهَا وَبٰرَكَ فِیْهَا وَقَدَّرَ فِیْهَاۤ اَقْوَاتَهَا فِیْۤ اَرْبَعَةِ اَیَّامٍ ؕ— سَوَآءً لِّلسَّآىِٕلِیْنَ ۟
আৰু তেৱেঁই ভূপৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে আৰু তাত বৰকত দিছে আৰু চাৰি দিনৰ মাজত ইয়াত খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে সমানভাৱে সকলো অনুসন্ধানকাৰীৰ বাবে।
تەفسیرە عەرەبیەکان:
ثُمَّ اسْتَوٰۤی اِلَی السَّمَآءِ وَهِیَ دُخَانٌ فَقَالَ لَهَا وَلِلْاَرْضِ ائْتِیَا طَوْعًا اَوْ كَرْهًا ؕ— قَالَتَاۤ اَتَیْنَا طَآىِٕعِیْنَ ۟
তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিৱেশ কৰিলে, যিটো (আগতে) আছিল ধূম্ৰপুঞ্জবিশেষ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোক উভয়ে আহা ইচ্ছাতেই হওক বা অনিচ্ছাতেই হওক’। সিহঁত উভয়ে ক’লে, ‘আমি অনুগত হৈ আহিলোঁ’।
تەفسیرە عەرەبیەکان:
فَقَضٰىهُنَّ سَبْعَ سَمٰوَاتٍ فِیْ یَوْمَیْنِ وَاَوْحٰی فِیْ كُلِّ سَمَآءٍ اَمْرَهَا وَزَیَّنَّا السَّمَآءَ الدُّنْیَا بِمَصَابِیْحَ ۖۗ— وَحِفْظًا ؕ— ذٰلِكَ تَقْدِیْرُ الْعَزِیْزِ الْعَلِیْمِ ۟
এইদৰে তেওঁ দুদিনত আকাশসমূহক সাত আকাশত পৰিণত কৰিলে আৰু প্ৰত্যেক আকাশত তেওঁৰ নিৰ্দেশ অহী যোগে প্ৰেৰণ কৰিলে; আৰু আমি নিকটৱৰ্তী আকাশখনক প্ৰদীপমালাৰ দ্বাৰা সুশোভিত আৰু সুৰক্ষিত কৰিলোঁ। এইবোৰ হৈছে মহাপৰাক্ৰমশালী, সৰ্বজ্ঞৰ ব্যৱস্থাপনা।
تەفسیرە عەرەبیەکان:
فَاِنْ اَعْرَضُوْا فَقُلْ اَنْذَرْتُكُمْ صٰعِقَةً مِّثْلَ صٰعِقَةِ عَادٍ وَّثَمُوْدَ ۟ؕ
তথাপিও যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে (সিহঁতক) কোৱা, ‘মই তোমালোকক কেৱল এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছোঁ, যেনেকুৱা শাস্তিৰ সন্মুখীন হৈছিল আদ আৰু ছামূদ সম্প্ৰদায়’।
تەفسیرە عەرەبیەکان:
اِذْ جَآءَتْهُمُ الرُّسُلُ مِنْ بَیْنِ اَیْدِیْهِمْ وَمِنْ خَلْفِهِمْ اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ— قَالُوْا لَوْ شَآءَ رَبُّنَا لَاَنْزَلَ مَلٰٓىِٕكَةً فَاِنَّا بِمَاۤ اُرْسِلْتُمْ بِهٖ كٰفِرُوْنَ ۟
যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। (তেতিয়া) সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰোঁ’।
تەفسیرە عەرەبیەکان:
فَاَمَّا عَادٌ فَاسْتَكْبَرُوْا فِی الْاَرْضِ بِغَیْرِ الْحَقِّ وَقَالُوْا مَنْ اَشَدُّ مِنَّا قُوَّةً ؕ— اَوَلَمْ یَرَوْا اَنَّ اللّٰهَ الَّذِیْ خَلَقَهُمْ هُوَ اَشَدُّ مِنْهُمْ قُوَّةً ؕ— وَكَانُوْا بِاٰیٰتِنَا یَجْحَدُوْنَ ۟
আনহাতে আদ সম্প্ৰদায়ৰ বিষয়টো হৈছে এনেকুৱা যে, সিহঁতে পৃথিৱীত অযথা অহংকাৰ কৰিছিল আৰু কৈছিল, ‘আমাতকৈ অধিক শক্তিশালী আৰু কোন আছে’? এতেকে সিহঁতে লক্ষ্য কৰা নাই নেকি যে, নিশ্চয় আল্লাহ, যিজনে সিহঁতক সৃষ্টি কৰিছে, তেওঁ সিহঁততকৈও শক্তিশালী? আৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল।
تەفسیرە عەرەبیەکان:
فَاَرْسَلْنَا عَلَیْهِمْ رِیْحًا صَرْصَرًا فِیْۤ اَیَّامٍ نَّحِسَاتٍ لِّنُذِیْقَهُمْ عَذَابَ الْخِزْیِ فِی الْحَیٰوةِ الدُّنْیَا ؕ— وَلَعَذَابُ الْاٰخِرَةِ اَخْزٰی وَهُمْ لَا یُنْصَرُوْنَ ۟
তাৰ পিছত আমি সিহঁতৰ ওপৰত অশুভ দিনবোৰত ধুমুহা প্ৰেৰণ কৰিলোঁ; যাতে আমি সিহঁতক পাৰ্থিৱ জীৱনতেই লাঞ্ছনাদায়ক শাস্তিৰ সোৱাদ লোৱাব পাৰোঁ; আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক আৰু সিহঁতক সহায়ো কৰা নহ’ব।
تەفسیرە عەرەبیەکان:
وَاَمَّا ثَمُوْدُ فَهَدَیْنٰهُمْ فَاسْتَحَبُّوا الْعَمٰی عَلَی الْهُدٰی فَاَخَذَتْهُمْ صٰعِقَةُ الْعَذَابِ الْهُوْنِ بِمَا كَانُوْا یَكْسِبُوْنَ ۟ۚ
আৰু ছামূদ সম্প্ৰদায়ৰ বিষয়টো আছিল এনেকুৱা যে, আমি সিহঁতক পথনিৰ্দেশ দিছিলোঁ, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত সিহঁতৰ কৃতকৰ্মৰ পৰিণাম হিচাপে লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিছিল।
تەفسیرە عەرەبیەکان:
وَنَجَّیْنَا الَّذِیْنَ اٰمَنُوْا وَكَانُوْا یَتَّقُوْنَ ۟۠
আৰু যিসকলে ঈমান আনিছিল আৰু তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক ৰক্ষা কৰিছিলোঁ।
تەفسیرە عەرەبیەکان:
وَیَوْمَ یُحْشَرُ اَعْدَآءُ اللّٰهِ اِلَی النَّارِ فَهُمْ یُوْزَعُوْنَ ۟
আৰু (স্মৰণ কৰা) যিদিনা আল্লাহৰ শত্ৰুবিলাকক অগ্নিৰ ফালে সমবেত কৰা হ’ব, সেইদিনা সিহঁতক বিন্যস্ত কৰা হ’ব বিভিন্ন দলত।
تەفسیرە عەرەبیەکان:
حَتّٰۤی اِذَا مَا جَآءُوْهَا شَهِدَ عَلَیْهِمْ سَمْعُهُمْ وَاَبْصَارُهُمْ وَجُلُوْدُهُمْ بِمَا كَانُوْا یَعْمَلُوْنَ ۟
অৱশেষত সিহঁতে যেতিয়া জাহান্নামৰ একেবাৰে সন্নিকটত গৈ উপস্থিত হ’ব, তেতিয়া সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু ছালেও সিহঁতৰ বিৰুদ্ধে সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সাক্ষ্য দিব।
تەفسیرە عەرەبیەکان:
وَقَالُوْا لِجُلُوْدِهِمْ لِمَ شَهِدْتُّمْ عَلَیْنَا ؕ— قَالُوْۤا اَنْطَقَنَا اللّٰهُ الَّذِیْۤ اَنْطَقَ كُلَّ شَیْءٍ وَّهُوَ خَلَقَكُمْ اَوَّلَ مَرَّةٍ وَّاِلَیْهِ تُرْجَعُوْنَ ۟
আৰু সিহঁতে (জাহান্নামীবিলাকে) সিহঁতৰ ছালবোৰক সুধিব, ‘কিয় তোমালোকে আমাৰ বিৰুদ্ধে সাক্ষ্য দিলা’? ছালবোৰে ক’ব, ‘আল্লাহেই আমাক বাকশক্তি দিছে, যি সত্ত্বাই সকলোকে বাকশক্তি দিছে’। তেৱেঁই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
تەفسیرە عەرەبیەکان:
وَمَا كُنْتُمْ تَسْتَتِرُوْنَ اَنْ یَّشْهَدَ عَلَیْكُمْ سَمْعُكُمْ وَلَاۤ اَبْصَارُكُمْ وَلَا جُلُوْدُكُمْ وَلٰكِنْ ظَنَنْتُمْ اَنَّ اللّٰهَ لَا یَعْلَمُ كَثِیْرًا مِّمَّا تَعْمَلُوْنَ ۟
তোমালোকৰ কাণ, চকু আৰু ছাল আদিয়ে তোমালোকৰ বিৰুদ্ধে সাক্ষ্য নিদিব বুলি তোমালোকে এইবোৰৰ পৰা একোৱেই গোপন কৰা নাছিলা, আনকি তোমালোকে ভাবিছিলা যে, তোমালোকে যি কৰা তাৰ সৰহভাগেই আল্লাহে নাজানে।
تەفسیرە عەرەبیەکان:
وَذٰلِكُمْ ظَنُّكُمُ الَّذِیْ ظَنَنْتُمْ بِرَبِّكُمْ اَرْدٰىكُمْ فَاَصْبَحْتُمْ مِّنَ الْخٰسِرِیْنَ ۟
তোমালোকৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই ধাৰণাই তোমালোকক ধ্বংস কৰিছে। ফলত তোমালোক হৈছা ক্ষতিগ্ৰস্তবিলাকৰ অন্তৰ্ভুক্ত।
تەفسیرە عەرەبیەکان:
فَاِنْ یَّصْبِرُوْا فَالنَّارُ مَثْوًی لَّهُمْ ؕ— وَاِنْ یَّسْتَعْتِبُوْا فَمَا هُمْ مِّنَ الْمُعْتَبِیْنَ ۟
এতিয়া যদি সিহঁতে ধৈৰ্য্য ধাৰণ কৰে তথাপিও অগ্নিয়েই হ’ব সিহঁতৰ আবাস; আৰু যদি সিহঁতে সন্তুষ্টি বিধান কৰিব বিচাৰে তথাপিও সিহঁতে সন্তুষ্টি প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত নহ’ব।
تەفسیرە عەرەبیەکان:
وَقَیَّضْنَا لَهُمْ قُرَنَآءَ فَزَیَّنُوْا لَهُمْ مَّا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ وَحَقَّ عَلَیْهِمُ الْقَوْلُ فِیْۤ اُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِهِمْ مِّنَ الْجِنِّ وَالْاِنْسِ ۚ— اِنَّهُمْ كَانُوْا خٰسِرِیْنَ ۟۠
আৰু আমি সিহঁতৰ বাবে বেয়া স্বভাৱৰ সহচৰবৃন্দ নিৰ্ধাৰণ কৰি দিছিলোঁ, যিসকলে সিহঁতৰ ভৱিষ্যৎ আৰু অতীতক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দেখুৱাইছিল। সেয়ে সিহঁতৰ ওপৰত শাস্তিৰ বাণী সাব্যস্ত হৈছে, সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা জিন আৰু মানৱ জাতিৰ দৰে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত।
تەفسیرە عەرەبیەکان:
وَقَالَ الَّذِیْنَ كَفَرُوْا لَا تَسْمَعُوْا لِهٰذَا الْقُرْاٰنِ وَالْغَوْا فِیْهِ لَعَلَّكُمْ تَغْلِبُوْنَ ۟
আৰু কাফিৰবিলাকে কয়, ‘তোমালোকে এই কোৰআনৰ নিৰ্দেশ নুশুনিবা আৰু এইখন তিলাৱত কৰাৰ সময়ত তোমালোকে হৈ চৈ সৃষ্টি কৰিবা, যাতে তোমালোকে জয়ী হ’ব পাৰা’।
تەفسیرە عەرەبیەکان:
فَلَنُذِیْقَنَّ الَّذِیْنَ كَفَرُوْا عَذَابًا شَدِیْدًا وَّلَنَجْزِیَنَّهُمْ اَسْوَاَ الَّذِیْ كَانُوْا یَعْمَلُوْنَ ۟
গতিকে নিশ্চয় আমি কাফিৰসকলক কঠিন শাস্তি আস্বাদন কৰাম আৰু অৱশ্যে আমি সিহঁতক সিহঁতৰ নিকৃষ্ট কাৰ্যকলাপৰ প্ৰতিফল দিম।
تەفسیرە عەرەبیەکان:
ذٰلِكَ جَزَآءُ اَعْدَآءِ اللّٰهِ النَّارُ ۚ— لَهُمْ فِیْهَا دَارُ الْخُلْدِ ؕ— جَزَآءً بِمَا كَانُوْا بِاٰیٰتِنَا یَجْحَدُوْنَ ۟
এই হৈছে আল্লাহৰ শত্ৰুবিলাকৰ প্ৰতিদান, জাহান্নাম। আমাৰ নিদৰ্শনাৱলীৰ প্ৰতি সিহঁতৰ অস্বীকৃতিৰ প্ৰতিফল হিচাপে সিহঁতৰ বাবে তাত আছে স্থায়ী আবাস।
تەفسیرە عەرەبیەکان:
وَقَالَ الَّذِیْنَ كَفَرُوْا رَبَّنَاۤ اَرِنَا الَّذَیْنِ اَضَلّٰنَا مِنَ الْجِنِّ وَالْاِنْسِ نَجْعَلْهُمَا تَحْتَ اَقْدَامِنَا لِیَكُوْنَا مِنَ الْاَسْفَلِیْنَ ۟
আৰু কাফিৰসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! জিন আৰু মানুহৰ মাজৰ পৰা যি দুজনে আমাক পথভ্ৰষ্ট কৰিছিল সিহঁতক দেখুৱাই দিয়া, আমি সিহঁত উভয়কে ভৰিৰ তলত ৰাখিম, যাতে সিহঁত নিকৃষ্টবিলাকৰ অন্তৰ্ভুক্ত হয়’।
تەفسیرە عەرەبیەکان:
اِنَّ الَّذِیْنَ قَالُوْا رَبُّنَا اللّٰهُ ثُمَّ اسْتَقَامُوْا تَتَنَزَّلُ عَلَیْهِمُ الْمَلٰٓىِٕكَةُ اَلَّا تَخَافُوْا وَلَا تَحْزَنُوْا وَاَبْشِرُوْا بِالْجَنَّةِ الَّتِیْ كُنْتُمْ تُوْعَدُوْنَ ۟
নিশ্চয় যিসকলে কয়, ‘আমাৰ প্ৰতিপালক হৈছে আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰলৈ ফিৰিস্তা অৱতীৰ্ণ হৈ এই কথা কয় যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।
تەفسیرە عەرەبیەکان:
نَحْنُ اَوْلِیٰٓؤُكُمْ فِی الْحَیٰوةِ الدُّنْیَا وَفِی الْاٰخِرَةِ ۚ— وَلَكُمْ فِیْهَا مَا تَشْتَهِیْۤ اَنْفُسُكُمْ وَلَكُمْ فِیْهَا مَا تَدَّعُوْنَ ۟ؕ
‘আমিয়েই তোমালোকৰ বন্ধু পাৰ্থিৱ জীৱনতো আৰু আখিৰাততো। আৰু তাত তোমালোকৰ বাবে প্ৰত্যেক সেইটো বস্তু থাকিব যিটো তোমালোকৰ মনে বিচাৰিব, লগতে তোমালোকে তাত যিটো দাবী কৰিবা সেইটোৱেই থাকিব’।
تەفسیرە عەرەبیەکان:
نُزُلًا مِّنْ غَفُوْرٍ رَّحِیْمٍ ۟۠
অত্যন্ত ক্ষমাশীল, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা এইটো হ’ব আতিথ্য।
تەفسیرە عەرەبیەکان:
وَمَنْ اَحْسَنُ قَوْلًا مِّمَّنْ دَعَاۤ اِلَی اللّٰهِ وَعَمِلَ صَالِحًا وَّقَالَ اِنَّنِیْ مِنَ الْمُسْلِمِیْنَ ۟
সেইজনতকৈ আৰুনো কাৰ কথা উত্তম হ’ব পাৰে, যিয়ে আল্লাহৰ ফালে আহ্বান কৰে, লগতে সৎকৰ্ম কৰে? আৰু কয়, ‘নিশ্চয় মই মুছলিমসকলৰ অন্তৰ্ভুক্ত’।
تەفسیرە عەرەبیەکان:
وَلَا تَسْتَوِی الْحَسَنَةُ وَلَا السَّیِّئَةُ ؕ— اِدْفَعْ بِالَّتِیْ هِیَ اَحْسَنُ فَاِذَا الَّذِیْ بَیْنَكَ وَبَیْنَهٗ عَدَاوَةٌ كَاَنَّهٗ وَلِیٌّ حَمِیْمٌ ۟
ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।
تەفسیرە عەرەبیەکان:
وَمَا یُلَقّٰىهَاۤ اِلَّا الَّذِیْنَ صَبَرُوْا ۚ— وَمَا یُلَقّٰىهَاۤ اِلَّا ذُوْ حَظٍّ عَظِیْمٍ ۟
এই চৰিত্ৰৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল ধৈৰ্য্যশীল। লগতে ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হয় যিসকল মহাভাগ্যৱান।
تەفسیرە عەرەبیەکان:
وَاِمَّا یَنْزَغَنَّكَ مِنَ الشَّیْطٰنِ نَزْغٌ فَاسْتَعِذْ بِاللّٰهِ ؕ— اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟
আৰু যদি চয়তানৰ তৰফৰ পৰা কোনো কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে তুমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
تەفسیرە عەرەبیەکان:
وَمِنْ اٰیٰتِهِ الَّیْلُ وَالنَّهَارُ وَالشَّمْسُ وَالْقَمَرُ ؕ— لَا تَسْجُدُوْا لِلشَّمْسِ وَلَا لِلْقَمَرِ وَاسْجُدُوْا لِلّٰهِ الَّذِیْ خَلَقَهُنَّ اِنْ كُنْتُمْ اِیَّاهُ تَعْبُدُوْنَ ۟
আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ। তোমালোকে সূৰ্যক ছাজদাহ নকৰিবা, আৰু চন্দ্ৰকো নহয়; ছাজদাহ কৰিবা কেৱল আল্লাহক, যিজনে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।
تەفسیرە عەرەبیەکان:
فَاِنِ اسْتَكْبَرُوْا فَالَّذِیْنَ عِنْدَ رَبِّكَ یُسَبِّحُوْنَ لَهٗ بِالَّیْلِ وَالنَّهَارِ وَهُمْ لَا یَسْـَٔمُوْنَ ۟
তথাপিও যদি সিহঁতে অহংকাৰ কৰে, তেন্তে (জানি থোৱা) যিসকল তোমাৰ প্ৰতিপালকৰ ওচৰত আছে, তেওঁলোকে দিনে ৰাতি তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে ক্লান্তিবোধো নকৰে। (ছাজদাহ)
تەفسیرە عەرەبیەکان:
وَمِنْ اٰیٰتِهٖۤ اَنَّكَ تَرَی الْاَرْضَ خَاشِعَةً فَاِذَاۤ اَنْزَلْنَا عَلَیْهَا الْمَآءَ اهْتَزَّتْ وَرَبَتْ ؕ— اِنَّ الَّذِیْۤ اَحْیَاهَا لَمُحْیِ الْمَوْتٰی ؕ— اِنَّهٗ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
তেওঁৰ আন এটা নিদৰ্শন এই যে, তুমি ভূমিক শুকান দেখিবলৈ পোৱা, তাৰ পিছত যেতিয়া আমি তাত পানী বৰ্ষণ কৰোঁ তেতিয়া সেয়া উজ্জীৱিত আৰু স্ফীত হয়। নিশ্চয় যিজনে ভূমিক জীৱিত কৰে তেৱেঁই মৃতসকলক জীৱন কৰিব। নিশ্চয় তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
تەفسیرە عەرەبیەکان:
اِنَّ الَّذِیْنَ یُلْحِدُوْنَ فِیْۤ اٰیٰتِنَا لَا یَخْفَوْنَ عَلَیْنَا ؕ— اَفَمَنْ یُّلْقٰی فِی النَّارِ خَیْرٌ اَمْ مَّنْ یَّاْتِیْۤ اٰمِنًا یَّوْمَ الْقِیٰمَةِ ؕ— اِعْمَلُوْا مَا شِئْتُمْ ۙ— اِنَّهٗ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক বিকৃত কৰে, সিহঁত আমাৰ পৰা উহ্য নহয়। (কোৱাচোন) ‘যিজন অগ্নিত নিক্ষিপ্ত হ’ব সি শ্ৰেষ্ঠ, নে যিজন কিয়ামতৰ দিনা নিৰাপদে উপস্থিত হ’ব তেওঁ শ্ৰেষ্ঠ’? তোমালোকে যি ইচ্ছা আমল কৰা। তোমালোকে যি আমলকে নকৰা কিয়, নিশ্চয় তেওঁ তাৰ সম্যক দ্ৰষ্টা।
تەفسیرە عەرەبیەکان:
اِنَّ الَّذِیْنَ كَفَرُوْا بِالذِّكْرِ لَمَّا جَآءَهُمْ ۚ— وَاِنَّهٗ لَكِتٰبٌ عَزِیْزٌ ۟ۙ
নিশ্চয় যিসকলে উপদেশ (কোৰআন) অহাৰ পিছতো সেয়া অস্বীকাৰ কৰে (সিহঁতক অৱশ্যে কঠিন শাস্তি দিয়া হ’ব)। নিশ্চয় এয়া হৈছে এখন সন্মানিত গ্ৰন্থ,
تەفسیرە عەرەبیەکان:
لَّا یَاْتِیْهِ الْبَاطِلُ مِنْ بَیْنِ یَدَیْهِ وَلَا مِنْ خَلْفِهٖ ؕ— تَنْزِیْلٌ مِّنْ حَكِیْمٍ حَمِیْدٍ ۟
বাতিল কেতিয়াও ইয়াত অনুপ্ৰৱেশ কৰিব নোৱাৰে, সন্মুখৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। এইটো প্ৰজ্ঞাময়, চিৰপ্ৰশংসিত সত্ত্বাৰ তৰফৰ পৰা অৱতীৰ্ণ।
تەفسیرە عەرەبیەکان:
مَا یُقَالُ لَكَ اِلَّا مَا قَدْ قِیْلَ لِلرُّسُلِ مِنْ قَبْلِكَ ؕ— اِنَّ رَبَّكَ لَذُوْ مَغْفِرَةٍ وَّذُوْ عِقَابٍ اَلِیْمٍ ۟
তোমাক কেৱল সেইটোৱেই কোৱা হয়, যিটো কোৱা হৈছিল তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক। নিশ্চয় তোমাৰ প্ৰতিপালক একান্ত ক্ষমাশীল আৰু অতি যন্ত্ৰণাদায়ক শাস্তি প্ৰদানকাৰী।
تەفسیرە عەرەبیەکان:
وَلَوْ جَعَلْنٰهُ قُرْاٰنًا اَعْجَمِیًّا لَّقَالُوْا لَوْلَا فُصِّلَتْ اٰیٰتُهٗ ؕ— ءَاَؔعْجَمِیٌّ وَّعَرَبِیٌّ ؕ— قُلْ هُوَ لِلَّذِیْنَ اٰمَنُوْا هُدًی وَّشِفَآءٌ ؕ— وَالَّذِیْنَ لَا یُؤْمِنُوْنَ فِیْۤ اٰذَانِهِمْ وَقْرٌ وَّهُوَ عَلَیْهِمْ عَمًی ؕ— اُولٰٓىِٕكَ یُنَادَوْنَ مِنْ مَّكَانٍ بَعِیْدٍ ۟۠
আৰু আমি যদি অনাৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে সিহঁতে নিশ্চয় ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইখন মুমিনসকলৰ বাবে হিদায়ত আৰু প্ৰতিকাৰ’। আনহাতে যিসকলে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।
تەفسیرە عەرەبیەکان:
وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ فَاخْتُلِفَ فِیْهِ ؕ— وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِنْ رَّبِّكَ لَقُضِیَ بَیْنَهُمْ وَاِنَّهُمْ لَفِیْ شَكٍّ مِّنْهُ مُرِیْبٍ ۟
নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ ঘটিছিল। যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা বাণী (সিদ্ধান্ত) পূৰ্বেই কৰি থোৱা নাথাকিলহেঁতেন তেন্তে সিহঁতৰ মাজত চূড়ান্ত মীমাংসা হৈ গ’লহেঁতেন। নিশ্চয় সিহঁত এই কোৰআন সম্পৰ্কে বিভ্ৰান্তিকৰ সন্দেহত পতিত হৈছিল।
تەفسیرە عەرەبیەکان:
مَنْ عَمِلَ صَالِحًا فَلِنَفْسِهٖ ۚ— وَمَنْ اَسَآءَ فَعَلَیْهَا ؕ— وَمَا رَبُّكَ بِظَلَّامٍ لِّلْعَبِیْدِ ۟
যিয়ে সৎকৰ্ম কৰে তেওঁ নিজৰ কল্যাণৰ বাবেই কৰে আৰু কোনোবাই অসৎকৰ্ম কৰিলে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। তোমাৰ প্ৰতিপালকে নিজ বান্দাসকলৰ প্ৰতি কদাপিও অন্যায় নকৰে।
تەفسیرە عەرەبیەکان:
اِلَیْهِ یُرَدُّ عِلْمُ السَّاعَةِ ؕ— وَمَا تَخْرُجُ مِنْ ثَمَرٰتٍ مِّنْ اَكْمَامِهَا وَمَا تَحْمِلُ مِنْ اُ وَلَا تَضَعُ اِلَّا بِعِلْمِهٖ ؕ— وَیَوْمَ یُنَادِیْهِمْ اَیْنَ شُرَكَآءِیْ ۙ— قَالُوْۤا اٰذَنّٰكَ ۙ— مَا مِنَّا مِنْ شَهِیْدٍ ۟ۚ
কিয়ামতৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। তেওঁৰ অজ্ঞতাসাৰত কোনো ফলো আৱৰণৰ পৰা ওলাই নাহে, কোনো নাৰীও গৰ্ভ ধাৰণ নকৰে আৰু সন্তানো প্ৰসৱ নকৰে। যিদিনা আল্লাহে সিহঁতক মাতি ক’ব, ‘মোৰ অংশীদাৰসকল ক’ত’? তেতিয়া সিহঁতে ক’ব, ‘আমি তোমাৰ ওচৰত নিবেদন কৰোঁ যে, এই বিষয়ে আমাৰ মাজত কোনো সাক্ষী নাই’।
تەفسیرە عەرەبیەکان:
وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَدْعُوْنَ مِنْ قَبْلُ وَظَنُّوْا مَا لَهُمْ مِّنْ مَّحِیْصٍ ۟
আৰু ইতিপূৰ্বে সিহঁতে যিবিলাক (উপাস্য)ক আহ্বান কৰিছিল সেইবোৰ সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব, তেতিয়া সিহঁতে (মুশ্বৰিকসকলে) বিশ্বাস কৰিব যে, সিহঁতৰ পলায়নৰ কোনো উপায় নাই।
تەفسیرە عەرەبیەکان:
لَا یَسْـَٔمُ الْاِنْسَانُ مِنْ دُعَآءِ الْخَیْرِ ؗ— وَاِنْ مَّسَّهُ الشَّرُّ فَیَـُٔوْسٌ قَنُوْطٌ ۟
মানুহে কল্যাণ প্ৰাৰ্থনাত কোনো ক্লান্তিবোধ নকৰে, কিন্তু যেতিয়া তাক কোনো অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি সম্পূৰ্ণৰূপে হতাশ তথা নিৰাশ হৈ পৰে;
تەفسیرە عەرەبیەکان:
وَلَىِٕنْ اَذَقْنٰهُ رَحْمَةً مِّنَّا مِنْ بَعْدِ ضَرَّآءَ مَسَّتْهُ لَیَقُوْلَنَّ هٰذَا لِیْ ۙ— وَمَاۤ اَظُنُّ السَّاعَةَ قَآىِٕمَةً ۙ— وَّلَىِٕنْ رُّجِعْتُ اِلٰی رَبِّیْۤ اِنَّ لِیْ عِنْدَهٗ لَلْحُسْنٰی ۚ— فَلَنُنَبِّئَنَّ الَّذِیْنَ كَفَرُوْا بِمَا عَمِلُوْا ؗ— وَلَنُذِیْقَنَّهُمْ مِّنْ عَذَابٍ غَلِیْظٍ ۟
আকৌ দুখ-দৈন্যই স্পৰ্শ কৰাৰ পিছত যদি আমি তাক আমাৰ তৰফৰ পৰা অনুগ্ৰহৰ সোৱাদ ল’বলৈ দিওঁ, তেতিয়া সি কয়, ‘এয়া হৈছে মোৰ প্ৰাপ্য আৰু মোৰ বিশ্বাস নহয় যে কিয়ামত সংঘটিত হ’ব। আনহাতে যদি মোক মোৰ প্ৰতিপালকৰ ওচৰলৈ ওভতাই নিয়াও হয়, তথাপিও তেওঁৰ ওচৰত মোৰ বাবে কল্যাণেই থাকিব’। এতেকে নিশ্চয় আমি কাফিৰসকলক সিহঁতৰ আমল সম্পৰ্কে অৱহিত কৰিম আৰু সিহঁতক অৱশ্যে কঠোৰ শাস্তি আস্বাদন কৰাম।
تەفسیرە عەرەبیەکان:
وَاِذَاۤ اَنْعَمْنَا عَلَی الْاِنْسَانِ اَعْرَضَ وَنَاٰ بِجَانِبِهٖ ۚ— وَاِذَا مَسَّهُ الشَّرُّ فَذُوْ دُعَآءٍ عَرِیْضٍ ۟
আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু দূৰলৈ আঁতৰি যায়। কিন্তু যেতিয়া তাক অকল্যাণে স্পৰ্শ কৰে তেতিয়া সি দীৰ্ঘ প্ৰাৰ্থনাকাৰী হয়।
تەفسیرە عەرەبیەکان:
قُلْ اَرَءَیْتُمْ اِنْ كَانَ مِنْ عِنْدِ اللّٰهِ ثُمَّ كَفَرْتُمْ بِهٖ مَنْ اَضَلُّ مِمَّنْ هُوَ فِیْ شِقَاقٍ بَعِیْدٍ ۟
কোৱা, ‘তোমালোকে কেতিয়াবা ভাবিছানে, যদি এই কোৰআনখন আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হৈ থাকে, তথাপিও তোমালোকে ইয়াক প্ৰত্যাখ্যান কৰিছা, তেনে অৱস্থাত যিজন ব্যক্তি ঘোৰ বিৰুদ্ধাচৰণত লিপ্ত হৈ আছে, তাতকৈ অধিক বিভ্ৰান্ত আৰু কোন হ’ব পাৰে’?
تەفسیرە عەرەبیەکان:
سَنُرِیْهِمْ اٰیٰتِنَا فِی الْاٰفَاقِ وَفِیْۤ اَنْفُسِهِمْ حَتّٰی یَتَبَیَّنَ لَهُمْ اَنَّهُ الْحَقُّ ؕ— اَوَلَمْ یَكْفِ بِرَبِّكَ اَنَّهٗ عَلٰی كُلِّ شَیْءٍ شَهِیْدٌ ۟
অনতিপলমে আমি সিহঁতক আমাৰ নিদৰ্শনাৱলী দেখুৱাম, বিশ্বজগতৰ প্ৰান্তসমূহত আৰু সিহঁতৰ নিজৰ মাজতো; যাতে সিহঁতৰ ওচৰত সুস্পষ্ট হৈ উঠে যে, নিশ্চয় এইখন (কোৰআন) সত্য। এইখন তোমাৰ প্ৰতিপালক সম্পৰ্কে যথেষ্ট নহয়নে যে, তেওঁ সকলো বস্তুৰ ওপৰত সাক্ষী?
تەفسیرە عەرەبیەکان:
اَلَاۤ اِنَّهُمْ فِیْ مِرْیَةٍ مِّنْ لِّقَآءِ رَبِّهِمْ ؕ— اَلَاۤ اِنَّهٗ بِكُلِّ شَیْءٍ مُّحِیْطٌ ۟۠
জানি থোৱা! নিশ্চয় সিহঁত নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পৰি আছে। জানি থোৱা যে, নিশ্চয় তেওঁ (আল্লাহ) সকলো বস্তুকেই পৰিবেষ্টন কৰি আছে।
تەفسیرە عەرەبیەکان:
 
وه‌رگێڕانی ماناكان سوره‌تی: سورەتی فصلت
پێڕستی سوره‌ته‌كان ژمارەی پەڕە
 
وه‌رگێڕانی ماناكانی قورئانی پیرۆز - وەرگێڕاوی ئاسامی - پێڕستی وه‌رگێڕاوه‌كان

وەرگێڕاوی ماناکانی قورئانی پیرۆز بۆ زمانی ئەسامی، وەرگێڕان: شێخ رفيق الإسلام حبيب الرحمن، ساڵی وەرگێڕان 1438ك.

داخستن